• Home
  • »
  • News
  • »
  • assam
  • »
  • Sarbananda Sonowal: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালৰ অধ্যক্ষতাত  দিল্লীত সেউজ বন্দৰ উন্নয়নক লৈ পৰ্যালোচনা বৈঠক

Sarbananda Sonowal: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালৰ অধ্যক্ষতাত  দিল্লীত সেউজ বন্দৰ উন্নয়নক লৈ পৰ্যালোচনা বৈঠক

সামুদ্রিক খণ্ডৰ সমান্তৰালভাৱে ভাৰতত সেউজ বন্দৰৰ উন্নয়নৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ

সামুদ্রিক খণ্ডৰ সমান্তৰালভাৱে ভাৰতত সেউজ বন্দৰৰ উন্নয়নৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ

সামুদ্রিক খণ্ডৰ সমান্তৰালভাৱে ভাৰতত সেউজ বন্দৰৰ উন্নয়নৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ

  • Share this:
ভাৰতত সেউজ বন্দৰ আৰু জাহাজ পৰিবহণৰ উন্নয়নৰ বাবে লােৱা পদক্ষেপসমূহৰ অগ্রগতি পর্যালােচনা কৰাৰ বাবে কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱালৰ (Union Minister Sarbananda Sonowal) অধ্যক্ষতাত শনিবাৰে নতুন দিল্লীত এক বৈঠক অনুষ্ঠিত হয়। বৈঠকত পাের্টৰ মুৰব্বীসকলে বর্তমানৰ স্থিতি, গুৰুত্বপূর্ণ সাফল্য আৰু ভৱিষ্যতৰ প্রকল্পসমূহৰ বিষয়ে কেন্দ্রীয় মন্ত্রীগৰাকীক অৱগত কৰে।

সামুদ্রিক খণ্ডৰ সমান্তৰালভাৱে ভাৰতত সেউজ বন্দৰৰ উন্নয়নৰ বাবে কেইবাটাও পদক্ষেপ হাতত লােৱা হৈছে। এইবােৰ আন্তর্জাতিক সামুদ্রিক সংগঠনৰ (আইএমও) ২০৩০ ডিকার্বনাইজেচন ৰণনীতি আৰু ২০৫০গ্রীণ হাউচ গেছ (GHG) ৰণনীতিৰ সৈতে সামঞ্জস্যপূর্ণ। নীল অর্থনীতি উদ্যোগৰ অংশ হিচাপে কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ে ভাৰতৰ "লজিষ্টিক, আন্তঃগাঁথনি আৰু জাহাজ পৰিবহণ"ত কেইবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিবলৈ এক সামগ্রিক কার্য পৰিকল্পনা প্রস্তুত কৰি বিভিন্ন গােট গঠন কৰিছে।

মন্ত্রালয়ৰ এই নীল অর্থনীতি উদ্যোগৰ ভিতৰত দীনদয়াল বন্দৰৰ অধ্যক্ষৰ দ্বাৰা সমন্বিত ৱর্কিং গ্রুপ ৮-এ "সেউজ বন্দৰৰ বাবে ভাৰতৰ দৃষ্টিভংগী" সন্দৰ্ভত গুৰুত্ব আৰােপ কৰে, যিয়ে উপকূল-চালিত অভিযান,শূন্য-নির্গমন ইন্ধন আৰু মানদণ্ড, ডিজিটেল বন্দৰ সঞ্চালন আৰু বুদ্ধিমান নিৰীক্ষণ আৰু কার্বন ফুটপ্রিন্ট নিয়ন্ত্ৰণৰ দৰে ক্ষেত্রসমূহ সামৰি লয়। ২০২১ চনৰ মাৰ্চ মাহত প্রধানমন্ত্রীয়ে শুভাৰম্ভ কৰা মেৰিটাইম ইণ্ডিয়া ভিজন (MIV) ২০৩০ৰ অধীনত বিভিন্ন সেউজ পদক্ষেপ পৰিকল্পনা গ্রহণ কৰা হৈছে।

