‘মোৰ কথা অযুক্তিকৰ হ’লে ফাঁচি দিয়ক মোক’-আমছুকো আক্ৰমণৰ লক্ষ্য সত্যৰঞ্জন বৰাৰ

News18 Assam | News18-Assam
Updated:September 30, 2020, 8:16 PM IST
‘মোৰ কথা অযুক্তিকৰ হ’লে ফাঁচি দিয়ক মোক’-আমছুকো আক্ৰমণৰ লক্ষ্য সত্যৰঞ্জন বৰাৰ
বুধবাৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত মহাভৈৰৱ মন্দিৰত পূজা আগবঢ়াই সত্যৰঞ্জন বৰাই পুনৰবাৰ উল্লেখ কৰিলে ‘লাভ জেহাদ’ৰ কথা।’

বুধবাৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত মহাভৈৰৱ মন্দিৰত পূজা আগবঢ়াই সত্যৰঞ্জন বৰাই পুনৰবাৰ উল্লেখ কৰিলে ‘লাভ জেহাদ’ৰ কথা।’

  • News18 Assam
  • Last Updated: September 30, 2020, 8:16 PM IST
  • Share this:
‘অসমত বসবাস কৰা প্ৰতিজন সনাতনী হিন্দুৱে নিজকে হিন্দু বুলি ভাবে। কিন্তু যি সকলে হিন্দু হৈও নিজকে হিন্দু বুলি পৰিচয় দিবলৈ লাজ কৰে, তেওঁলোক থকাতকৈ নথকাই ভাল।’ - এই মন্তব্য বিতৰ্কিত যুৱ লেখক সত্যৰঞ্জন বৰাৰ৷

বুধবাৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত মহাভৈৰৱ মন্দিৰত পূজা আগবঢ়াই সত্যৰঞ্জন বৰাই পুনৰবাৰ উল্লেখ কৰিলে ‘লাভ জেহাদ’ৰ কথা ৷ ‘লাভ জেহাদ’ৰ জৰিয়তে অসমীয়া জীয়ৰী-বোৱাৰীৰ জীৱন নষ্ট কৰাৰ লগতে অসমখনকে ধৰ্ষিতা কৰাৰ অভিযোগ তোলে সত্যৰঞ্জন বৰাই ৷ ইয়াৰ বাবে সমাজৰ বিশেষ সম্প্ৰদায়ৰ লোকক জগৰীয়া কৰিলে সত্যৰঞ্জন বৰাই।

আনহাতে, ২০১৪ত আমছুৰ অসম বন্ধত কিদৰে আমছুৱে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল সেই প্ৰসংগ উল্লেখ কৰি, আছুৰ দলে সংগঠন থকাৰ পিছতো আমছুৰ দৰে সাম্প্ৰদায়িক ছাত্ৰ সংগঠনে ক'ত সাহস পালে বুলি প্ৰশ্ন উত্থাপন কৰে সত্যৰঞ্জন বৰাই।

ইফালে অসমত মুখ্যমন্ত্ৰী হ'বলৈহে সকলোৱে দল খোলা বুলি উল্লেখ কৰি আছুক কটাক্ষ কৰে সত্যৰঞ্জন বৰাই ৷ আছুৱে অন্য শক্তিৰ বাবে কাম কৰিছে বুলি গুৰুতৰ অভিযোগো উত্থাপন কৰে বিতৰ্কিত হিন্দুবাদী নেতাজনে।

সত্যৰঞ্জন বৰাই লগতে কয় যে, ‘বৰ্তমান হিন্দু সভ্যতা সংস্কৃতি অসুৰক্ষিত। তথাপিও আমাৰ সংস্কাৰে আমাক সভ্য আৰু সহনশীল কৰি ৰাখিছে। কিন্তু যিদিনাই সহনশীলতাৰ বান্ধ চিঙিব, সেইদিনাই ভুগিব লাগিব পৰিণাম।’ এনেদৰে বহু বিতৰ্কিত কথা-বতৰাৰে আকৌ এবাৰ সংবাদ শিৰোনাম দখল কৰিবলৈ চেষ্টা কৰে সত্যৰঞ্জন বৰাই।

লগতে এনেবোৰ বিষয়ত সততে মাত মাতি অহা সত্যৰঞ্জন বৰাই তেওঁ কোৱা কথা ভিত্তিহীন বুলি প্ৰমাণ কৰিলে তেওঁ ফাঁচি ল'বলৈও কুন্ঠবোধ নকৰে বুলি প্ৰত্যাহ্বান জনায় ৷ তেজপুৰৰ পূৰ্বাঞ্চললৈ মানুহ যাবলৈ কিয় ভয় কৰা হ'ল বুলিও প্ৰশ্ন কৰে সত্যৰঞ্জন বৰাই ৷
Published by: Himangshu Bhuyan
First published: September 30, 2020, 8:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি