কোৰোণাতংক: জেলৰ কয়দীক ঘৰলৈ যাবলৈ দিয়াৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ 

News18 Assam | News18-Assam
Updated:March 23, 2020, 5:50 PM IST
কোৰোণাতংক: জেলৰ কয়দীক ঘৰলৈ যাবলৈ দিয়াৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ 
ৰাজ্যসমূহক বিবেচনা কৰাৰ নিৰ্দেশ।

ৰাজ্যসমূহক বিবেচনা কৰাৰ নিৰ্দেশ।

  • Share this:
দেশৰ কাৰাগাৰ সমূহত সমাগম আৰু ভিৰ হ্ৰাস কৰিবলৈ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ নির্দেশ । কয়দী সকলক ৬ সপ্তাহৰ ছুটি (Parole) প্ৰদান কৰাৰ দিশত ৰাজ্য চৰকাৰ সমূহক চিন্তা কৰিবলৈ নিৰ্দেশ দিছে দেশৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববড়েৰে গঠিত তিনিজনীয়া বিচাৰপীঠে । Novel Corona ভাইৰাছৰ সংক্ৰমন প্ৰতিৰোধ কৰিবলৈ এনে পদক্ষেপ প্ৰয়োজনীয় বুলি অভিহিত কৰে উচ্চতম ন্যায়ালয়ে ।

৭ বছৰৰ কম শাস্তি প্ৰদান কৰা অপৰাধ সমূহত দোষী সাব্যস্ত হৈ জেলত থকা কয়দী আৰু একেধৰণৰ অপৰাধত গোচৰৰ সন্মুখীন হৈ থকা বন্দীক পেৰলত ঘৰলৈ যাবলৈ দিয়াৰ পোষকতা কৰিছে উচ্চতম ন্যায়ালয়ে । প্ৰাৰম্ভিক পৰ্যায়ত এই পেৰ’ল ৬ সপ্তাহলৈ দিয়াৰ পৰামৰ্শ দিছে দেশৰ মুখ্য ন্যায়াধীশে ।
এই ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ ৰাজ্য চৰকাৰ সমূহক আইন সচিব আৰু State Legal Services Authority ৰ অধ্যক্ষৰে এখন কমিটি গঠনৰো নির্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি