• Home
  • »
  • News
  • »
  • assam
  • »
  • সত্ৰৰ পৰা বহিষ্কাৰ শ'লগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ পৰিয়ালক, বোৱাৰী হত্যাকাণ্ডৰ পৰিণাম

সত্ৰৰ পৰা বহিষ্কাৰ শ'লগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ পৰিয়ালক, বোৱাৰী হত্যাকাণ্ডৰ পৰিণাম

ডেকা সত্ৰাধিকাৰ পদৰ পৰা অপসাৰণ কৰি অনির্দিষ্ট কাললৈ এঘৰীয়া কৰিলে সত্ৰৰ ভকত-বৈষ্ণৱে ।

ডেকা সত্ৰাধিকাৰ পদৰ পৰা অপসাৰণ কৰি অনির্দিষ্ট কাললৈ এঘৰীয়া কৰিলে সত্ৰৰ ভকত-বৈষ্ণৱে ।

ডেকা সত্ৰাধিকাৰ পদৰ পৰা অপসাৰণ কৰি অনির্দিষ্ট কাললৈ এঘৰীয়া কৰিলে সত্ৰৰ ভকত-বৈষ্ণৱে ।

  • Share this:

গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ শ'লগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত হৈছিল বোৱাৰী হত্যাকাণ্ডৰ এক গুৰুতৰ অভিযোগ। যি অভিযোগে সমগ্ৰ ৰাজ্যতে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সত্ৰকৃষ্টিৰ গুণ গৰিমাময় ইতিহাসত কালিমা সনা বটদ্ৰৱাৰ শ'লগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ ঘৰত পৰিকল্পিতভাৱে বোৱাৰীক হত্যা কৰা বুলি উত্থাপিত  অভিযোগত লজ্জিত বটদ্ৰৱাৰ ভকত-বৈষ্ণৱ।


বোৱাৰী হত্যাকাণ্ডৰ অভিযুক্ত  ডেকা সত্ৰাধিকাৰ ইন্দ্ৰ মহন্তৰ পৰিয়ালৰ কলংকিত ঘটনাৰ বিৰুদ্ধে অৱশেষত  কঠোৰ হ'ল বটদ্ৰৱাৰ শ'লগুৰি সত্ৰৰ ভকত-বৈষ্ণৱ। শ'লগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত আৰু সত্ৰৰ ভকত-বৈষ্ণৱে বোৱাৰী হত্যাকাণ্ডৰ অভিযুক্ত ডেকা সত্ৰাধিকাৰৰ বিৰুদ্ধে ল'লে এক কঠোৰ পদক্ষেপ। বটদ্ৰৱাৰ বৰ্ণিল সত্ৰীয়া মহাজীৱনত কলংকৰ সৃষ্টি কৰা ডেকা সত্ৰাধিকাৰ ইন্দ্ৰকান্ত মহন্তক ডেকা সত্ৰাধিকাৰৰ ধৰ্ম-সংস্কৃতিৰ দায়িত্ব আৰু পদবীৰ পৰা কৰিলে বহিষ্কাৰ।


বটদ্ৰৱাৰ সত্ৰীয়া সমাজ ব্যৱস্থাৰ পৰা ডেকা সত্ৰাধিকাৰৰ পৰিয়ালক কৰা হ'ল একাষৰীয়া। লগতে ইন্দ্ৰ মহন্তৰ পৰিয়ালটোক সামাজিকভাৱে অনিৰ্দিষ্ট কাললৈ সত্ৰৰ ভকত-বৈষ্ণৱে কৰিলে বৰ্জন। বটদ্ৰৱাৰ শ'লগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ ইন্দ্ৰকান্ত দেৱ মহন্তৰ ঘৰত সংঘটিত বোৱাৰী  হত্যাৰ দৰে জঘন্য অপৰাধক বটদ্ৰৱাৰ ভকত বৈষ্ণৱসকলে নিন্দা কৰাৰ লগতে সকলোৱে দিয়ে একেমুখে গৰিহনা।


উল্লেখ্য যে যোৱা ১১ জুলাইত  বটদ্ৰৱাৰ শ'লগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ ঘৰত বোৱাৰী নৱনীতা মহন্তক সম্পূৰ্ণ পৰিকল্পিতভাৱে হত্যা কৰাৰ গুৰুতৰ  অভিযোগ উত্থাপিত হৈছিল বটদ্ৰৱা শ'লগুৰিৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰসহ পুত্ৰ আৰু পত্নীৰ বিৰুদ্ধে। হত্যাৰ লগত জড়িত মূল অভিযুক্ত নৱনীতাৰ  স্বামী মৃগাংক দেৱ মহন্তক বটদ্ৰৱা আৰক্ষীয়ে ইতিমধ্য গ্রেপ্তাৰ কৰিছে যদিও এতিয়াও মুকলি আকাশৰ তলত আন তিনি অভিযুক্ত।


উল্লেখ্য,  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত ডেকা সত্ৰাধিকাৰৰ ঘৰৰ বোৱাৰী হত্যাকাণ্ডৰ আনকেইজন  অভিযুক্ত ডেকা সত্ৰাধিকাৰ ইন্দ্ৰকান্ত মহন্ত, হেমাংগ মহন্ত আৰু মাতৃ পুণ্যপ্ৰভা মহন্তৰ গ্ৰেপ্তাৰৰ দাবীত দুদিন পূৰ্বে স্হানীয় মহিলাসকলে বটদ্ৰৱা থানাত প্ৰতিবাদো সাব্যস্ত কৰিছিল ৷ তাৰ পিছতে সত্ৰৰ ভকত, বৈঞ্চৱ একত্ৰিত হৈ লয় এই কঠোৰ পদক্ষেপ ৷

Published by:Gautam Barman
First published: