• Home
  • »
  • News
  • »
  • assam
  • »
  • যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ নিৰ্মীয়মান চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত বৃহৎ কেলেংকাৰীৰ অভিযোগ

যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ নিৰ্মীয়মান চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত বৃহৎ কেলেংকাৰীৰ অভিযোগ

সোণৰ কণী পৰা হাঁহলৈ পৰিণত হোৱা উজনি অসমৰ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাক যেন নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি আহিছে NSIDCL কৰ্তৃপক্ষ আৰু একাংশ ঠিকাদাৰী প্ৰতিষ্ঠানে।

সোণৰ কণী পৰা হাঁহলৈ পৰিণত হোৱা উজনি অসমৰ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাক যেন নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি আহিছে NSIDCL কৰ্তৃপক্ষ আৰু একাংশ ঠিকাদাৰী প্ৰতিষ্ঠানে।

সোণৰ কণী পৰা হাঁহলৈ পৰিণত হোৱা উজনি অসমৰ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাক যেন নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি আহিছে NSIDCL কৰ্তৃপক্ষ আৰু একাংশ ঠিকাদাৰী প্ৰতিষ্ঠানে।

  • Share this:
সমগ্ৰ অসমৰ ভিতৰতে কদৰ্য ৰূপ ধাৰণ কৰা উজনি অসমৰ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ কথা বৰ্তমান অধিকাংশ লোকেই জানে। NHIDCL কৰ্তৃপক্ষৰ হেমাহি তথা একাংশ ঠিকাদাৰৰ মইমতালিৰ ফলত উজনি অসমৰ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ অৱস্থাই জীয়াতু ভোগাই আহিছে জনসাধাৰণক। জিডিচিএল নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোক কামৰ পৰা অপসাৰন কৰাৰ পিছতে প্ৰতিষ্ঠানটোৰ বিষয়া-কৰ্মচাৰীসকল অন্তৰ্ধান হৈ পৰে। আৰু ইয়াৰ পিছৰে পৰা হাহাকাৰ লাগিছে উজনি অসমৰ বহু স্থানীয় ঠিকাদাৰ আৰু ব্যৱসায়ীৰ মাজত। মঙলবাৰে যোৰহাট স্থিত NHIDCLৰ কাৰ্যালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

