• Home
  • »
  • News
  • »
  • assam
  • »
  • মৰিয়নীত চৰকাৰী আঁচনিৰ ধন পৰিয়ালৰ মাজতে ভগাই ল’লে বিজেপি নেতাই

মৰিয়নীত চৰকাৰী আঁচনিৰ ধন পৰিয়ালৰ মাজতে ভগাই ল’লে বিজেপি নেতাই

দুৰ্নীতিগ্ৰস্থ জনপ্ৰতিনিধিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষনীয় হ'ব।

দুৰ্নীতিগ্ৰস্থ জনপ্ৰতিনিধিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষনীয় হ'ব।

দুৰ্নীতিগ্ৰস্থ জনপ্ৰতিনিধিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষনীয় হ'ব।

  • Share this:
চৰকাৰে শিক্ষিত নিবনুৱাৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ সুবিধা বিজেপি নেতা–পালিনেতা আৰু অঙহী–বঙহীয়ে লাভ কৰাৰ তথ্য পোহৰলৈ আহিছে। মৰিয়নী সমষ্টিত চৰকাৰী আঁচনিৰ ধন যোগ্য হিতাধিকাৰীক প্ৰদান নকৰি জনপ্ৰতিনিধিয়ে নিজৰ পৰিয়ালৰ মাজতে ভগাই লোৱা কাৰ্যৰ বিৰুদ্ধে বিজেপি কৰ্মীৰ মাজতে বিষোদগাৰৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, মৰিয়নীৰ একাংশ বিজেপি–কৰ্মীয়ে চলিত বৰ্ষৰ ১৪ এপ্ৰিলত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসলৈ প্ৰেৰণ কৰা এখন পত্ৰ ফাদিল হোৱাত চৰকাৰী আঁচনি প্ৰদানৰ নামত বিজেপিৰ নেতা–কৰ্মীয়ে সংঘটিত কৰি অহা অবাধ দুৰ্নীতিৰ ছবিখন পোহৰলৈ আহে। ৰাজ্যিক সভাপতিগৰাকীলৈ প্ৰেৰণ কৰা পত্ৰখনত মৰিয়নীৰ বিজেপি নেতা তথা তিতাবৰ মহকুমা চাহ ও প্ৰাক্তন চাহ জনজাতি কল্যাণ বিভাগৰ অধ্যক্ষ দুলেন নায়ক, কঠালগুৰি গাঁও পঞ্চায়তৰ সভাপতি নৱকান্ত পুৰাণ আৰু আঞ্চলিক সদস্যা প্ৰতিভা ৰাওৰ বিৰুদ্ধে "শ্বহীদ  দয়াল দাস পাণিকা স্বনিয়োজন" আঁচনিৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰাৰ তথ্য সহকাৰে উল্লেখ কৰিছে।

বিজেপি ৱাৰ্ড সদস্য, বুথ সমিতি, ৰাইজ তথা শিক্ষিত নিবনুৱা যুৱক-যুৱতীকে ধৰি প্ৰায় দুই শতাধিক লোকে স্বাক্ষৰ কৰা পত্ৰখনত উল্লেখ কৰা মতে, ১৮ নং কঠালগুৰি গাঁও পঞ্চায়তত "শ্বহীদ দয়াল দাস পাণিকা স্বনিয়োজন" আঁচনিখন ৰূপায়নৰ নামত পঞ্চায়ত প্ৰতিনিধি আৰু বিজেপি নেতা দুলেন নায়কে শিক্ষিত নিবনুৱা যুৱক–যুৱতী সকলক বঞ্চিত কৰি চৰকাৰী সাহায্য নিজে গ্ৰহণ কৰা লগতে পৰিয়াল, অঙহী বঙহী তথা চাকৰিয়াল লোকক প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

"শ্বহীদ দয়াল দাস পাণিকা স্বনিয়োজন" আঁচনি ২০১৯-২০২০ বৰ্ষৰ তালিকাত হিতাধিকাৰী ক্ৰমিক নং ৬৮৯২ৰ বিপৰীতে আছে বিজেপি নেতা তথা তিতাবৰ মহকুমা চাহ ও প্ৰাক্তন চাহ জনজাতি কল্যাণ বিভাগৰ অধ্যক্ষ দুলেন নায়কৰ নাম। সাহায্যৰ ধন সোমাইছে দুলেন নায়কৰ ইউনিয়ন বেংকৰ মৰিয়নী শাখাত থকা একাউণ্টত।

ঠিক সেইদৰে ক্ৰমিক নং ৯৩০১ ৰেচমা পুৰাণ পঞ্চায়ত সভাপতি নৱকান্ত পুৰাণৰ পত্নী, আনহাতে তেঁও এগৰাকী অংগনৱাড়ী সহায়িকা। ৮৪২৪ ক্ৰমিক নম্বৰত আছে প্ৰতিভা ৰাওৰ নাম তেওঁ কঠালগুৰি আঞ্চলিক পঞ্চায়তৰ সদস্যা। ১০৬২২ ক্ৰমিক নম্বৰত থকা শেৱালী পুৰাণ পঞ্চায়ত সভাপতিৰ ভাতৃ গণেশ পুৰাণৰ পত্নী। ৩৮২৪ ক্ৰমিক নম্বৰত থকা গণেশ পুৰাণ এগৰাকী সূলভ মূল্য দোকানৰ এজেণ্ট লগতে তেওঁ পঞ্চায়ত সভাপতি নৱকান্ত পুৰাণৰ ভাতৃ। সেইদৰে, ৬৯৫২ ক্ৰমিক নম্বৰত থকা বুধেশ্বৰ নাথ পঞ্চায়তটোৰ এগৰাকী ৱাৰ্ড সদস্য। ক্ৰমিক নম্বৰ ৪৯৩২ ৰ বিপৰীতে থকা জুলি কেৰকেটা এগৰাকী অংগনৱাড়ী সহায়িকা।

পঞ্চায়তটোত চৰকাৰী আঁচনিৰ সাহায্য প্ৰদানৰ নামত এনেদৰে জনপ্ৰতিনিধি আৰু বিজেপি কৰ্মীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি নিজৰ লগতে পৰিয়াল লোকে সাহায্য লাভ কৰা কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে পঞ্চায়টোৰ বিজেপিৰ কৰ্মীসকলে। আনহাতে, বিজেপি কৰ্মীসকলে জনপ্ৰতিনিধি আৰু বিজেপি নেতা দুলেন নায়কৰ বিৰুদ্ধে তথ্য সহকাৰে ৰাজ্যিক বিজেপিৰ সভাপতিলৈ অভিযোগ প্ৰেৰণ কৰা পিছত ৰাজ্যিক বিজেপিয়ে এইসকল দুৰ্নীতিগ্ৰস্থ জনপ্ৰতিনিধিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষনীয় হ'ব।
First published: