உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • পটিয়ৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জগন্নাথ দেৱগোস্বামীৰ ১০২ বছৰত দেহাৱসান

    পটিয়ৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জগন্নাথ দেৱগোস্বামীৰ ১০২ বছৰত দেহাৱসান

    যোৱা ভাদ মাহত শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ তৰফৰ পৰা সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীয়ে তেওঁক " শতায়ু প্ৰদীপ " উপাধি প্ৰদান কৰিছিল।

    যোৱা ভাদ মাহত শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ তৰফৰ পৰা সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীয়ে তেওঁক " শতায়ু প্ৰদীপ " উপাধি প্ৰদান কৰিছিল।

    যোৱা ভাদ মাহত শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ তৰফৰ পৰা সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীয়ে তেওঁক " শতায়ু প্ৰদীপ " উপাধি প্ৰদান কৰিছিল।

    • Share this:

    যোৰহাটৰ লাহদৈগড় মইনাপৰীস্থিত ঐতিহাসিক পটিয়ৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জগন্নাথ দেৱগোস্বামী (Jagannath Devagoswami)ৰ আজি দুপৰীয়া ১২.৩০ বজাত বাৰ্ধক্যজনিত কাৰণত নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত সত্ৰাধিকাৰগৰাকীৰ বয়স হৈছিল ১০২ বছৰ।


    ৰংদৈ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰূপে অৱসৰ লৈ সত্ৰাধিকাৰৰ দায়িত্ব গ্ৰহণ কৰি সত্ৰীয়া সংস্কৃতি তথা গুৰু দুজনাৰ সৃষ্টিৰাজিৰ অধ্যয়ন,  সঠিক প্ৰচাৰ-প্ৰসাৰৰ ওপৰত বিশেষ সাধনা অব্যাহত ৰাখিছিল।


    শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ পিতৃ প্ৰয়াত জগন্নাথ দেৱগোস্বামীৰ লগতে পটিয়ৰী সত্ৰৰে মইনাপৰীয়া গাঁৱৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছিল। লক্ষীমপুৰৰ পৰা প্ৰায় সোতৰ শতিকাত পাঁচটি পৰিয়াল আহি লাহদৈগড় মইনাপৰীয়া গাঁও স্থাপন কৰাৰ সময়তে গুৰু-শিষ্য সমন্বিতে একেলগে বসবাস কৰিবৰ বাবে তেতিয়াই পটিয়ৰী সত্ৰ মইনাপৰীয়া গাঁৱত স্থাপন কৰা হৈছিল বুলি জনা যায়।


    উল্লেখ্য যে যোৱা ভাদ মাহত শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ তৰফৰ পৰা সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীয়ে তেওঁক " শতায়ু প্ৰদীপ " উপাধি প্ৰদান কৰিছিল।তেওঁৰ পৰলোকগামীত গভীৰ শোক প্ৰকাশ কৰি সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীয়ে কয়- 'পটিয়ৰী সত্ৰৰ বৰ্ষীয়ান সত্ৰাধিকাৰ জগন্নাথ দেৱগোস্বামীৰ পৰলোকত আমি মৰ্মাহত।'


    শতায়ু অতিক্ৰম কৰা অধ্যয়নপুষ্ট সত্ৰাধিকাৰগৰাকীক অভিনন্দন জনোৱাৰ মানসেৰে কাইলৈ সত্ৰৰ বাকৰিত পৰিয়ালৰ লগতে টীয়ক শাখা সাহিত্য সভা আৰু সমূহ চাওখাট হাতীগড় মৌজাৰ ৰাইজৰ সহযোগত "দ্বাধিকশত " বৰ্ষীয় অভিনন্দন অনুষ্ঠান তথা " শতায়ু প্ৰদীপ" গ্ৰন্থ উন্মোচনী শীৰ্ষক এক বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি তেওঁৰ হঠাৎ পৰলোকপ্ৰাপ্তি ঘটাত উক্ত অনুষ্ঠান বাতিল কৰিছে বুলি জানিবলৈ দিয়ে।মৃত্যুৰ সময়ত তেওঁ তিনিগৰাকী পুত্ৰ সন্তান, এগৰাকী বিবাহিত কন্যা , আত্মীয় কুটুম্ব তথা অগণন গুণমুগ্ধ ইহসংসাৰত এৰি থৈ যায়।


    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Gautam Barman
    First published: