মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Rajya Sabha By Election : ৰাজ্যসভাৰ উপ নিৰ্বাচন! সৰ্বানন্দ সোণোৱালৰ মনোনয়নপত্ৰ বৈধ ঘোষণা, বিনা প্ৰতিদ্বন্দ্বিতাৰেই জয়ী হ'ব সোণোৱাল!

Rajya Sabha By Election : ৰাজ্যসভাৰ উপ নিৰ্বাচন! সৰ্বানন্দ সোণোৱালৰ মনোনয়নপত্ৰ বৈধ ঘোষণা, বিনা প্ৰতিদ্বন্দ্বিতাৰেই জয়ী হ'ব সোণোৱাল!

News18 Assam | News18-Assam
Updated:September 23, 2021, 2:36 PM IST
Rajya Sabha By Election : ৰাজ্যসভাৰ উপ নিৰ্বাচন! সৰ্বানন্দ সোণোৱালৰ মনোনয়নপত্ৰ বৈধ ঘোষণা, বিনা প্ৰতিদ্বন্দ্বিতাৰেই জয়ী হ'ব সোণোৱাল!
ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ সময়ত সৰ্বানন্দ সোণোৱাল

Rajya Sabha By Election : সৰ্বানন্দ সোণোৱালৰ মনোনয়নপত্ৰ পৰীক্ষণ কৰি বৃহস্পতিবাৰে নিৰ্বাচনী বিষয়াই সোণোৱালৰ মনোনয়নপত্ৰ বৈধ ঘোষণা কৰে ৷ ২৭ ছেপ্টেম্বৰত ঘোষণা হ'ব জয়ী হোৱাৰ কথা।

  • News18 Assam
  • Last Updated: September 23, 2021, 2:36 PM IST
  • Share this:
বৃহস্পতিবাৰে ৰাজ্যসভাৰ উপ নিৰ্বাচন (Rajya Sabha By Election)ৰ মনোনয়নপত্ৰৰ পৰীক্ষণ সম্পন্ন কৰে নিৰ্বাচনী বিষয়াই ৷ অসমৰ পৰা ৰাজ্যসভাত খালী হৈ থকা আসনখনৰ বাবে বুধবাৰে আছিল মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিন ৷ অন্তিম দিনটোলৈ সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) আছিল মনোনয়নপত্ৰ দাখিল কৰা একমাত্ৰ প্ৰাৰ্থী ৷ এক কথাত বিনা প্ৰতিদ্বন্দ্বিতাৰেই সোণোৱাল জয়ী হোৱাটো প্ৰায় খাটাম হৈ পৰিছে !

সৰ্বানন্দ সোণোৱালৰ মনোনয়নপত্ৰ পৰীক্ষণ কৰি বৃহস্পতিবাৰে নিৰ্বাচনী বিষয়া (Election Officer)ই সোণোৱালৰ মনোনয়নপত্ৰ (Nomination) বৈধ ঘোষণা কৰে ৷ ইয়াৰ পৰা ক'ব পাৰি যে ৰাজ্যসভালৈ বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

সৰ্বানন্দ সোণোৱালৰ হৈ ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ মনোনয়নপত্ৰ সংগ্ৰহ কৰা আৰু বৃহস্পতিবাৰে সোণোৱালৰ মনোনয়নপত্ৰ পৰীক্ষণৰ সময়ত উপস্থিত থকা অধিবক্তা শান্তনু ভৰালীয়ে সাংবাদিকৰে হোৱা বাৰ্তালাপত ক'লে- “২৭ ছেপ্টেম্বৰৰ আবেলি তিনি বজাৰ পিছত নিৰ্বাচনী বিষয়াই ঘোষণা কৰিব আনুষ্ঠানিক ফলাফল ৷ ২৭ ছেপ্টেম্বৰত নিৰ্বাচনী বিষয়াৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ প্ৰমাণপত্ৰ নিজে ল'বহি সৰ্বানন্দ সোণোৱালে ৷”
Published by: Manjumoni Borah
First published: September 23, 2021, 2:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি