নিজৰ নাম সলনি কৰিলে মমিনুল আৱালে, কিয়?

News18 Assam | News18-Assam
Updated:February 20, 2020, 12:50 PM IST
নিজৰ নাম সলনি কৰিলে মমিনুল আৱালে, কিয়?
মুছলমানৰ জনগণনাৰ প্ৰাকক্ষণত এই সিদ্ধান্ত।

মুছলমানৰ জনগণনাৰ প্ৰাকক্ষণত এই সিদ্ধান্ত।

  • News18 Assam
  • Last Updated: February 20, 2020, 12:50 PM IST
  • Share this:
মঙলবাৰে সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ সৈতে খিলঞ্জীয়া মুছলমান সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকৰ পিছতেই নিজৰ নাম সলনি কৰিলে সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ মমিনুল আৱালে। মঙলবাৰৰ সভাত গৰিয়া–মৰিয়া, দেশী, জুলহা লোক সকলৰ লোক গণনা সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰীৰ সভা কক্ষত অনুষ্ঠিত মঙলবাৰৰ সভাত ২১ টা সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। সভাৰ পিছতেই নিজৰ নাম সলনি কৰাৰ সিদ্ধান্ত লৈছিল জনগোষ্ঠীয় সমন্বয় পৰিষদৰ মুখ্য আহ্বায়ক তথা সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ মমিনুল  আৱালে। সেইমতে মমিনুল আৱালে নিজৰ নাম সলনি কৰি এতিয়া কৰিলে ছৈয়দ মমিনুল আৱাল গৰিয়া। দুই এদিনতে শপতনামা যোগে সলনি কৰি তেওঁ জনাজাত হ’ব ছৈয়দ মমিনুল আৱাল গৰিয়া নামেৰে।

উল্লেখযোগ্য যে, অসমৰ প্ৰস্তাৱিত খিলঞ্জীয়া মুছলমান উন্নয়ন পৰিষদৰ নাম এতিয়া হ’ব গৰিয়া–মৰিয়া,দেশী,জুলহা উন্নয়ন পৰিষদ। কিছু বিতৰ্কৰ কাৰণে চৰকাৰে পৰিষদৰ নামৰ পৰা ‘খিলঞ্জীয়া’ আৰু ‘মুছলমান’ শব্দ দুটা ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত লৈছে। মঙলবাৰে অসমৰ বিভিন্ন প্ৰতিনিধিৰ সৈতে তিনি ঘণ্টা জোৰা বৈঠকৰ পিছত এই কথা জনাই সংখ্যালঘূ উন্নয়ন মন্ত্ৰী ৰঞ্জিত দত্তই। উল্লেখযোগ্য যে, ২০১৯–২০ৰ বাজেটত এই পৰিষদক অন্তৰ্ভুক্ত কৰা হৈছে। ‘খিলঞ্জীয়া আৰু ভুমিপুত্ৰ এই শব্দ দুটাক লৈ বহুত বিতৰ্ক হোৱাৰ কাৰণে এই সিদ্ধান্ত লোৱা হ’ল।
আৰু চাওক
পৰৱৰ্তী বাতৰি