কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বুঢ়ীদিহিং গাঁও পঞ্চায়তত চৰকাৰী আঁচনিত ব্যাপক দুৰ্নীতি

News18 Assam | News18-Assam
Updated:May 10, 2020, 9:00 PM IST
কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বুঢ়ীদিহিং গাঁও পঞ্চায়তত চৰকাৰী আঁচনিত ব্যাপক দুৰ্নীতি
প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁ‌চনিৰ আবণ্টিত আৱাস গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁ‌চনিৰ আবণ্টিত আৱাস গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

  • Share this:
তিনিচুকীয়া জিলাৰ কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বুঢ়ীদিহিং গাঁও পঞ্চায়তত চৰকাৰী আঁচনিৰ ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। সোণমাই মৰাণ নামৰ পঞ্চায়তৰ সভানেত্ৰীগৰাকীকে ধৰি পঞ্চায়তখনত চলি থকা ব্যাপক দুৰ্নীতি ফাদিল হোৱা ঘটনা পোহৰলৈ অহাৰ লগে লগেই পঞ্চায়তখনত দলীয় নেতা–কৰ্মীৰ মাজত বৃহৎ বিসম্বাদৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁ‌চনিৰ আবণ্টিত আৱাস গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

পঞ্চায়তখনৰ অন্তৰ্গত ৰতনী পথাৰৰ ১০নং ৱাৰ্ডৰ নন কোঁ‌ৱৰ নামৰ হিতাধিকাৰীগৰাকীক পঞ্চায়তৰ বিষয়ববীয়াই প্ৰলোভনেৰে গৃহ নিৰ্মাণ নকৰাকৈ ভুৱা জিঅ' টেকৰ ফটো প্ৰয়োগ কৰি হিতাধিকাৰীলৈ অহা ধন আত্মসাৎ কৰাৰ পাৰিকল্পনা কৰাৰ কথা পোহৰলৈ আহিছে। সভানেত্রীয়ে হিতাধিকাৰীৰ পৰা প্ৰায় চল্লিচ হাজাৰ টকা আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

পঞ্চায়ত সভানেত্ৰীকে ধৰি একাংশ বিষয়ববীয়াই সহজ–সৰল হিতাধিকাৰীক পকী ঘৰ থকাৰ বাবেই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ নকৰাকৈ ধন অনুমোদন কৰাৰ লগতে হিতাধিকাৰীৰ পৰা আবণ্টিত ধনৰ ৪০ হাজাৰ টকা পঞ্চায়তৰ সভানেত্ৰী গৰাকীয়েই আদায় কৰে। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ আঁচনিৰ ক্ষেত্ৰতো ব্যাপক দুৰ্নীতি তথ্য পোহৰলৈ আহিছে বুঢ়ীদিহিং গাঁও পঞ্চায়তত।

প্ৰধানমন্ত্ৰী কৃষক সন্মান নীধিৰ তালিকা প্ৰস্তুত কৰোতেও পঞ্চায়তখনৰ সভানেত্ৰীৰ লগতে ৱাৰ্ড সদস্যাই প্ৰতিজন আবেদনকাৰীৰ পৰা ২০০ টকাকৈ লোৱা বুলি গুৰুতৰ অভিযোগ কৰিছে আবেদনকাৰীসকলে। অন্যহাতে, ২০০ টকাকৈ দি আবেদন কৰাৰ পাছতো অধিকাংশ কৃষকে আঁচনিৰ ধন আজিলৈকে লাভ নকৰিলে। এই সমগ্ৰ বিষয় পৰ্যবেক্ষণ কৰিবলৈ কাকপথাৰ উন্নয়ন খণ্ডৰ বিষয়া অসীম শৰ্মা  উপস্থিত হৈ বিষয়টো তদন্ত কৰাত বৰ্তমান এই দুৰ্নীতি ঢাকিবলৈ উঠি পৰি লাগিছে পঞ্চায়ত সভানেত্ৰী–সচিবকে ধৰ একাংশ বিষয়ববীয়া।

প্ৰধানমন্ত্ৰী কৃষক সন্মান নীধিৰ ক্ষেত্ৰত সৰ্বত্ৰে ব্যপক বেমেজালি হৈ থকাৰ সময়তে অসম-অৰুণাচলৰ সিমান্তৱৰ্তী বৃহত্তৰ বুঢ়িদিহিং অঞ্চলত সংঘটিত হোৱা এনে অনিয়মৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰসাশনে কি ব্যৱস্থা ল'ব সেয়াহে লক্ষণীয় হ'ব।
First published: May 10, 2020, 9:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি