ভাৰতীয় বায়ুসেনা বাহিনীৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি, ভুৱা প্ৰমাণ পত্ৰৰে বয়স কমাই চাকৰি লাভৰ কাহিনী ফাদিল

কাৰ আশীৰ্বাদত এই কেলেংকাৰী সংঘটিত হ’ল?

News18-Assam
Updated:September 24, 2019, 1:30 PM IST
ভাৰতীয় বায়ুসেনা বাহিনীৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি, ভুৱা প্ৰমাণ পত্ৰৰে বয়স কমাই চাকৰি লাভৰ কাহিনী ফাদিল
কাৰ আশীৰ্বাদত এই কেলেংকাৰী সংঘটিত হ’ল?
News18-Assam
Updated: September 24, 2019, 1:30 PM IST
গৌতম বৰা, নিউজ18ঃ ভাৰতীয় বায়ুসেনা বাহিনীৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি। ৰাজ্যৰ শিক্ষা বিভাগৰ ভুৱা প্ৰমাণ পত্ৰৰে এয়াৰ ফৰ্চত চাকৰি লাভ বহু লোকৰ। অসম সংস্কৃত ব'ৰ্ডৰ অধীনৰ মহাবোধি পালি বিদ্যালয়ৰ পৰা একাংশ লোকে বয়স কমাই HSLCৰ সম পৰ্যায়ৰ পৰীক্ষাৰ জাল প্ৰমাণপত্ৰ উলিয়াই ভাৰতীয় বায়ুসেনা বাহিনীত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। এই লোকসকলে যোৰহাটৰ বিভিন্ন বিদ্যালয়ৰ পৰা HSLC পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও তিতাবৰৰ মহাবোধি পালি বিদ্যালয়ৰ পৰা উলিওৱা ভুৱা প্ৰমাণপত্ৰৰ জৰিয়তে ভাৰতীয় বায়ুসেনা বাহিনীৰ এয়াৰফৰ্ছ ষ্টেছনত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। বায়ুসেনা বাহিনীৰ দৰে দেশৰ অন্যতম প্ৰতিৰক্ষা বিভাগত এনেদৰে জাল প্ৰমাণ পত্ৰৰে চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। এই ভয়ঙ্কৰ কেলেঙ্কাৰীত কোন কোন জড়িত আছে সেয়া তদন্তৰ পিছতহে পোহৰলৈ আহিব। কেলেংকাৰী সন্দৰ্ভত থানাত গোচৰ দিয়া হৈছে যদিও মৌন হৈ আছে যোৰহাটৰ তদন্তকাৰী আৰক্ষী ।

উদাহৰণস্বৰূপে, প্ৰবীণ চৰকাৰ নামৰ লোকজনৰ প্ৰকৃত জন্ম তাৰিখ হল ১৯৮২ চনৰ ৩১ ডিচেম্বৰ । কিন্তু তেওঁৰ পালি বিদ্যালয়ৰ প্ৰমাণ পত্ৰ অনুসৰি জন্মতিথি হল ১৯৯৪ চনৰ ৩০ আগষ্ট । বয়সৰ পাৰ্থক্য প্ৰায় ১২ বছৰ ।

প্ৰশান্ত চৰকাৰ নামৰ লোকজনৰ প্ৰকৃত জন্ম তাৰিখ হল ১৯৭৭ চনৰ ১ জুন । কিন্তু তেওঁৰ পালি বিদ্যালয়ৰ প্ৰমাণ পত্ৰ অনুসৰি জন্মতিথি হল ১৯৯০ চনৰ ১২ এপ্ৰিল । বয়সৰ পাৰ্থক্য প্ৰায় ১৩ বছৰ ।

বিষ্ণুপ্ৰাণ চৰকাৰ নামৰ লোকজন ৬৪৭ নং চলিহা গাঁও প্ৰাথমিক বিদ্যালয়ৰ তথ্য অনুসৰি জন্ম হৈছিল ১৯৮৬ চনত । কিন্তু তিতাবৰৰ মহাবোধি পালি বিদ্যালয় মানপত্ৰ অনুসৰি তেওঁৰ জন্মৰ তাৰিখ ১৯৯৯ চনৰ ১০ মে' । বয়সৰ পাৰ্থক্য প্ৰায় ১৩ বছৰ ।

আনহাতে গৌতম দাস নামৰ লোকজনৰ কথা আকৌ সুকীয়া । পালি বিদ্যালয়ৰ প্ৰমাণ পত্ৰ অনুসৰি তেওঁ জন্ম হৈছিল ১৯৯৬ চনৰ ১ জানুৱাৰীত । কিন্তু তেওঁৰ কন্যাৰ বৰ্তমান বয়স হল ৪ বছৰ । সেয়া যদি হয় তেওঁৰ ১৫ বছৰ বয়সতে সন্তান জন্ম হৈছিল!

ৰাজু দত্ত নামৰ লোকজনৰ আকৌ মানপত্ৰ দুখন । মহাবোধি পালি বিদ্যালয়ে তেওঁক ২০১২ চনৰ শিক্ষাবৰ্ষৰ বাবে প্ৰদান কৰা মানপত্ৰ অনুসৰি জন্ম তাৰিখ ১৯৯৯ চনৰ ১০ মে' আৰু আকৌ ৰাজু দত্তক ২০১৬ চনত প্ৰদান কৰা মানপত্ৰ অনুসৰি জন্ম তাৰিখ হল ১৯৯৬ চনৰ ৪ জানুৱাৰী ।

এনে ধৰণৰ তথ্য অনুসন্ধান কৰিলে আৰু বহু ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । কিন্তু বায়ুসেনা বাহিনীৰ দৰে দেশৰ অন্যতম প্ৰতিৰক্ষা বিভাগত এনেদৰে জাল প্ৰমাণ পত্ৰৰে চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে । এই ভয়ংকৰ কেলেংকাৰীত কোন কোন জড়িত আছে সেয়া তদন্তৰ পিছতহে পোহৰলৈ আহিব । কিন্তু তদন্ত কৰিব কোনে ? কাৰণ এই সন্দৰ্ভত থানাত গোচৰ দিয়া হৈছে যদিও অতি মন্থৰ গতিৰে আগবাঢ়িছে তদন্ত প্ৰক্ৰিয়া ।

উল্লেখযোগ্য যে, এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছিল তিতাবৰ থানাৰ আৰক্ষীয়ে । অসম সংস্কৃত বৰ্ডৰ অধীনৰ পালি বিদ্যালয়ৰ এই ভুৱা প্ৰমাণপত্ৰ সন্দৰ্ভত সঠিক তদন্ত হলে বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাটো নিশ্চিত । য’ত নেকি ভাৰতীয় বায়ুসেনা বাহিনীৰ একাংশ লোকৰ ভূমিকাও তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে ।

 

আৰু চাওক পৰৱৰ্তী বাতৰি