• Home
  • »
  • News
  • »
  • assam
  • »
  • সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা ! এইবাৰ বিদ্যুত সংযোগ বন্ধ কৰি দিলে নগাই ...

সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা ! এইবাৰ বিদ্যুত সংযোগ বন্ধ কৰি দিলে নগাই ...

সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা। নগাৰ বাবেই তিনি মাহেই বন্ধ হৈ পৰিছে সৌভাগ্য আচঁনিৰ গ্ৰাম্য বৈদ্যুতিকৰণৰ কাম। 

সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা। নগাৰ বাবেই তিনি মাহেই বন্ধ হৈ পৰিছে সৌভাগ্য আচঁনিৰ গ্ৰাম্য বৈদ্যুতিকৰণৰ কাম। 

সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা। নগাৰ বাবেই তিনি মাহেই বন্ধ হৈ পৰিছে সৌভাগ্য আচঁনিৰ গ্ৰাম্য বৈদ্যুতিকৰণৰ কাম। 

  • Share this:
গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তত এইবাৰ বিদ্যুত সংযোগ বন্ধ কৰি দিলে নগাই I৷ ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ বি চেক্টৰ উৰিয়ামঘাট জাহাজী গাঁৱৰ অসমৰ মাটিত APDCL ৰ অন্তৰ্গত সৌভাগ্য আচঁনিৰ গ্ৰাম্য বৈদ্যুতিকৰণৰ কামত বাধা নগা দুৰ্বৃত্তৰ ৷

উল্লেখযোগ্য যে, সীমান্তৰ বি চেক্টৰৰ হালধিবাৰী লাচিত গাঁও পঞ্চায়তৰ অন্তৰ্গত উক্ত জাহাজীবস্তিত এতিয়া নগাৰ বাধাৰ বাবেই বিগত তিনিমাহ ধৰি বিদ্যুত সংযোগৰ কাম কৰিব পৰা নাই সংশ্লিষ্ট তৃষ্ণা প্ৰজ্ঞা নামৰ ঠিকাদাৰী সংস্থাটোৱে ৷ আনহাতে  নিৰপেক্ষ বাহিনী হিচাপে থকা চিআৰপিএফৰ ভুমিকা অতি পক্ষপাতিত্বৰ অভিযোগ ঠিকাদাৰৰ ৷

ইফালে সৰুপথাৰ বিদ্যুৎ সংমণ্ডলৰ sdoয়ে নাগালেণ্ড প্ৰশাসনৰ হেচাত কাম বন্ধ কৰিবলৈ বাধ্য হোৱাৰ কথা স্বীকাৰ কৰে । তদুপৰি আগ্ৰাসী নগাই ভৱিষ্যতে সেই মাটিত অসম চৰকাৰে মালিকীস্বত্ব দাবী নকৰোঁ বুলি লিখিত প্ৰতিশ্ৰুতি দিলেহে কাম চলাবলৈ দিব বুলি জনাই। এনে নাভুত নাশ্ৰুত দাবীৰ বাবে বন্ধ হৈ পৰিছে সৌভাগ্য আঁচনিৰ গ্ৰাম্য বৈদ্যুতিকৰণৰ কাম।

উল্লেখ্য যে নগাৰ আগ্ৰাসনত অতিষ্ঠ সীমান্তৰ খিলঞ্জীয়া অসমীয়া, অসম নাগালেণ্ড সীমান্তৰ অসমৰ প্ৰতিটো উন্নয়নমূলক কাম কাজৰ ওপৰত বাধা আৰোপ কৰে নগাই ৷ তাৎপৰ্যপূৰ্ণভাৱে কথা এই যে, CRPF বাহিনীৰ কেম্পৰ সন্মুখতে অসমৰ শক্তি বিভাগৰ কাম বন্ধ কৰালে নগা  লোকে ৷ ইফালে, উক্ত ঘটনা সন্দৰ্ভত ধনশিৰি মহকুমা প্ৰশাসনক বিহীত ব্যৱস্থা লবলৈ দাবী ধনশিৰি মহকুমা চুতীয়া ছাত্র সন্থাৰ ৷
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি