ৰাজ্য চৰকাৰে ৰাজ্যখনৰ ৮খন জিলাত ২৩ ডিচেম্বৰত পাতিছিল নিয়োগ মেলা ৷ অসম চৰকাৰৰ নিয়োগ মেলাত শিক্ষিত যুৱক-যুৱতীক কৰ্ম সংস্থাপন দিয়াৰ বাবে নিয়োগ মেলা পাতিছিল ৷ কিন্তু এই নিয়োগ মেলা প্ৰতাৰণা আৰু প্ৰহসনত পৰিণত হোৱা দেখা গৈছিল। নিয়োগ মেলালৈ বহু আশা আৰু সপোন বুকুত বান্ধি অহা শিক্ষিত যুৱক-যুৱতীৰ পৰা বায়োডাটা আৰু নথিপত্ৰ সংগ্ৰহ কৰি সেইবোৰ মাটিত পেলাই থোৱাত ক্ষুব্ধ হৈ পৰিছিল দূৰ দূৰণিৰ পৰা অহা চাকৰিপ্ৰত্যাশী শিক্ষিত যুৱক-যুৱতীসকল ৷
শিক্ষিত যুৱক-যুৱতীসকলক প্ৰতাৰণা কৰাৰ অভিযোগত আজি মন্দিয়াত বৰপেটা জিলা ছাত্ৰ মুক্তিৰ সদস্যসকলে মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ( Satra Mukti Sangram Samiti Burn Effigy of CM) । প্ৰতিবাদী ছাত্ৰ মুক্তিৰ সদস্যসকলে অসম চৰকাৰৰ হায় হায়, BJP চৰকাৰ মুর্দাবাদ, হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) মুৰ্দাবাদ আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে ৷
পুত্তলিকা দাহ কাৰ্যসূচী জড়িত ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আলামিন হক, বৰপেটা (Barpeta) জিলা ছাত্ৰ মুক্তিৰ সভাপতি জেহেৰুল ইছলাম, বৰপেটা জিলা ছাত্ৰ মুক্তিৰ শিক্ষা সম্পাদক লোকমান আলী, সত্ৰ কনৰা আঞ্চলিকৰ সভাপতি জাবিদুল ইছলামক প্ৰতিবাদস্থলীৰ পৰা মন্দিয়া আৰক্ষীয়ে আটক কৰি মন্দিয়া আৰক্ষী চকীলৈ নিয়ে ৷
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|