যোৱা ১৩ আগষ্টত NRC ৰ এক শুনানি গ্ৰহণ কৰি ন্যায়াধীশ গগৈয়ে মতিউৰ ৰহমানৰ গোচৰটোৰ নিষ্পত্তি সাপেক্ষে হে NRCয়ে চূড়ান্ত বৈধতা পাব বুলি এক নিৰ্দেশ প্ৰদান কৰিছিল
যোৱা ১৩ আগষ্টত NRC ৰ এক শুনানি গ্ৰহণ কৰি ন্যায়াধীশ গগৈয়ে মতিউৰ ৰহমানৰ গোচৰটোৰ নিষ্পত্তি সাপেক্ষে হে NRCয়ে চূড়ান্ত বৈধতা পাব বুলি এক নিৰ্দেশ প্ৰদান কৰিছিল
পাৰ্থ জ্যোতি বৰা, ব্যুৰ’ চীফ, নতুন দিল্লীঃ অহা অক্টোবৰৰ এক তাৰিখৰ পৰা উচ্চতম ন্যায়ালয়ত গঠন হব এক স্থায়ী সাংবিধানিক বিচাৰপীঠ । এই ৫ জনীয়া বিচাৰপীঠে খণ্ড বিচাৰপীঠে বিভিন্ন সময়ত সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰা গোচৰ সমূহৰ শুনানি গ্ৰহণ কৰি নিষ্পত্তি কৰিব । পূৰ্বতে প্ৰয়োজন অনুসৰি দেশৰ মুখ্য ন্যায়াধীশে তেনে বিচাৰপীঠ গঠন কৰি সাংবিধানিক বাখ্যা আৰু প্ৰশ্ন জড়িত গোচৰ সমূহ নিষ্পত্তি কৰিছিল ।
অসম সন্মিলিত মহাসংঘৰ মতিউৰ ৰহমানে ২০১২ চনতে অসমৰ বেলিকা বিদেশী চিনাক্তকৰণৰ সুকীয়া ভিত্তি বৰ্ষ কাৰ্যকৰী কৰাৰ প্ৰক্ৰিয়াটোক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল । তদানীন্তন ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত খণ্ড বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰি ২০১৪ চনত সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰে । ২০১৭ চনত সেই সময়ৰ দেশৰ মুখ্য ন্যায়াধীশ টি এছ ঠাকুৰে বিচাৰপীঠ গঠন কৰি মতিউৰ ৰহমানৰ গোচৰটো শুনানিৰ বাবে তালিকাভুক্ত কৰিছিল । কিন্তু গোচৰটোৰ শুনানিৰ পূৰ্বেই অৱসৰ গ্ৰহণ কৰিছিল মুখ্য ন্যায়াধীশ ঠাকুৰে । তাৰ পাছত আজি লৈকে বহুবাৰ ৰহমানে special mention কৰাৰ পাছতো গোচৰটোৰ শুনানি নহল । আৰু ন্যায়াধীশ ৰঞ্জন গগৈ আৰু আৰ এফ নাৰিমনৰ খণ্ড বিচাৰপীঠে ভিত্তি বৰ্ষৰ গোচৰ অমীমাংসিত ভাৱে ৰাখিয়েই নাগৰিক পঞ্জী উন্নীতকৰণৰ নিৰ্দেশ দিছিল । অৱশ্যে যোৱা ১৩ আগষ্টত NRC ৰ এক শুনানি গ্ৰহণ কৰি ন্যায়াধীশ গগৈয়ে মতিউৰ ৰহমানৰ গোচৰটোৰ নিষ্পত্তি সাপেক্ষে হে NRCয়ে চূড়ান্ত বৈধতা পাব বুলি এক নিৰ্দেশ প্ৰদান কৰিছিল ।
শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে নিয়মাৱলীৰ কিছু সালসলনি ঘটাই বদলিকৰণৰ আবেদন আৰু ৭ বছৰলৈকে সষ্টম কাৰাদণ্ডৰ জামিন আবেদনৰ গোচৰৰ শুনানি এজনীয়া বিচাৰপীঠে গ্ৰহণ কৰাৰ নিয়ম কৰিছে । লগতে এখন স্থায়ী সাংবিধানিক বিচাৰপীঠ অহা অক্টোবৰৰ ১ তাৰিখৰ পৰা কাৰ্যক্ষম হোৱাকৈ গঠন কৰাৰ সিদ্ধান্ত লৈছে; য’ত আন আন গোচৰৰ লগতে ৰহমানৰ গোচৰটোৰ শুনানি লোৱা হব ।
সংবিধানৰ ১৪৫(৩) অনুচ্ছেদ অনুসৰি সাংবিধানিক বাখ্যা আৰু আইনৰ প্রশ্ন জড়িত গোচৰ সমূহ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠে নিষ্পত্তি কৰাৰ নিয়ম ।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|