• Home
  • »
  • News
  • »
  • assam
  • »
  • পথাৰত চিৰাল ফাট, বৰষুণৰ বাবে কৃষকৰ হাহাকাৰ। কৃষকক সকাহ দিবলৈ বিধায়কে নিজে ল'লে উদ্য়োগ।

পথাৰত চিৰাল ফাট, বৰষুণৰ বাবে কৃষকৰ হাহাকাৰ। কৃষকক সকাহ দিবলৈ বিধায়কে নিজে ল'লে উদ্য়োগ।

বিধায়কৰ উপস্থিতিত বিভাগীয় কৰ্তৃপক্ষই তিনিটা পানী যোগান আঁচনি কাৰ্য্যক্ষম কৰি তোলে । বিকল হৈ থকা অন্য পানী যোগান আঁচনিসমূহো তিনি দিনৰ ভিতৰত কাৰ্য্যক্ষম কৰি তুলিবলৈ ব্যৱস্থা গ্রহণ।

  • Share this:
কোৰোণাৰ বিভীষিকাৰ মাজতেই ভূতৰ ওপৰত দানহ পৰা দি ধনশিৰি মহকুমাৰ কৃষকক জুৰুলা কৰিছে খৰাং বতৰে। জেঠ মাহ শেষ হ'বৰ হ'ল, কিন্তু পথাৰত পাৰিব পৰা নাই কঠিয়া। পানীৰ অভাৱত পথাৰত মেলিছে চিৰাল ফাট।

দুখৰ দিনত কৃষক ৰাইজৰ কাষত থিয় দিছে সৰুপথাৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক বিশ্বজিৎ ফুকন। পানীৰ অভাৱত সমষ্টিটোৰ কৃষক ৰাইজে আজিলৈকে কঠীয়া পাৰিব পৰা নাই । সমষ্টিটোৰ সৰুপথাৰ আৰু বৰপথাৰৰ বিভিন্ন স্থানত থকা জলসিঞ্চন আঁচনি সমূহো বিকল হৈ থকাৰ বাবে পানীৰ যোগান ধৰিব পৰা নাই কৃষি ভূমিত । যাৰ ফলত বতৰৰ ওপৰত নিৰ্ভৰ কৰি বৰষুণৰ অপেক্ষাত মূৰে কপালে হাত দি থাকিব লগা হৈছে কৃষকসকলে।

কৃষকৰ এনে দুৰ্দশাৰ সময়ত জলসিঞ্চন, কৃষি আৰু বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰীক লগত লৈ বিধায়কগৰাকীয়ে পৰিদৰ্শন কৰে জলসিঞ্চন প্ৰকল্পসমুহ । বিধায়ক গৰাকীৰ উপস্থিতিত বিভাগীয় কৰ্তৃপক্ষই তিনিটা পানী যোগান আঁচনি কাৰ্য্যক্ষম কৰি তোলে । বিকল হৈ থকা অন্য পানী যোগান আঁচনি সমূহো তিনি দিনৰ ভিতৰত কাৰ্য্যক্ষম কৰি তুলিবলৈ ব্যৱস্থা গ্রহণ কৰাৰ আশ্বাস প্রদান কৰে ।

সমষ্টিটোৰ অন্তৰ্গত বৰপথাৰ আৰু সৰুপথাৰ অঞ্চলৰ ৭টা পানী যোগান আঁচনি পৰিদৰ্শন কৰে বিধায়ক গৰাকীয়ে । অকল জলসিঞ্চন আঁচনি পৰিদৰ্শন কৰাই নহয় এই দুৰ্যোগৰ সময়ত কৃষক ৰাইজৰ সুবিধাৰ্থে ১০০ বিঘা মাটিত কঠিয়া পৰাৰ কথাও সদৰী কৰে বিধায়ক বিশ্বজিৎ ফুকনে ।
Published by:Manjumoni Borah
First published: