মুখ্যপৃষ্ঠা »খবৰ »অসম »উৎকট গৰমতো কৰ্তব্যত নিয়োজিত থাকে তেওঁলোক, সৰুপথাৰৰ দুই যুৱকে কৰিলে প্ৰশংসনীয় কাম

উৎকট গৰমতো কৰ্তব্যত নিয়োজিত থাকে তেওঁলোক, সৰুপথাৰৰ দুই যুৱকে কৰিলে প্ৰশংসনীয় কাম

বুধবাৰে ৰাজপথত কৰ্তব্যত নিয়োজিত হৈ থকা আৰক্ষীক সহায়ৰ বাবি আগবাঢ়ি আহিল সৰুপথাৰৰ দুজন যুৱক।

বুধবাৰে ৰাজপথত কৰ্তব্যত নিয়োজিত হৈ থকা আৰক্ষীক সহায়ৰ বাবি আগবাঢ়ি আহিল সৰুপথাৰৰ দুজন যুৱক।

  • Share this:
উৎকট গৰম। ৩৯ ডিগ্ৰীলৈ উঠিছে তাপমাত্ৰা। তথাপিও কৰ্মত নিয়োজিত এইসকল কোভিড যোদ্ধা। কৰ্তব্যৰ নিৰ্ধাৰিত ৮ ঘণ্টা সময় কেতিয়াবাই উকলিল, তথাপিও কৰ্তব্যত ব্যস্ত। ঘৰলৈ কেতিয়া যাব তাৰ কোনো ধৰা বন্ধা নিয়ম নাই, কাৰণ এওঁলোক আৰক্ষী। দিনৰ ডিউটি শেষ হোৱাৰ পিছত সন্ধিয়াৰ ৬ বজাৰ পৰা সান্ধ্য আইন। নিজ কৰ্তব্যৰ ধৰা–বন্ধা নিয়ম পাৰ হোৱাৰ পিছতো ৩৯ ডিগ্ৰী গৰমতো কৰ্তব্য কৰিবলৈ বাধ্য এওঁলোক। কিন্তু তাৰ মাজতো একাংশৰ সমালোচনাৰ সন্মুখীন হয় এই সকল আৰক্ষী৷ কিন্তু সকলো লোক একে নহয়। কিছুমানে সমালোচনা কৰিলেও, কিছু সহানুভূতিশীল লোকো আছে।

বুধবাৰে ৰাজপথত কৰ্তব্যত নিয়োজিত হৈ থকা আৰক্ষীক সহায়ৰ বাবি আগবাঢ়ি আহিল সৰুপথাৰৰ দুজন যুৱক। উৎকট গৰমত কৰ্তব্যত ব্যস্ত আৰক্ষীৰ জোৱান সকলক একাপ চাহৰ যোগান ধৰে সৰুপথাৰ নগৰৰ দুজন যুৱকে। দীপক প্ৰচাৰ অৰু শুভম শৰ্মা নামৰ দুজন যুৱকে সন্ধিয়া সৰুপথাৰ নগৰত কৰ্তব্যত নিয়োজিত আৰক্ষীৰ জোৱান সকলক দেখি নিজৰ ঘৰতেই চাহ বনাই আনি খাবলৈ দিয়ে। কৰ্তব্যৰ মাজতেই একাপ চাহ খাই আনন্দ অনুভৱ কৰিলে আৰক্ষীৰ জোৱান সকলে। সকলো দোকান বন্ধ, তাৰ মাজতেই এইদৰে একাপ মাত্ৰ চাহেই যঠেষ্ট অনুপ্ৰেৰণা যোগাইছে বুলি কয় কৰ্তব্যত ব্যস্ত অসম আৰক্ষীৰ জোৱানসকলে।

শেহতীয়া বাতৰি