உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • খনন চলিছে গংগা-ব্ৰহ্মপুত্ৰত, ওচৰ চাপিব সাগৰ-নদী, সহজ হ'ব সামগ্ৰীৰ ৰপ্তানি-আমদানিঃ সৰ্বানন্দ সোণোৱাল 

    খনন চলিছে গংগা-ব্ৰহ্মপুত্ৰত, ওচৰ চাপিব সাগৰ-নদী, সহজ হ'ব সামগ্ৰীৰ ৰপ্তানি-আমদানিঃ সৰ্বানন্দ সোণোৱাল 

    Dredging of Brahmaputra: উত্তৰ-পূৰ্বাঞ্চললৈ সম্ভাৱনাৰ দুৱাৰ মুকলিত ব্যস্ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল 

    Dredging of Brahmaputra: উত্তৰ-পূৰ্বাঞ্চললৈ সম্ভাৱনাৰ দুৱাৰ মুকলিত ব্যস্ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল 

    Dredging of Brahmaputra: উত্তৰ-পূৰ্বাঞ্চললৈ সম্ভাৱনাৰ দুৱাৰ মুকলিত ব্যস্ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল 

    • Share this:

    ৰপ্তানি এতিয়া ব্যয়বহুল নহ'ব, ব্যয়বহুল নহ'ব বিভিন্ন সামগ্ৰীৰ আমদানিও ৷ সাগৰ আৰু নদী পথক সংযোগ কৰি এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাৰ চেষ্টা কৰিছে ভাৰত চৰকাৰৰ বন্দৰ আৰু জাহাজ মন্ত্ৰণালয়ে । অসম তথা উত্তৰ-পূবক (North-East region) অৰ্থনৈতিকভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত জল পথক অধিক সম্ভাৱনাময় কৰি  তোলাৰ প্ৰয়াস কেন্দ্ৰীয় বন্দৰ, জাহাজ দপ্তৰৰ মন্ত্ৰী (Union Minister of Ports, Shipping & Waterways and AYUSH) সৰ্বানন্দ সোণোৱালৰ ।


    অসমৰ কৃষিজাত সামগ্ৰীয়ে লাহে লাহে দখল কৰিবলৈ লৈছে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰ ৷ বিশেষকৈ অসমৰ চাহৰ আছে আন্তঃৰাষ্ট্ৰীয় খ্যাতি ৷ অসমৰ অন্যান্য কৃষি উৎপাদিত সামগ্ৰীৰ ৰপ্তানি হোৱাৰ বিপৰীতে অসমে আন ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰা ভিন্ন  সামগ্ৰীৰো দীৰ্ঘদিন ধৰি কৰি আহিছে আমদানি ৷ পূৰ্বে সামগ্ৰী ৰপ্তানি বা আমদানিৰ বাবে অসম তথা উত্তৰপূৰ্বাঞ্চলে ৰে'ল পথ আৰু বায়ু পথ ব্যৱহাৰ কৰিছিল, য'ত ব্যয় হৈছিল অধিক সময়, অধিক ধনৰ ৷ পৰিবহন ব্যৱস্থাটোক অধিক ত্বৰান্বিত কৰিবৰ বাবে মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছৰে পৰা তৎপৰতা অব্যাহত ৰাখিছে সৰ্বানন্দ সোণোৱালে ৷ ভ্ৰমণ কৰিছে দেশৰ বিভিন্ন বন্দৰ ৷


    ইয়াৰ মাজতে দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Sarbananda Sonowal)ৰ আন এক বৃহৎ ঘোষণা- "পাণ্ডুত হ'ব জাহাজ মেৰামতিৰ কাম ৷ পাণ্ডুত এই কাম হ'লে জাহাজ আৰু বন্দৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকল লাভান্বিত হ'ব ৷ কাৰণ, এখন জাহাজ বেয়া হ'লে মেৰামতিৰ বাবে নিব লাগিলে নিবলগীয়া হৈছিল কলকাতালৈ ৷ ছমাহতকৈ অধিক সময় লাগিছিল মেৰামতি হৈ জাহাজখন ঘূৰি অহাত ৷ মানুহবোৰৰ মন ভাগি পৰিছিল ৷ হতাশ হৈ পৰিছিল ৷ এতিয়া সেই হতাশা দূৰ হ'ব ৷"


    ইয়াৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়-  শক্তিশালী কৰাৰ ব্যৱস্থা হৈছে অসমৰ লগতে ১১১টা ৰাষ্ট্ৰীয় জলপথৰ ৷ ব্ৰহ্মপুত্ৰ আৰু গঙ্গা ব্যৱসায়ৰ ক্ষেত্ৰত যিমান উজ্জ্বল হৈ থাকিব লাগিছিল সিমান উজ্জ্বল হৈ থকা নাই বুলি উল্লেখ কৰি ব্ৰহ্মপুত্ৰ আৰু গঙ্গাৰ গভীৰতা বৃদ্ধিৰ বাবে ডেজিঙৰ কাম চলি আছে (Work started on dredging Brahmaputra and Ganga) বুলি মন্তব্য কৰিলে সৰ্বানন্দ সোণোৱালে ৷ দেওবাৰে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত সাংবাদিকৰে মত বিনিময় কৰি জাহাজ আৰু বন্দৰ দপ্তৰে লোৱা সুদূৰপ্ৰসাৰী পদক্ষেপ আৰু আয়ুষ মন্ত্ৰণালয়ে লোৱা কেতবোৰ পদক্ষেপ সম্পৰ্কেও সাংবাদিকক অৱগত কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

    Published by:Gautam Barman
    First published: