உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Hailakandi News : গ্ৰাহকৰ ৭০ হাজাৰ টকা আত্মসাৎ কৰি হাইলাকান্দিত গ্ৰেপ্তাৰ চিএছপিৰ স্বত্বাধিকাৰী, উদ্ধাৰ বুজন পৰিমাণৰ এটিএম কাৰ্ড আৰু বেংক পাছবুক

    Hailakandi News : গ্ৰাহকৰ ৭০ হাজাৰ টকা আত্মসাৎ কৰি হাইলাকান্দিত গ্ৰেপ্তাৰ চিএছপিৰ স্বত্বাধিকাৰী, উদ্ধাৰ বুজন পৰিমাণৰ এটিএম কাৰ্ড আৰু বেংক পাছবুক

    হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ বড়নগদ গাঁৱৰ বাসিন্দা কমৰুল ইছলাম লস্কৰ নামৰ এগৰাকী গ্ৰাহকে কিছুদিন আগতে নিজৰ একাউণ্টত জমা কৰিছিলে ৯০ হাজাৰ টকা।

    হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ বড়নগদ গাঁৱৰ বাসিন্দা কমৰুল ইছলাম লস্কৰ নামৰ এগৰাকী গ্ৰাহকে কিছুদিন আগতে নিজৰ একাউণ্টত জমা কৰিছিলে ৯০ হাজাৰ টকা।

    হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ বড়নগদ গাঁৱৰ বাসিন্দা কমৰুল ইছলাম লস্কৰ নামৰ এগৰাকী গ্ৰাহকে কিছুদিন আগতে নিজৰ একাউণ্টত জমা কৰিছিলে ৯০ হাজাৰ টকা।

    • Share this:
    হাইলাকান্দিত (Hailakandi) গ্ৰেপ্তাৰ হ’ল ষ্টেট বেংক অফ ইণ্ডিয়াৰ (State Bank of India) এটা চি এছ পি (CSP)ৰ স্বত্বাধিকাৰী। বৃহস্পতিবাৰে নিশা আলতাফ হুছেইন বড়ভূঞা নামৰ এইগৰাকী চিএছপিৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। স্থানীয় আলগাপুৰ এলেকাত থকা চিএছপিৰ জৰিয়তে এগৰাকী গ্ৰাহকৰ ৭০ হাজাৰ টকা আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে আলতাফ হুছেইনক।

    বেংকসমূহত গ্ৰাহকৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পোৱাৰ বাবে তথা বেংকৰ শাখাৰ পৰা দূৰত থকা গ্ৰাহকসকলৰ সুবিধাৰ্থে বিভিন্ন বেংক কৰ্তৃপক্ষই স্থাপন কৰিছে চিএছপি অৰ্থাৎ গ্ৰাহক সেৱা কেন্দ্ৰ। বিশেষকৈ গ্ৰামাঞ্চলত চিএছপি কেন্দ্ৰ মুকলি কৰি গ্ৰাহকৰ বাবে সুবিধা কৰি দিছে বেংক কৰ্তৃপক্ষই। এইসমূহ চি এছ পিত একাউণ্ট খোলাৰ পৰা আৰম্ভ কৰি লেদেনকে ধৰি সকলো সুবিধা কৰি দিছে বেংক কৰ্তৃপক্ষই। কিন্তু এনেধৰণৰ চিএছপি কৰ্তৃপক্ষ অৰ্থাৎ চিএছপিৰ গৰাকীয়ে এই সুযোগ লৈ লিপ্ত হৈছে বিভিন্ন দুৰ্নীতিত।

    হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ বড়নগদ গাঁৱৰ বাসিন্দা কমৰুল ইছলাম লস্কৰ নামৰ এগৰাকী গ্ৰাহকে কিছুদিন আগতে নিজৰ একাউণ্টত জমা কৰিছিলে ৯০ হাজাৰ টকা। আলগাপুৰ এলেকাত ষ্টেট বেংকৰ কোন শাখ‍া নথকাৰ বাবে তেওঁ গ্ৰাহক সেৱা কেন্দ্ৰৰ মাধ্যমেৰে নিজৰ একাউণ্টত জমা কৰিছিল ধন। কিন্তু কিছুদিন পিছত পাছবুক পৰীক্ষা কৰি চকু কপালত উঠে কমৰুল ইছলামৰ। তেওঁৰ একাউণ্টত ৯০ হাজাৰৰ পৰিৱৰ্তে জমা হৈছে মাত্ৰ ২০ হাজাৰ টকা।

    পিছত সকলো তথ্য প্ৰমাণসহ বৃহস্পতিবাৰে আলগাপুৰ আৰক্ষী চকীত এটা গোচৰ ৰজু কৰে লোকজনে। আলগাপুৰ আৰক্ষীয়ে ১৭২/২১ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধিৰ ৪০৬ আৰু ৪২০ ধাৰাত গোচৰটো ৰজু কৰি নিশাই গ্ৰেপ্তাৰ কৰে চিএছপিটোৰ গৰাকী আলতাফ হুছেইন বড়ভূঞাক। লগতে চিএছপিটোৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণ এটিএম কাৰ্ড আৰু বেংক পাছবুক জব্দ কৰে। বৰ্তমান গ্ৰেপ্তাৰ কৰা চিএছপিৰ গৰাকীক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: