হোজাইৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰায়ৰ বিৰুদ্ধে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই দাখিল কৰিলে গোচৰ। শুকুৰবাৰে পাঞ্চালিৰ পৰা হোজাই অভিমুখে আহি থকা অৱস্থাত লংকাৰ লস্কৰ পথাৰত সত্যৰঞ্জন বৰাক একাংশ উত্তেজিত লোকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
পিছত আক্ৰমণৰ ঘটনাক লৈ আৰক্ষী অধীক্ষকে ফোনত সত্যৰঞ্জনক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলি প্ৰথম অৱস্থাত লংকা থানাৰ প্ৰৱেশ গেটত প্ৰতিবাদত বহিছিল একাংশ সমৰ্থকসহ সত্যৰঞ্জন বৰা।
আৰক্ষীৰ আচৰণত ক্ষুন্ন হৈ নিশা লংকা থানাত আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰায়ৰ বিৰুদ্ধে সত্যৰঞ্জন বৰাই দাখিল কৰে এজাহাৰ। সত্যৰঞ্জন বৰাই দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ২৯৪/৫০৬ ধাৰাত ৩৬/২১ নম্বৰত পঞ্জীয়ন কৰিছে গোচৰ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|