ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ অনুষ্ঠান। কেইবাগৰাকী নেতাই আজি সন্ধিয়া মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে। শপত গ্ৰহণ কৰিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও।
ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ অনুষ্ঠান। কেইবাগৰাকী নেতাই আজি সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে।
কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও। দুই নম্বৰতে কেন্দ্ৰীয় মন্ত্ৰীৰূপে শপত ল'লে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। মহাৰাষ্ট্ৰৰ নাৰায়ণ ৰাণেই সৰ্বপ্ৰথমে শপত লয়। তাৰ পিছতেই অসমৰ বিজেপি নেতা সৰ্বানন্দ সোণোৱালে শপত লয়। ইংৰাজীতে শপত বাক্য পাঠ কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|