সৰ্বানন্দ সোণোৱালে কয়, 'গুৰু পুজা অবিহনে কেতিয়াও সফলতা অৰ্জন কৰিব নোৱাৰি। কেন্দ্ৰীয় মন্ত্ৰীত্বৰ দায়িত্ব লৈ যাতে দেশবাসীৰ স্বাৰ্থত সেৱা আগবঢ়াই যাব পাৰো, সেয়াই খাতিছোঁ প্ৰভূ ভগৱন্তৰ চৰণত।'
সৰ্বানন্দ সোণোৱালে কয়, 'গুৰু পুজা অবিহনে কেতিয়াও সফলতা অৰ্জন কৰিব নোৱাৰি। কেন্দ্ৰীয় মন্ত্ৰীত্বৰ দায়িত্ব লৈ যাতে দেশবাসীৰ স্বাৰ্থত সেৱা আগবঢ়াই যাব পাৰো, সেয়াই খাতিছোঁ প্ৰভূ ভগৱন্তৰ চৰণত।'
জন আশীৰ্বাদ যাত্ৰাৰ তৃতীয়টো দিনত সোমবাৰে বিয়লি ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হয় কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কেবিনেট মন্ত্ৰীত্বৰ দায়িত্ব লৈ প্ৰথমবাৰৰ বাবে অসমলৈ অহা সৰ্বানন্দ সোণোৱালে ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ শৰাই নৈবেদ্য আগবঢ়াই দেশৰ প্ৰধানমন্ত্ৰীৰ হৈ নেদেখাজনৰ চৰণত আঁঠু লৈ আশীৰ্বাদ লয়।
নামঘৰত সেৱা ধৰি তেওঁ কয় - 'গুৰু পুজা অবিহনে কেতিয়াও সফলতা অৰ্জন কৰিব নোৱাৰি। কেন্দ্ৰীয় মন্ত্ৰীত্বৰ দায়িত্ব লৈ যাতে দেশবাসীৰ স্বাৰ্থত সেৱা আগবঢ়াই যাব পাৰো, সেয়াই খাতিছোঁ প্ৰভূ ভগৱন্তৰ চৰণত।'
ইপিনে সততা, নিষ্ঠা আৰু দক্ষতাৰে ভাৰতৰ সকলো জাতি জনগোষ্ঠীক লগত লৈ বিশ্বমুখী যাত্ৰাত ৰত হোৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যাতে সকলো দিশতে সফল হয়, সেয়া নামঘৰত সেৱা ধৰি গুৰুৰ শ্ৰীচৰণত কামনা কৰে।
মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাক উচ্চ প্ৰশংসাৰে উপচালে সৰ্বানন্দ সোণোৱালে। সাংবাদিকৰে হোৱা বাৰ্তালাপত তেওঁ কয় - 'যোৱা এশ দিনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই অভাৱনীয় উন্নয়ন সাধন কৰিছে। সকলো জাতি-জনগোষ্ঠীক লগত লৈ ৰাজ্যবাসীক উন্নয়নৰ শিখৰলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে আৰু এই ধাৰা অৱ্যাহত ৰাখিবলৈ তেওঁৰ হৈ আশীৰ্বাদ বিচাৰে ৰাইজৰ পৰা।'
আনহাতে নামঘৰত উপস্থিত হৈ ভকত সকলৰ লগত মত বিনিময় কৰি সুদীৰ্ঘ সময়ৰ পাছত কলপাত আৰু দোণত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ভ্ৰমণ কালত ঢেকীয়াখোৱা বৰ নামঘৰ কৰ্তৃপক্ষই উষ্ম আদৰণি জনোৱাৰ লগতে উজনি অসমৰ অন্যতম পীঠস্থান ঢেকীয়াখোৱা বৰনামঘৰক পৰ্যটনস্থলী হিচাপে গঢ় দিয়া আহ্বানেৰে প্ৰধানমন্ত্ৰীলৈ এক স্মাৰকো প্ৰদান কৰে।
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, মন্ত্ৰী যোগেন মহন, যুৱ বিধায়ক তৰংগ গগৈ, স্থানীয় বিধায়ক ৰেণুপমা ৰাজখোৱাও জন আশীৰ্বাদ যাত্ৰাৰ অংশ হিচাপে ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত আছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|