মানুহ যেতিয়া বানত ককবকাই আছে ৰাজ্য চৰকাৰে হাত দাঙি দিছে। দুখীয়া মানুহসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। স্কুল, কলেজ, বিশ্ববিদ্যালয় বন্ধ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে: বিধায়ক মনোৰঞ্জন তালুকদাৰ
মানুহ যেতিয়া বানত ককবকাই আছে ৰাজ্য চৰকাৰে হাত দাঙি দিছে। দুখীয়া মানুহসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। স্কুল, কলেজ, বিশ্ববিদ্যালয় বন্ধ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে: বিধায়ক মনোৰঞ্জন তালুকদাৰ
সৰভোগৰ চিপিআইএমৰ কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে। সংবাদমেলত বিধায়ক গৰাকীয়ে অসমৰ বৰ্তমান বান পৰিস্থিতি অভূতপূৰ্ব হৈছে বুলি তেওঁ মন্তব্য কৰে।তেওঁ উল্লেখ কৰে ১৪ জুনৰ পৰা বৰষুণ আৰম্ভ হৈছে, ১৫ত গুৱাহাটী মহানগৰ ডুবিছে।১৬ আৰু ১৭ জুনত সমগ্ৰ অসমৰ মানুহ ক্ষতিগ্ৰস্ত হৈছে। বৰষুণৰ পানীতে আমাৰ ৰাজ্যখন আক্ৰান্ত হৈছে। এনে ক্ষেত্ৰত মানুহ যেতিয়া বানত ককবকাই আছে ৰাজ্য চৰকাৰে হাত দাঙি দিছে। দুখীয়া মানুহসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। স্কুল, কলেজ, বিশ্ববিদ্যালয় বন্ধ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।
অসম বিধানসভাৰ বিধায়কৰ দল এটি আমি ১৪ তাৰিখে কাশ্মীৰলৈ গৈছিলোঁ। বিজেপিৰ বিধায়ক শিবু মিশ্ৰ এই দলৰ সভাপতি আছিল। ভাস্কৰ শৰ্মা, পৃথিৰাজ ৰাভা,মনোৰঞ্জন তালুকদাৰ এই চৰকাৰী কামৰ সঁজাতি দলত আছিল। এই ক্ষেত্ৰত বিধায়ক মনোৰঞ্জন তালুকদাৰ কয় যে,কাশ্মীৰত তেওঁ প্ৰমোদ বিহাৰত যোৱা বুলি ছোচিয়েল মিডিয়াত অপপ্ৰচাৰ চলোৱা হৈছে।অসম চৰকাৰৰ তৰফৰ পৰা দলটিয়ে অধ্যয়নৰ বাবে গৈছিলোঁ। জম্মু কাশ্মীৰৰ গাঁও পঞ্চায়তৰ কাম-কাজ, টাউন-হাউচিঙৰ কাম চাবলৈ ভাৰত চৰকাৰে আমাক পঠিয়াইছিল। ৰুৰেল ডেভলপমেণ্ট বিভাগৰ লগত আলোচনা হয়।
বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে,ৰঞ্জিত কুমাৰ দাসৰ সমষ্টি পাটাছাৰকুছিত বানপানীৰ সমস্যা অধিক হোৱা দেখা গৈছে। সৰভোগৰ প্ৰতি ইমান প্ৰেম যদি সৰভোগ সমষ্টি এৰি কিয় পাটাছাৰকুছিলৈ পলাইছিল বুলি কটাক্ষ কৰে। তেওঁৰ নিজৰ সমষ্টি বানপানীত ধ্বংসস্তূপত পৰিণত হৈছে।বিজেপিৰ আই.টি চেলত লিখা-মেলা কৰাসকল মুৰ্খ। তেওঁলোকৰ প্ৰতি পুতৌ প্ৰকাশ কৰে। সুস্থ ৰুচি সম্পন্ন নহয় বুলিও অভিহিত কৰে। সৰভোগ গাঁও, ডেকাৰবড়ী, জশীহাতীত কিয় নগ'ল ৰঞ্জিত কুমাৰ দাস! বগুলামাৰি, বালাপেট, চান্দামাৰীত ৰিলিফ প্ৰদান কৰা হৈছে। লোকৰ পিঠাৰে বিজেপিয়ে বিহু পাতে বুলিও তেওঁ কয়। আধা কিলো চিৰা লৈ বিজেপিয়ে ৰিলিফ দিছে। মনোৰঞ্জন তালুকদাৰে চছিয়েল মিডিয়াত ব্যস্ত নাথাকি হাতে-কামে লাগিবলৈ আহ্বান জনায়। হাফপেণ্ট পিন্ধা ৰাজনীতি বন্ধ কৰিবলৈ ৰঞ্জিত কুমাৰ দাসক আহ্বান জনায়। ভট্টদেৱ বিশ্ববিদ্যালয়ত সোমাই পাম্পেৰে পানী সিঁচি দেখুৱাবলৈও বিধায়গৰাকীয়ে কয়।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|