সোণৰ কণী পৰা হাঁহলৈ পৰিণত হোৱা উজনি অসমৰ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাক যেন নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি আহিছে NSIDCL কৰ্তৃপক্ষ আৰু একাংশ ঠিকাদাৰী প্ৰতিষ্ঠানে। মুখ্যমন্ত্ৰী, সাংসদ কাৰোলৈকে যেন কেৰেপ নকৰে উজনি অসমৰ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামত জড়িত NHIDCL কৰ্তৃপক্ষই। ইয়াৰ লগতে এই নিৰ্মাণৰ কাম লাভ কৰা ৰাজ্যৰ বাহিৰৰ একাংশ ঠিকাদাৰী প্ৰতিষ্ঠানৰ মইমতালি তথা অকৰ্মণ্যতাৰ ফলত মৰণফান্দত পৰিণত হৈছে যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে ৰাষ্ট্ৰীয় ঘাইপথছোৱা। এই কামত জড়িত একাংশ ঠিকাদাৰী প্ৰতিষ্ঠানে ইতিমধ্যে কাম আধাতে এৰি নিজৰ প্ৰাপ্য ধন আদায় কৰি অসমৰ এৰাৰ পিছত বৰ্তমান হাহাকাৰ লাগিছে স্থানীয় ঠিকাদাৰ তথা ব্যৱসায়ীসকলৰ মাজত। জিডিচিএলৰ দৰে বৃহৎ ঠিকাদাৰী প্ৰতিষ্ঠানৰ দ্বাৰা স্থানীয় বহু ঠিকাদাৰ, ব্যৱসায়ী বৃহৎ প্ৰৱঞ্চনাৰ বলি হোৱাৰ অভিযোগ উঠিছে। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ ঠিকা লাভ কৰা GDCLৰ দৰে বৃহৎ ঠিকাদাৰী প্ৰতিষ্ঠানসমূহৰ পৰা কোটি কোটি টকা লাভ কৰিবলৈ আছে স্থানীয় ঠিকাদাৰ তথা ব্যৱসায়ীসকলে। আনহাতে NHIDCL কৰ্তৃপক্ষই এই ঠিকাদাৰী প্ৰতিষ্ঠানক ইতিমধ্যে ৰিটেনশ্যনৰ ধনখিনিও পৰিশোধ কৰি দিয়াৰ অভিযোগ উঠিছে। বহুবাৰ যোগাযোগ কৰি সুফল নোপোৱাৰ ফলত উজনিৰ জাঁজীৰ পৰা ডিমৌলৈকে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ লগত জড়িত বহু ঠিকাদাৰে যোৰহাট স্থিত NHIDCLৰ কাৰ্যালয়ত মঙলবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰী প্ৰতিষ্ঠানসমূহৰ সৈতে NHIDCL কৰ্তৃপক্ষই গোপন বুজাবুজি কৰি বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ তুলিছে এইসকল স্থানীয় ঠিকাদাৰ আৰু ব্যৱসায়ীয়ে। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামত শিল, বালি, মাটিকে ধৰি বিভিন্ন সামগ্ৰী যোগান ধৰি অহা এই স্থানীয় ঠিকাদাৰ তথা ব্যৱসায়ীসকলক ১২ কোটি টকাতকৈয়ো অধিক ধন পৰিশোধ কৰিবলৈ আছে যদিও NHIDCLৰ একাংশ বিষয়া-কৰ্মচাৰীৰ সহযোগত বৃহৎ ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে কৌশলেৰে সমুদায় ধন উলিয়াই নিয়াৰ গুৰুতৰ অভিযোগ তুলিছে স্থানীয় ঠিকাদাৰ তথা ব্যৱসায়ীসকলে।

"NHIDCLৰ যোৰহাটৰ কাৰ্যালয়টোৰ পৰাই সমগ্ৰ কেলেংকাৰী সংঘটিত হৈছে। আমি জানিব পৰা মতে জিডিচিএল আৰু ভিএছডি নামৰ কোম্পানী দুটাক প্ৰতিখন বিল মোকলাই দিয়াৰ নামত এটা কমিছন লয়। NHIDCL কৰ্তৃপক্ষই এটা কোম্পানীক তিনিমাহ পূৰ্বে এশ শতাংশ ৰিটেনশ্যন মানি কেনেকৈ মোকলাই দিলে!", এগৰাকী ভুক্তভোগী স্থানীয় ঠিকাদাৰে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

আনহাতে, ঠিকা লাভ কৰা কোম্পানীটোৱে ৪৯ শতাংশতকৈ অধিক উপঠিকা দিব নোৱাৰে যদিও এই কামটোত ১০০ শতাংশ উপঠিকা কেনেকৈ দিয়া হৈছে বুলি প্ৰশ্ন তুলিছে একাংশ স্থানীয় ঠিকাদাৰে। আনহাতে এই সমস্ত অনিয়ম তথা কেলেংকাৰীৰ বাবে জগৰীয়া কৰা হৈছে যোৰহাটৰ NHIDCL কাৰ্যালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীক।

এই সমস্ত অনিয়ম তথা প্ৰৱঞ্চনাৰ বাবে ঠিকাদাৰী প্ৰতিষ্ঠানসমূহৰ লগতে NHIDCL কৰ্তৃপক্ষকো জগৰীয়া কৰি শীঘ্ৰে প্ৰাপ্য ধন প্ৰদান কৰিবলৈ মঙলবাৰে NHIDCL কৰ্তৃপক্ষক নিৰ্দিষ্ট সময়সীমা বান্ধি দিছে স্থানীয় ঠিকাদাৰ তথা ব্যৱসায়ীসকলে। অন্যথা NHIDCLৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিছে ঠিকাদাৰ তথা ব্যৱসায়ীসকলে।
Published by:Sanjay Kumar Das
First published: