মুখ্যপৃষ্ঠা »খবৰ »অসম »নগাঁও আৰু কাছাৰ কাগজ কলৰ নিলামৰ বিৰোধিতা সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ। নিলামৰ জাননী প্রত্যাহাৰ কৰাৰ দাবী।

নগাঁও আৰু কাছাৰ কাগজ কলৰ নিলামৰ বিৰোধিতা সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ। নিলামৰ জাননী প্রত্যাহাৰ কৰাৰ দাবী।

দুয়ােটা কাগজ কল ৰাজহুৱা খণ্ডত পুনৰুজ্জীৱিত কৰাৰ ব্যৱস্থা কৰা, বিজেপি দলে দিয়া নির্বাচনী প্রতিশ্রতি ৰক্ষা কৰাৰ দাবী।

দুয়ােটা কাগজ কল ৰাজহুৱা খণ্ডত পুনৰুজ্জীৱিত কৰাৰ ব্যৱস্থা কৰা, বিজেপি দলে দিয়া নির্বাচনী প্রতিশ্রতি ৰক্ষা কৰাৰ দাবী।

দুয়ােটা কাগজ কল ৰাজহুৱা খণ্ডত পুনৰুজ্জীৱিত কৰাৰ ব্যৱস্থা কৰা, বিজেপি দলে দিয়া নির্বাচনী প্রতিশ্রতি ৰক্ষা কৰাৰ দাবী।

  • Share this:
নগাঁও আৰু কাছাৰ কাগজ কলৰ নিলামৰ জাননীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷ দেওবাৰে বৰপেটাৰোড প্ৰেছ ক্লাৱত এক সংবাদমেলত বিধায়ক মনোৰঞ্জন তালুকদাৰে  ১ জুনত ৰাষ্ট্রীয় কোম্পানী আইন ট্রিবিউনেল (National Company Law Tribunal)ৰ পদক্ষেপক তীব্ৰ বিৰোধিতা কৰে ৷

ৰাজ্যৰ চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কাগজ কল দুটা বন্ধ তথা বিক্ৰী নহয় বুলি বিধানসভাৰ ভিতৰে-বাহিৰে বাৰম্বাৰ ঘোষণা কৰিছিল । আনকি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাগজ কল পুনৰুজ্জীৱিত কৰা হ'ব বুলি কোৱা কথা জীয়া ফাকিলৈ ৰূপান্তৰিত হোৱা বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে। নিলাম ঘােষণাৰ দ্বাৰা বিজেপি চৰকাৰ যে ৰাজহুৱা খণ্ড বিৰােধী তথা শ্রমিক বিৰােধী অৱস্থান লৈছে সেইটো স্পষ্ট হৈ পৰিছে বুলিও কয় বিধায়ক মনোৰঞ্জন তালুকদাৰে।

কাগজ কল দুটাৰ নিলামৰ জাননী প্রত্যাহাৰ কৰা, দুয়ােটা কাগজ কল ৰাজহুৱা খণ্ডত পুনৰুজ্জীৱিত কৰাৰ ব্যৱস্থা কৰা, পুনৰুজ্জীবিত নােহোৱালৈকে কাগজ কল দুটাৰ শ্ৰমিক কর্মচাৰীৰ বকেয়া ধন শীঘ্ৰে আদায় দি মাহেকীয়া মজুৰী প্ৰদান কৰা, বিজেপি দলে দিয়া নির্বাচনী প্রতিশ্রতি ৰক্ষা কৰা, NCLATৰ পৰামৰ্শ কাৰ্য্যকৰী কৰাৰ বাবে চৰকাৰক দাবী জনায় ৷

শেহতীয়া বাতৰি