• Home
  • »
  • News
  • »
  • assam
  • »
  • বটদ্ৰৱাত সত্যৰঞ্জন বৰাক ক’লা পতাকা প্ৰদৰ্শন, সত্যৰঞ্জনে ক’লে – মোক কোনেও বাধা দি ৰাখিব নোৱাৰে!

বটদ্ৰৱাত সত্যৰঞ্জন বৰাক ক’লা পতাকা প্ৰদৰ্শন, সত্যৰঞ্জনে ক’লে – মোক কোনেও বাধা দি ৰাখিব নোৱাৰে!

দল–সংগঠনে বাধা প্ৰধান কৰাৰ পিছতো হিন্দুত্ববাদী নেতাগৰাকী ৰাওনা হয় বটদ্ৰৱা থানলৈ।

দল–সংগঠনে বাধা প্ৰধান কৰাৰ পিছতো হিন্দুত্ববাদী নেতাগৰাকী ৰাওনা হয় বটদ্ৰৱা থানলৈ।

দল–সংগঠনে বাধা প্ৰধান কৰাৰ পিছতো হিন্দুত্ববাদী নেতাগৰাকী ৰাওনা হয় বটদ্ৰৱা থানলৈ।

  • Share this:
বটদ্ৰৱাত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা। নেতাগৰাকী বটদ্ৰৱাত উপস্থিত হোৱাৰ লগে লগে তীব্র প্ৰতিবাদৰ সন্মুখীন হয়। সত্যৰঞ্জন বৰা বটদ্ৰৱা থানলৈ অহাত বাধা প্রদান কৰে বিভিন্ন দল–সংগঠনে। বটদ্ৰৱা থানলৈ অহা মূল পথ শান্তিজান বজাৰত বিভিন্ন দল–সংগঠনে সত্যৰঞ্জন বৰাক ক’লা পতাকা প্ৰদৰ্শন কৰি উত্তাল প্ৰতিবাত সাব্যস্ত কৰি বাধা প্রদান কৰে।

দল–সংগঠনে বাধা প্ৰধান কৰাৰ পিছতো হিন্দুত্ববাদী নেতাগৰাকী ৰাওনা হয় বটদ্ৰৱা থানলৈ। দল–সংগঠনৰ নেতা–কৰ্মীয়ে থানৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তাল কৰি তোলে। হিন্দুত্ববাদী নেতাগৰাকীৰ সমৰ্থক আৰু দল–সংগঠনৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষীৰ উচ্চপদস্থ বিষয়াই এই পৰিস্থিতি নিয়ন্ত্রণ কৰে।

ইফালে সত্যৰঞ্জন বৰাই সাংবাদিকৰ আগত কয়,  ‘‘মই মোৰ গুৰুৰ ওচৰত আহিছো, কোনেও মোক বাধা দি ৰাখিব নোৱাৰে। গুৰুৰ ওচৰত আহিবলৈ কাৰো অনুমতিৰ প্ৰয়োজন নাই। ‘জয় শ্ৰীৰাম’ ধ্বনিৰ বিৰোধ কৰাসকল অসমীয়াই হওক বা হিন্দুৱে হওক তেওঁলোকে ‘জয় শ্রীৰাম’ ধ্বনিক অপমান কৰা নাই, অপমান কৰিছে গুৰুজনাক আৰু গুৰুজনাৰ অপুৰ্ব সৃষ্টি কীৰ্তন ঘোষাক।’’
Published by:Sanjay Kumar Das
First published: