মুখ্যপৃষ্ঠা »খবৰ »অসম »আধ্যাত্মিক চিন্তাৰ প্ৰাণকেন্দ্ৰ সৰ্থেবাৰীৰ নসত্ৰস্থিত কৃষ্ণ গুৰু সেৱাশ্ৰমৰ ধৰ্মালোচনী সভাত মুখ্য অতিথি হিচাপে ভাৰ্চুৱেল পদ্ধতিৰে অংশগ্ৰহণ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ...

আধ্যাত্মিক চিন্তাৰ প্ৰাণকেন্দ্ৰ সৰ্থেবাৰীৰ নসত্ৰস্থিত কৃষ্ণ গুৰু সেৱাশ্ৰমৰ ধৰ্মালোচনী সভাত মুখ্য অতিথি হিচাপে ভাৰ্চুৱেল পদ্ধতিৰে অংশগ্ৰহণ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ...

আধ্যাত্মিক চিন্তাৰ প্ৰাণকেন্দ্ৰ সৰ্থেবাৰীৰ নসত্ৰস্থিত  কৃষ্ণ গুৰু সেৱাশ্ৰমৰ ধৰ্মালোচনী সভাত ভাৰ্চুৱেল পদ্ধতিৰে মুখ্য অতিথি হিচাপে আজি অংশগ্ৰহণ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

আধ্যাত্মিক চিন্তাৰ প্ৰাণকেন্দ্ৰ সৰ্থেবাৰীৰ নসত্ৰস্থিত  কৃষ্ণ গুৰু সেৱাশ্ৰমৰ ধৰ্মালোচনী সভাত ভাৰ্চুৱেল পদ্ধতিৰে মুখ্য অতিথি হিচাপে আজি অংশগ্ৰহণ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

  • Share this:
আধ্যাত্মিক চিন্তাৰ প্ৰাণকেন্দ্ৰ সৰ্থেবাৰীৰ নসত্ৰস্থিত  কৃষ্ণ  গুৰু সেৱাশ্ৰমৰ ধৰ্মালোচনী সভাত মুখ্য অতিথি হিচাপে আজি অংশ গ্ৰহণ কৰে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ভাৰ্চুৱেল পদ্ধতিৰে মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

৬ জানুৱাৰীৰ পৰা আশ্ৰমত চলি আছে এমহীয়া অখণ্ড একনাম কীৰ্ত্তন। চল্লিশ হাজাৰ ভক্তই  শুনিলে প্ৰধান মন্ত্ৰীৰ  উদাক্ত ভাষণ।কৃষ্ণ বন্দনাৰে মুখৰিত আধ্যাত্মিক চিন্তাৰ কেন্দ্ৰ কৃষ্ণ গুৰু সেৱাশ্ৰম। কৃষ্ণ গুৰু সেৱাশ্ৰমৰ ধৰ্মালোচনী সভাত পোন প্ৰথমবাৰৰ বাবে মুখ্য অতিথি হিচাপে ভাৰ্চুৱেল পদ্ধতিৰে অংশ লৈ প্ৰধান মন্ত্ৰীয়ে প্ৰদান কৰিলে ভাষণ। সভাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী তথা আশ্ৰমৰ শিষ্য সৰ্বানন্দ সোণোৱাল।

সৰ্থেবাৰীৰ নসত্ৰস্থিত কৃষ্ণ গুৰু সেৱাশ্ৰমত চলি আছে এমহীয়া অখণ্ড এক নাম কীৰ্ত্তন। কৃষ্ণ গুৰু এক নাম কীৰ্ত্তনত ভাগ লৈছে হাজাৰ হাজাৰ ভক্তই। আজি কৃষ্ণ গুৰু মহাবিদ্যালয়ৰ খেল পথাৰত অনুস্থিত ধৰ্মালোচনী সভাত অংশ গ্ৰহণ কৰিলে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ভাৰ্চুৱেল পদ্ধতিৰে অংশ গ্ৰহণ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ  মোডীয়ে আধ্যাত্মিক চিন্তাৰ প্ৰাণকেন্দ্ৰ কৃষ্ণ গুৰু সেৱাশ্ৰম সম্পৰ্কত কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চল্লিশ হাজাৰ ভক্তক উদ্দেশ্যি এইদৰে প্ৰদান কৰিলে আধ্যাত্মিক ভাষণ। প্ৰধান মন্ত্ৰীৰ ভাষণ শুনি আপ্লুত হল কৃষ্ণ গুৰুৰ ভকতসকল। আজিৰ ধৰ্মালোচনী সভাত দেখা গ'ল কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ৰনোজ পেগু আৰু বিমল বৰাক।

শেহতীয়া বাতৰি