• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমৰ সাৱিত্ৰী এছিয়াৰ সবাতোকৈ ধনী মহিলা, ১৫ বছৰতে বিবাহপাশত আবদ্ধ হোৱা সেই যুৱতীগৰাকী আজি এছিয়াৰ ধনাঢ্য মহিলা

অসমৰ সাৱিত্ৰী এছিয়াৰ সবাতোকৈ ধনী মহিলা, ১৫ বছৰতে বিবাহপাশত আবদ্ধ হোৱা সেই যুৱতীগৰাকী আজি এছিয়াৰ ধনাঢ্য মহিলা

স্বামী উদ্যোগপতি অ’ পি জিন্দালৰ ২০০৫ চনত এক হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয়। তাৰ পিছে অ’ পি জিন্দাল গ্ৰুপৰ সকলো দায়িত্ব মূৰ পাতি লৈছিল অসম কন্যা সাৱিত্ৰী জিন্দালে।

স্বামী উদ্যোগপতি অ’ পি জিন্দালৰ ২০০৫ চনত এক হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয়। তাৰ পিছে অ’ পি জিন্দাল গ্ৰুপৰ সকলো দায়িত্ব মূৰ পাতি লৈছিল অসম কন্যা সাৱিত্ৰী জিন্দালে।

স্বামী উদ্যোগপতি অ’ পি জিন্দালৰ ২০০৫ চনত এক হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয়। তাৰ পিছে অ’ পি জিন্দাল গ্ৰুপৰ সকলো দায়িত্ব মূৰ পাতি লৈছিল অসম কন্যা সাৱিত্ৰী জিন্দালে।

  • Share this:
অসম কন্যা সাবিত্ৰী জিন্দাল (Savitri Jindal) এতিয়া এছিয়াৰ আটাইতকৈ ধনী মহিলা। চীনৰ য়াং হুইয়ানক অতিক্ৰম কৰি এছিয়াৰ ধনাঢ্য মহিলা হিচাপে পৰিগণিত হয় সাৱিত্ৰী। ব্লুমবাৰ্গ আৰবপতিৰ সূচাংকত সাৱিত্ৰী জিন্দালে চেৰ পেলালে চীনৰ প্ৰখ্যাত কাউণ্ট্রি গাৰ্ডেন হোল্ডিংছ কোম্পানীৰ স্বত্বাধিকাৰী হুইয়ানক। ১১.৩ বিলিয়ন ডলাৰ অৰ্থাৎ ৮৯ হাজাৰ কোটিৰে এছিয়াৰ আটাইতকৈ ঐশ্বৰ্যশালী মহিলা হিচাপে প্ৰতিপন্ন হয় সাৱিত্ৰী জিন্দাল। তাৰ বিপৰীতে য়াং হুইয়ানৰ ধনৰ পৰিমাণ ১১ বিলিয়ন ডলাৰ।

উল্লেখযোগ্য যে ৭২ বছৰীয়া সাৱিত্ৰী জিন্দাল অসমৰ জীয়ৰী। তেওঁৰ জন্ম তিনিচুকীয়া চহৰত ১৯৫০ চনৰ ২০ মাৰ্চত হৈছিল। তিনিচুকীয়াৰ প্ৰখ্যাত ৰাছিৱাছিয়া পৰিয়ালৰ কন্যা সাৱিত্ৰী দেৱী জিন্দালে মাত্ৰ ১৫ বছৰ বয়সতে বিবাহপাশত আবদ্ধ হৈছিল। অৰ্থাৎ মেট্ৰিক পৰীক্ষা দিয়েই বিবাহপাশত আবদ্ধ হৈছিল সাৱিত্ৰী। কম বয়সতে বিবাহপাশত আবদ্ধ হোৱা বাবে উচ্চশিক্ষাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল।

স্বামী উদ্যোগপতি অ’ পি জিন্দালৰ ২০০৫ চনত এক হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয়। তাৰ পিছে অ’ পি জিন্দাল গ্ৰুপৰ সকলো দায়িত্ব মূৰ পাতি লৈছিল অসম কন্যা সাৱিত্ৰী জিন্দালে। স্বামীৰ অকাল বিয়োগৰ পিছত তেওঁ স্বামী অ’ পি জিন্দালে প্ৰতিনিধিত্ব কৰা হাৰিয়ানা বিধানসভাৰ হিছাৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত বিজয়ী হৈ মন্ত্ৰিত্ব লাভ কৰে। ২০০৯ চনত পুনৰ বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পিছত হাৰিয়ানাৰ কংগ্ৰেছ চৰকাৰত কেবিনেট মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল।

১৫ বছৰ বয়সতে বিবাহপাশত আবদ্ধ হ’বলগীয়া হোৱা সেই যুৱতীগৰাকী আজি এছিয়াৰ আটাইতকৈ ধনী মহিলা। তিনিচুকীয়াৰ মধ্যবিত্ত পৰিয়ালৰ সাৱিত্ৰীয়ে স্বামীৰ সাম্ৰাজ্য উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিলেও পৰিয়ালনা আৰু ব্যৱসায়িক বিস্তাৰৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। স্বামীৰ অবৰ্তমানত অ’ পি জিন্দাল গ্ৰুপক বিশ্বৰ অগ্ৰণী কোম্পানী হিচাপে গঢ়ি তোলাত সাৱিত্ৰী জিন্দালৰ ভূমিকা লেখত ল’বলগীয়া।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি