তিনি তালাক, ধাৰা ৩৭০ৰ বিলুপ্তি, ছোৱালীৰ বিবাহৰ বয়স ২১বছৰ কৰা আদিক লৈ উচ্চতম ন্যায়ালয়ত PIL দাখিল কৰা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা অশ্বিনী উপাধ্যায়ে শনিবাৰে গুৱাহাটীত উপস্থিত হৈ ভাগ ল'লে UNITED TRUST OF ASSAMৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৷ অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী, ইছলাম ধৰ্ম ত্যাগ কৰি সনাতনী হিন্দু ধৰ্ম গ্ৰহণ কৰা ৱাছিম ৰিজৱী ওৰফে জিতেন্দ্ৰ সিং ত্যাগী উপস্থিত থকা অনুষ্ঠানটিত ভাগ লৈ অসমৰ সংকটৰ কাৰণ জনসংখ্যা বিস্ফোৰণ আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰী বুলি মন্তব্য অধিবক্তা অশ্বিনী উপাধ্যায়ৰ ৷
অনুষ্ঠানৰ পিছত সংবাদ মাধ্যমত কি কি ক'লে অশ্বিনী উপাধ্যায়ে?
অশ্বিনী উপাধ্যায়ে কয়- "ভাৰতৰ বাবে যি ভাবুকি একে ভাবুকি অসমৰ বাবে ৷ আনহাতে অসমৰ বাবে যি ভাবুকি একে ভাবুকি ভাৰতৰ বাবেও ৷ সমগ্ৰ দেশত এতিয়া জনজাগৰণৰ প্ৰয়োজন হৈছে ৷ অসমৰ বৃহৎ সমস্যা অনুপ্ৰৱেশৰ সমস্যা (problem of infiltration) ৷ পাকিস্তানে যিদৰে গাজৱা-ই-হিন্দ কৰিব বিচাৰিছে, ঠিক একেদৰে বাংলাদেশেও গ্ৰেটাৰ বাংলাদেশ (Greater Bangladesh) কৰিব বিচাৰিছে৷ পৰিকল্পিতভাৱে বাংলাদেশে অনুপ্ৰৱেশ ঘটাইছে অসমলৈ৷ অসমত শীঘ্ৰেই এখন কঠোৰ জনসংখ্যা আইন লাগে ৷''
তেওঁ কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi) আৰু ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) থকাৰ এই সময় কঠোৰ আইন অনাৰ বাবে সুৱৰ্ণ সময় বুলি উল্লেখ কৰে। জনসংখ্যা বিস্ফোৰণে অসমৰ বহু জিলাৰ অভাৱনীয়ভাৱে ডেম'গ্ৰাফী সলনি কৰি দিছে বুলি উল্লেখ কৰি অসমত সম্পূৰ্ণৰূপে অনুপ্ৰৱেশ বন্ধৰ বাবে কঠোৰভাৱে NRC বলৱৎ কৰা, জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰাৰ লগতে অনিয়মেৰে হোৱা ধৰ্মান্তৰকৰণ বন্ধ কৰাৰ আহ্বান জনায়।
অশ্বিনী উপাধ্যায়ে অনুপ্ৰৱেশ বন্ধৰ বাবে ইতিমধ্যে উচ্চতম ন্যায়ালয়ত PILকৰা বুলি জানিবলৈ দি কয় যে ভাৰতৰ সংবিধানত সংখ্যালঘু বুলি কিবা আছে নেকি, যাৰ বাবে সংখ্যালঘুৰ নামত ৰাজকোষৰ ধন ব্যয় কৰা হয়। তেওঁ কয়- ''ছোৱালীৰ বিবাহৰ বয়স ১৮ আৰু নিকাহৰ বাবে ৯ কিয়? বিবাহিত ছোৱালীয়ে একো নাপাব আৰু নিকাহ কৰিলে চৰকাৰে সুবিধা দিব লাগিব, এইবোৰ কেনে কথা! সংবিধানে সম অধিকাৰৰ কথা কৈছে ৷ ভাৰত যদি ধৰ্ম নিৰপেক্ষ দেশেই হয় তেনেহ'লে সংখ্যালঘুৱে অধিক সুবিধা কিহৰ ভিত্তিত পাব?''
তেওঁ পুনৰ কয়- ''মই এইটোৰ ওপৰতো PIL কৰিছোঁ ৷ সকলোৰে সমান অধিকাৰ হওক ৷ মই তিন তালাক বন্ধৰ বাবে PIL কৰিছিলোঁ, চৰকাৰে আইন বনালে ৷ মই ধাৰা ৩৭০ বিলুপ্তিৰ বাবে PIL কৰিছিলোঁ, চৰকাৰে আইন বনালে ৷ ছোৱালীৰ বিবাহৰ বয়স ২১ কৰিবলৈ PIL কৰিছিলোঁ, আইন হ'ল ৷ মই বিচাৰোঁ সমগ্ৰ দেশত UNIFORM CIVIL CODE হ'ব লাগে ৷"
অশ্বিনী উপাধ্যায়ে লগতে উল্লেখ কৰে যে গুজৰাটত যিদৰে গুজৰাটী মাতৃভাষাত শিক্ষাদান হয়, অসমতো অসমীয়াত শিক্ষাদান হ'ব লাগে ৷ মন্ত্ৰীৰ সন্তানে যি পঢ়িব শ্ৰমিকৰ সন্তানেও সেই একেখিনি পঢ়িব পৰা হ'ব লাগে ৷ সকলোৰে অধিকাৰবোৰ সমান হ'ব লাগিব ৷ তেওঁ এনে বহুকেইটা প্ৰয়োজনীয় বিষয়ত PIL কৰি থোৱা বুলি জানিবলৈ দিয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|