শনিবাৰে নিশা নসত্ৰৰ কৃষ্ণ গুৰু সেৱাশ্ৰমত উপস্থিত হয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । শনিবাৰে নিশা ঌ বজাত আধ্যাত্মিক চিন্তাৰ কেন্দ্ৰস্থল কৃষ্ণ গুৰু সেৱাশ্ৰমত আহি উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । নিশা মূলদ্বাৰেৰে কৃষ্ণ গুৰু সেৱাশ্ৰমৰ মূল কীৰ্ত্তন ঘৰত সোমাই সেৱা গ্ৰহণ কৰি গুৰুৰ আশিস গ্ৰহণ কৰাৰ পাছত সুবৰ্ণ কুড়ত পদব্ৰজে প্ৰবেশ কৰে ।
ইয়াতে কিছু সময় এক নাম জপ কৰি গুৰু গৃহত প্ৰৱেশ কৰে । গুৰুগৃহত সেৱাশ্ৰমৰ আধ্যত্মিক গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভূৰ লগতে সেৱাশ্ৰমৰ ভক্তি মাতৃ কুন্তলা পাটোৱাৰী গোস্বামীক সাক্ষাৎ কৰি বিশেষ আলোচনাত মিলিত হয়। উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰি সৰ্বানন্দ সোণোৱালে কয় যে সকলোৰে মংগলৰ বাবে আজি গুৰু সেৱা কৰিবলৈ আশ্ৰমত উপস্থিত হৈছে। একেদৰে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুৰোধ মৰ্মে গুৱাহাটীৰ আয়ুৰ্বেদিক মহাবিদ্যালয়ক আধুনিক ৰূপ দিয়াৰ কাৰণে নতুন পৰিকল্পনা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীৰ হাতত পত্ৰ প্ৰদান কৰাৰ কথা জানিবলৈ দিয়ে।
অসমক লৈ আৰু বহু কেইটা মিছন আছে বুলিও মন্তব্য কৰি সৰ্বানন্দ সোণোৱালে অসম লোক সেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ সকলোকে শুভেচ্ছা জ্ঞাপন কৰে । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংগ দি কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় হৃষীকেশ গোস্বামী , মমিনুল আৱাল, শান্তনু ভড়ালী আৰু নলবাৰী জিলা বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|