মুখ্যপৃষ্ঠা » খবৰ

» অসম

»সৰুপথাৰৰ স্বাধীনতা সংগ্ৰামী ঘনকান্ত মহন্তৰ দেহাৱসান। কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু।

সৰুপথাৰৰ স্বাধীনতা সংগ্ৰামী ঘনকান্ত মহন্তৰ দেহাৱসান। কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু।

News18 Assam | News18-Assam
Updated:June 6, 2021, 7:06 PM IST
সৰুপথাৰৰ স্বাধীনতা সংগ্ৰামী ঘনকান্ত মহন্তৰ দেহাৱসান। কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু।
নিজ বাসভৱনত কোৱাৰেণ্টাইন হৈ থকা অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে ঘনকান্ত মহন্তই। 

নিজ বাসভৱনত কোৱাৰেণ্টাইন হৈ থকা অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে ঘনকান্ত মহন্তই। 

  • Share this:
কোভিড আক্ৰান্ত হৈ স্বৰ্গগামী হ'ল সৰুপথাৰৰ বিশিষ্ট মুক্তি যুঁজাৰু ঘনকান্ত মহন্ত । এক দীঘলীয়া জীৱন পৰিক্ৰমা অতিক্ৰম কৰি অৱশেষত নিয়তিৰ ওচৰত ৯৬ বছৰ বয়সত হাৰ মানিলে বৰপথাৰ মৌজাৰ পাভজান গাঁৱৰ নিবাসী স্বাধীনতা সংগ্ৰামীজনে । নিজ বাসভৱনত কোৱাৰেণ্টাইন হৈ থকা অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে ঘনকান্ত মহন্তই।

গোলাঘাট জিলাৰ মহন্তই আছিল অন্তিমজন মুক্তি যুঁজাৰু। উল্লেখ্য যে মুক্তি যুঁজাৰু ঘনকান্ত মহন্তৰ জ্যেষ্ঠ পুত্ৰ শিক্ষক দুস্মন্ত মহন্ত মাত্ৰ চাৰি দিনৰ পূৰ্বে কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হৈছিল। ইপিনে তেখেতৰ কনিষ্ঠ পুত্ৰ সাংবাদিক হেমন্ত কুমাৰ মহন্তও কোভিড আক্ৰান্ত হৈ বৰ্তমান গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। স্বাধীনতা সংগ্ৰামীজনৰ ৬জনীয়া পৰিয়ালটোৰ আটাইকেইজনেই কোভিড-১৯ত আক্ৰান্ত হৈছে আৰু পৰিয়ালটো বৰ্তমান কোৱাৰেণ্টাইন হৈ আছে।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা মুক্তি যুঁজাৰু ঘনকান্ত মহন্তক চৰকাৰীভাৱে এজন চিকিৎসক নিয়োগ কৰি ঘৰতে চিকিৎসা প্ৰদান কৰি থকা হৈছিল। স্বাধীনতা সংগ্ৰামীজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

ধনশিৰি মহকুমাৰ মুক্তিযুজাঁৰু সন্মিলনৰ সভাপতি তথা অঞ্চটোৰ এগৰাকী বিশিষ্ট সমাজ সেৱক ঘনকান্ত মহন্তৰ বিয়োগত ধনশিৰি মহকুমা সাংবাদিক সংস্থা, বৰপথাৰ প্ৰেছ ক্লাব, বৰপথাৰ ব্যৱসায়ী সন্থা আৰু গোলাঘাট জিলা সাংবাদিক সন্থাৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
Published by: Manjumoni Borah
First published: June 6, 2021, 7:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি