মুখ্যপৃষ্ঠা »খবৰ »অসম »Sarbananda Sonowal : সৰ্বানন্দ সোণোৱাল 'ভীষ্ম'। সোণোৱালক ভীষ্ম আখ্যা কোনে দিলে? কোনে ক'লে সদায় মাজুলীৰ বিধায়ক হৈ থাকক সোণোৱাল?

Sarbananda Sonowal : সৰ্বানন্দ সোণোৱাল 'ভীষ্ম'। সোণোৱালক ভীষ্ম আখ্যা কোনে দিলে? কোনে ক'লে সদায় মাজুলীৰ বিধায়ক হৈ থাকক সোণোৱাল?

সৰ্বানন্দ সোণোৱালক 'ভীষ্ম' আখ্যা মাজুলীৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ। "ভীষ্মই যিদৰে বহু শ্ৰেষ্ঠ ত্যাগেৰে মানৱ সমাজত বিৰল আদৰ্শৰ চানেকি থৈ গ'ল, একেদৰে সৰ্বানন্দ সোণোৱালৰ ত্যাগো তেনেদৰেই অসমৰ ৰাজনীতিত সদায়েই অবিচল হৈ ৰ'ব।"

  • Share this:
হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত কোনো মন্ত্ৰীপদ গ্ৰহণ কৰা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আগন্তুক দিনত সোণোৱালে কি কৰিব তাকে লৈ ৰাজ্যৰ চুকে-কোণে ব্যাপক চৰ্চা। এনে এক প্ৰসংগতে শনিবাৰে সোণোৱালে "দলৰ নিষ্ঠাৱান কৰ্মীৰূপে, দলে যি নিৰ্দেশ দিয়ে সেই মতেই কাম কৰিম। মই মাত্ৰ এজনহে, মাজুলীৰ লগত অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু তত্বাৱধায়ক মন্ত্ৰী বিমল বৰা আছে। সকলোৱে মাজুলীক চাব" বুলি কৰা মন্তব্যই মাজুলীত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এই প্ৰসংগতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সৰ্বানন্দ সোণোৱালক 'ভীষ্ম' আখ্যা দিলে মাজুলীৰ শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে। "ভীষ্মই যিদৰে বহু শ্ৰেষ্ঠ ত্যাগেৰে মানৱ সমাজত বিৰল আদৰ্শৰ চানেকি থৈ গ'ল, একেদৰে সৰ্বানন্দ সোণোৱালৰ ত্যাগো তেনেদৰেই অসমৰ ৰাজনীতিত সদায়েই অবিচল হৈ ৰ'ব।" এই মন্তব্য কৰি সোণোৱালক 'ভীষ্ম' আখ্যা দিলে পীতাম্বৰ দেৱগোস্বামীয়ে।

সত্ৰাধিকাৰগৰাকীয়ে কয়, "আমি আশা কৰোঁ, কেন্দ্রীয় নেতৃত্বই কিবা মন্ত্ৰীত্বৰ কথা ক'লেও তেওঁ সেইবিলাকলৈ নগৈ মাজুলীৰ বুকুত সাধাৰণ বিধায়ক পদতে থাকি অসমৰ ৰাইজৰ হকে কাম কৰক।"

আনহাতে শ্ৰীশ্ৰী গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ হৰি দেৱগোস্বামীয়ে সৰ্বানন্দ সোণোৱালে মাজুলীক যোৱা পাঁচটা বছৰত নতুনকৈ প্ৰতিষ্ঠা কৰিলে বুলি উল্লেখ কৰি কয়, যে "মাজুলীবাসীয়ে তেখেতক এৰিব নিবিচাৰে, তেওঁক স্থানীয় বিধায়ক হিচাপে মাজুলীতেই থকাটো আমি বিচাৰো।"

শ্ৰীশ্ৰী নতুন কমলাবাৰী সত্ৰৰ জ্যেষ্ঠ বৈষ্ণৱ, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰভাত বৰা বুঢ়াভকতৰো আহ্বান, "মাজুলীবাসীৰ মৰম, শ্ৰদ্ধাক ত্যাগ কৰি গুচি যাব নালাগে। মাজুলীৰ বিধায়কৰ পদ এৰি নিদিয়াকৈ সৰ্বভাৰতীয় পৰ্যায়ত কিবা দায়িত্ব পালন কৰিলে আমাৰ আপত্তি নাই। কিন্তু মাজুলীৰ বিধায়কৰ পদ এৰি গুচি গ'লে মাজুলীৰ প্ৰতি সৰ্বানন্দ সোণোৱালে অন্যায় কৰা হ'ব।"

মাজুলীবাসীৰ আকুল আহ্বান সৰ্বানন্দ সোণোৱাল অহা পাঁচোটা বছৰ মাজুলীৰ বিধায়ক হৈ থাকক।

পিছে সময়েহে ক'ব, কি কৰিব সৰ্বানন্দ সোণোৱালে? 'ভীষ্ম'ৰ দৰে ত্যাগৰ মূৰ্তি হৈ মাজুলীতেই থাকিব, নে দিল্লীলৈ যাব?

শেহতীয়া বাতৰি