ভাৰতীয় বায়ু সেনাৰ পোছাকৰ ‘Squadron logo’ ডিজাইন কৰি চৰ্চাত ২১ বছৰীয়া অসমৰ যুৱক !

চৰ্চালৈ আহিছে এটা ভাল খবৰ । ভাৰতীয় বায়ুসেনাৰ পোছাকৰ লগত আছে এগৰাকী অসমৰ যুৱকৰ সম্পৰ্ক । অসমৰ এগৰাকী ২১ বছৰীয়া যুৱকে ডিজাইন কৰি উলিয়াইছে ভাৰতীয় বায়ু সেনাৰ স্কোৱাড্ৰণ ল’গ(Squadron logo)।

news18assam
Updated:May 17, 2019, 7:06 AM IST
ভাৰতীয় বায়ু সেনাৰ পোছাকৰ ‘Squadron logo’ ডিজাইন কৰি চৰ্চাত ২১ বছৰীয়া অসমৰ যুৱক !
চৰ্চালৈ আহিছে এটা ভাল খবৰ । ভাৰতীয় বায়ুসেনাৰ পোছাকৰ লগত আছে এগৰাকী অসমৰ যুৱকৰ সম্পৰ্ক । অসমৰ এগৰাকী ২১ বছৰীয়া যুৱকে ডিজাইন কৰি উলিয়াইছে ভাৰতীয় বায়ু সেনাৰ স্কোৱাড্ৰণ ল’গ(Squadron logo)।
news18assam
Updated: May 17, 2019, 7:06 AM IST
চৰ্চালৈ আহিছে এটা ভাল খবৰ । ভাৰতীয় বায়ুসেনাৰ পোছাকৰ লগত আছে এগৰাকী অসমৰ যুৱকৰ সম্পৰ্ক । অসমৰ এগৰাকী ২১ বছৰীয়া যুৱকে ডিজাইন কৰি উলিয়াইছে ভাৰতীয় বায়ু সেনাৰ স্কোৱাড্ৰণ ল’গ(Squadron logo)। ভাৰতীয় বায়ুসেনাৰ নতুন পোছাকত থাকিবলগীয়া বেজ ডিজাইন কৰিছে সৌৰভ চৌধিয়া নামৰ অসমৰ এগৰাকী ২১ বছৰীয়া যুৱকে । অসমৰ যুৱক জনে ডিজাইন কৰা এই  বেজত লিখা থাকিব ‘Falcon Slayer’ আৰু ‘AMRAAM Dodger’।

ভাৰতীয় বায়ু সেনাৰ পোছাক ডিজাইন কৰা যুৱক জনে ১৮ বছৰ বয়সৰ পৰাই ডিজাইনিং কৰা কাম কৰি আছে । ৰাজনীতি বিজ্ঞানৰ স্নাতক এই যুৱক জনে ইয়াৰ আগতে ভাৰতীয় বায়ুসেনাৰ তেজচ স্কোৱাড্ৰণ আৰু সূৰ্যকিৰণ এৰ’বেটিক দ’লৰো চিহ্ন ডিজাইন কৰিছিল ।
অসমৰ সৌৰভ চৌধিয়াই পূৰ্বৰ পৰাই ভাৰতীয় বাযু সেনাৰ বহু কেইটা স্কোৱাড্ৰণৰ পোছাক ডিজাইন কৰি আহিছে । উল্লেখযোগ্য যো সৌৰভে ডিজাইন কৰা ভাৰতীয় বায়ু সেনাৰ এই নতুন পোছাকৰ বেজ কাপোৰেৰে নিৰ্মাণ কৰা হৈছে। যি কেইটা বেজে এতিয়া ৫১ সংখ্যক স্কোৱা়ডণ 'Falcon Slayers'ৰ পৰিচয় হিচাপে চিহ্নিত হ’ব ।

ভাৰতীয় বায়ু সেনাৰ মতে, নিজৰ পোছাকৰ লগত বেজ পৰিধান কৰাটো বায়ু সেনাৰ পাইলট সকলৰ এক নিয়ম । এই বেজে ভাৰতীয় বায়ু সেনাৰ সন্মান নিৰ্ণয় কৰে । এই সন্মান বৰ্তমান কৰ্মৰত সকলৰ লগতে ভৱিষ্যতে ভাৰতীয় বাযু সেনাত যোগ দিব লগীয়া সকলেও লাভ কৰিব । এই বেজে বায়ু সেনাই কৃত্বিত্ব লভাৰ বাবেও প্ৰেৰণা যোগায় । ভাৰতীয় বায়ু সেনাৰ এই বেজ এগৰাকী অসমৰ যুৱকে ডিজাইন কৰিবলৈ সুবিধা পোৱাতো সঁচা অৰ্থত এক আনন্দৰ খবৰ ।

উল্লেখযোগ্য যে উয়িং কামাণ্ডাৰ অভিনন্দনেও বায়ু সেনাৰ ৫১ সংখ্যক স্কোৱাড্ৰণত প্ৰতিনিধিত্ব কৰিছিল । ভাৰতে চলোৱা এয়াৰ ষ্ট্ৰাইকত অভিনন্দনে পাকিস্তানৰ এফ–১৬ যুদ্ধ বিমান ধ্বংস কৰিছিল ।
আৰু চাওক পৰৱৰ্তী বাতৰি