• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিলে সৰ্বানন্দ সোণোৱালে, মাজুলী সম্পৰ্কত কি ক’লে সোণোৱালে?

ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিলে সৰ্বানন্দ সোণোৱালে, মাজুলী সম্পৰ্কত কি ক’লে সোণোৱালে?

৪ অক্টোবৰত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন আৰু সেইদিনাই বিয়লিৰ ভাগলৈ ঘোষণা কৰা হ’ব ফলাফল।

৪ অক্টোবৰত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন আৰু সেইদিনাই বিয়লিৰ ভাগলৈ ঘোষণা কৰা হ’ব ফলাফল।

৪ অক্টোবৰত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন আৰু সেইদিনাই বিয়লিৰ ভাগলৈ ঘোষণা কৰা হ’ব ফলাফল।

  • Share this:
ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মনোনয়ন দাখিলৰ সময়ত সোণোৱালক সংগ দিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অতুল বৰাই। অসম বিধানসভাৰ প্ৰধান সচিবৰ হাতত মনোনয়ন দাখিল কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

৪ অক্টোবৰত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন আৰু সেইদিনাই বিয়লিৰ ভাগলৈ ঘোষণা কৰা হ’ব ফলাফল। বৰ্তমানলৈ বিৰোধীয়ে ঘোষণা কৰা নাই ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী। বিনা প্ৰতিদ্বন্দ্বিতাই সৰ্বানন্দ সোণোৱাল জয়ী হোৱাৰ সম্ভাৱনা।

মনোনয়ন দাখিলৰ পিছত সংবাদ মাধ্যমৰ আগত সৰ্বানন্দ সোণোৱালে কয়, ‘‘মাজুলীৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছো। সময়ত দলে সিদ্ধান্ত ল'ব মাজুলী সম্পৰ্কত। মই যি পৰ্যায়ত নাথাকিলেও মাজুলী, অসমবাসী, ভাৰতবাসীৰ প্ৰতি সেৱা আগবঢ়াই যাম। মাজুলীৰ বিধায়ক পদ ত্যাগৰ ক্ষেত্ৰত সময় আছে, আজি মনোনয়ন দাখিল হৈছেহে।’’

সোণোৱালে ক’লে – বিজেপি আৰু মিত্ৰদলৰ বিধায়কসকলৰ সহযোগত মনোনয়ন পত্ৰ দাখিল কৰা হ'ল। নৰেন্দ্ৰ মোদী, জে পি নাড্ডা, অমিত শ্বাহ, বি এল সন্তোষ ডাঙৰীয়াক ধন্যবাদ। অসমৰ মুখ্যমন্ত্ৰী, ৰাজ্যিক বিজেপিৰ সভাপতি, বিধায়ক-সাংসদক ধন্যবাদ, অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছো। অসমৰ সেৱা কৰাৰ বাবে ৰাষ্ট্ৰীয় নেতৃত্বই ৰাজ্যসভাৰ বাবে নাম প্ৰস্তাৱ কৰিছে।
Published by:Sanjay Kumar Das
First published: