অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে আয়ুষ মন্ত্ৰীৰ লগতে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে বুধবাৰে সোণোৱালে প্ৰধানমন্ত্ৰী মোদীৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। উল্লেখ্য যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ অধীনত ২০১৪ চনত দপ্তৰ গঠন হোৱাৰ পিছত সৰ্বানন্দ সোণোৱাল হৈছে দ্বিতীয়গৰাকী আয়ুষ মন্ত্ৰী।
আজি দায়িত্বভাৰ চমজি লোৱাৰ সময়ত বন্দৰ, জাহাজ আৰু জলপথৰ সচিব ড০ সঞ্জীৱ ৰঞ্জনে সোণোৱালক মন্ত্ৰালয়ৰ বিভিন্ন প্ৰকল্পৰ স্থিতিৰ বিষয়ে অৱগত কৰে। মন্ত্ৰীজনে তেওঁৰ চেম্বাৰত মন্ত্ৰালয়ৰ সকলো জ্যেষ্ঠ বিষয়াৰ সৈতে বাৰ্তালাপ কৰে। সোণোৱালে কয় যে তেওঁৰ ওপৰত দিয়া দায়িত্ব সঠিক ৰূপে পৰিচালনা কৰিবলৈ তেওঁ সম্ভৱপৰ সকলো প্ৰচেষ্টা কৰিব।
জল পৰিবহণ ভৱনৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়ত মন্ত্ৰীগৰাকীক এমঅ'পিএছডব্লিউৰ অতিৰিক্ত সচিব সঞ্জয় বন্দোপাধ্যায়, যুটীয়া সচিব (বন্দৰ) বিক্ৰম সিং আৰু অন্যান্য বিষয়াই আদৰণি জনায়। উল্লেখ্য, অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ আগেয়ে সোণোৱালে ২০১৪ চনৰ পৰা ২০১৬ চনলৈ ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|