এইবােৰ ভাৰতৰ মুখ্য বন্দৰসমূহৰ দ্বাৰা কার্যকৰী কৰি থকা হৈছে, যাৰ ভিতৰত আছে নৱীকৰণযােগ্য শক্তিৰ অংশ ৬০% লৈ বৃদ্ধি কৰা, ২০৩০ চনৰ ভিতৰত বন্দৰ সৌৰ শক্তি প্রকল্প স্থাপন,বাৰ্থৰ দ্বাৰা জাহাজলৈ উপকূলীয় বিদ্যুৎ যােগানৰ লাভালাভ, বন্দৰ পৰিস্থিতিতন্ত্ৰৰ ভিতৰত বাহনৰ বাবে বহু-পৰিষ্কাৰ ইন্ধন গ্রহণ ইত্যাদি।কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ে (Ministry of Ports, Shipping and Waterways) বন্দৰ খণ্ডত সেউজ পদক্ষেপ অন্তর্ভুক্ত কৰাৰ পদ্ধতি আৰু নির্দেশনাৰ পৰামর্শ দিবলৈ"সেউজ বন্দৰ নীতি" (Green Ports & Green Shipping in India)  দস্তাবেজ এখনাে প্রস্তুত কৰিছে। চূড়ান্তকৰণৰ পিছত ই ভাৰতৰ সকলাে মুখ্য বন্দৰ আৰু অন্যান্য বন্দৰৰ বাবে প্রযােজ্য হ'ব।

গ্রীন পাের্ট পলিচী (The Green Port Policy) ডকুমেণ্টত কেন্দ্রীভূত এলেকা, জোখমাখৰ ফলাফল,যাৱতীয় ৰ'ডমেপ আৰু বন্দৰ অপাৰেটৰ আৰু বন্দৰ কর্তৃপক্ষৰ বাবে ব্যয় পুনৰুদ্ধাৰ প্রণালী সামৰি লােৱা হৈছে। প্রস্তাৱিত কার্যক্রমে ভাৰতক অভিপ্রেত ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (INDC)  লক্ষ্য প্রাপ্ত কৰাত সহায় কৰিব, লগতে আন্তর্জাতিক সামুদ্রিক সংগঠন (IMO) ২০৩০ৰ লক্ষ্য প্রাপ্ত কৰাতাে সহায় কৰিব। সেউজ জাহাজৰ অংশ বৃদ্ধি কৰিবলৈ, কোচিন শ্বিপয়ার্ড লিমিটেডে বিভিন্ন প্রকল্প ৰূপায়ণ কৰিছে। ইয়াৰ ভিতৰত আছে সেউজ নগৰীয় গতিশীলতা সমাধান, যেনে হাইব্রিড বৈদ্যুতিক ফেৰী, স্বায়ত্তশাসিত শূন্য-নির্গমন জাহাজ, হাইড্র'জেন ফুৱেল চেল ফেৰীৰ পাইলট প্রকল্প, বৈদ্যুতিক কেটামান ৱাটাৰ টেক্সি, হাইব্রিড বৈদ্যুতিক ৰাে-ৰাে, হাইব্রিড এলএনজি-বৈদ্যুতিক আভ্যন্তৰীণ কার্গো কেৰিয়াৰ, হাইব্রিড টাগ ইত্যাদি।

উত্তৰ-পূব অঞ্চলৰ (North east region) জলপথ সংযােগৰ প্রতিও মন্ত্ৰালয়ৰ দ্বাৰা যথেষ্ট মনােযােগ দিয়া হৈছে, যাৰ ফলস্বৰূপে এতিয়া মংলা আৰু চিটাগং বন্দৰত চলাচল যথেষ্ট সহজসাধ্য হৈছে। এই খণ্ডৰ জৰিয়তে এতিয়া দেশীয় বিভিন্ন সা-সামগ্রী বিদেশলৈ ৰপ্তানি কৰিব পাৰি। চৰকাৰে ২০১৬ চনত ২০টা জলপথক ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘােষণা কৰিছিল। মন্ত্রালয়ে ৰাষ্ট্ৰীয় জলপথ ২ (Brahmaputra) আৰু ১৬ (Barak)ৰ ওপৰতাে কাম আৰম্ভ কৰিছে, যাতে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ অর্থনৈতিক গতি জলপথেদি তৰান্বিত কৰিব পৰা যায়।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি