সৰুপথাৰত প্ৰায় ৮৪০০০ লিটাৰ খাদ্য অনুপযোগী তেল জব্দ। তিনিখন টেংকাৰত পশ্চিম বংগৰ পৰা সৰুপথাৰৰ বিমল মিললৈ অনা হৈছিল তেল খিনি।
সৰুপথাৰত প্ৰায় ৮৪০০০ লিটাৰ খাদ্য অনুপযোগী তেল জব্দ। তিনিখন টেংকাৰত পশ্চিম বংগৰ পৰা সৰুপথাৰৰ বিমল মিললৈ অনা হৈছিল তেল খিনি।
ধনশিৰি মহকুমাৰ সৰুপথাৰত ভেজাল মিঠাতেলৰ ৰমৰমীয়া ব্যৱসায় চলাৰ এক গুৰুত্বৰ অভিযোগে উঠিছে এটা ব্যৱসায় প্ৰতিষ্ঠানৰ বিৰুদ্ধে। সৰুপথাৰৰ বিমল ৰাইচ মিলৰ বিৰুদ্ধে মিঠাতেলৰ নামত ৰাইজক বৰবিহ খুৱাইছে বুলি অভিযোগ উপস্থাপিত হৈছে । প্ৰতিষ্ঠানটোৱে বহিঃৰাজ্যৰ পৰা সৰবৰাহ কৰা প্ৰায় ৮৪০০০ লিটাৰ খাদ্য অনুপযোগী তেল জব্দ কৰিছে প্ৰশাসনে ।
তিনিখন টেংকাৰত পশ্চিম বংগৰ পৰা সৰুপথাৰৰ বিমল মিললৈ অনা হৈছিল তেলখিনি । মিলটোৰ চৌহদত তেলখিনি খালি কৰি থকা অৱস্থাতে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ নিৰ্দেশত প্ৰশাসন, যোগান বিভাগ আৰু আৰক্ষীয়ে জব্দ কৰে ভেজাল তেলখিনি। জব্দকৃত তেলখিনি ৰাইচ ব্ৰান অইল বুলি মিলৰ মালিক পক্ষই দাবী কৰিছে। কিন্তু তেলখিনৰ গুনগত মানদণ্ড সন্দৰ্ভত নাছিল খাদ্য সুৰক্ষা বিভাগৰ কোনো প্ৰমান পত্ৰ। মিঠাতেলত মিহলি কৰিবলৈ তেলখিনি অনা হৈছিল বুলি সন্দেহ কৰা হৈছে। ইপিনে তেল পৰিবাহী টেংকাৰ কেইখন জব্দ কৰাৰ লগতে প্ৰতিষ্ঠানটোৰ মালিক পক্ষকো আটক কৰাৰ দাবী জনাইছে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই ।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|