• Home
  • »
  • News
  • »
  • assam
  • »
  • নামনিতে সীমাবদ্ধ হিমন্ত বিশ্ব শৰ্মা! উজনি অসম আৰু বৰাকত উজ্বলিছে সৰ্বানন্দ সোণোৱাল! অসমবাসীয়ে কাক বিচাৰে মুখ্যমন্ত্ৰী হিচাপে? ক'লে সমীক্ষাই

নামনিতে সীমাবদ্ধ হিমন্ত বিশ্ব শৰ্মা! উজনি অসম আৰু বৰাকত উজ্বলিছে সৰ্বানন্দ সোণোৱাল! অসমবাসীয়ে কাক বিচাৰে মুখ্যমন্ত্ৰী হিচাপে? ক'লে সমীক্ষাই

কোনে কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ?

কোনে কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ?

কোনে কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ?

  • Share this:
সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা, কোন সৰ্বাধিক জনপ্ৰিয়? ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব, সেই লৈ চৰ্চা চলি থকাৰ মাজতে  Centre for the Study of Developing Societies -Loknitiৰ সমীক্ষাই সৰ্বানন্দ সোণোৱালক অধিক জনপ্ৰিয় বুলি অভিহিত কৰিছে। এই সমীক্ষা মতে, সোণোৱাল উজনি আৰু বৰাক উপত্যকাত সৰ্বাধিক জনপ্ৰিয়। হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা নামনিতে সীমাবদ্ধ। শনিবাৰে দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক The Hinduত এই সমীক্ষা সবিস্তাৰে প্ৰকাশ পাইছে ।

সমীক্ষাত প্ৰকাশ পোৱা মতে, সমগ্ৰ অসমত ২৩শতাংশ লোকে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে । তাৰ পৰিবৰ্তে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচৰা লোকৰ পৰিসংখ্যা ১১ শতাংশ । ২০১৬ চনত কিন্তু সোণোৱালক ৩০ শতাংশ লোকে বিচাৰিছিল মুখ্যমন্ত্ৰী হিচাপে। তাৰ বিপৰীতে শৰ্মাক বিচাৰিছিল মাত্ৰ ৪শতাংশ লোকে।

কোনে কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ?

নামনি অসমত সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰী হিচাপে গ্ৰহণযোগ্যতা উজনিৰ তুলনাত কম যদিও হিমন্ত বিশ্ব শৰ্মাতকৈ বেছি। নামনিত সোণোৱালক  ১৯ শতাংশ লোকে মুখ্যমন্ত্ৰী হোৱাটো কামনা কৰে।  তাৰ পৰিবৰ্তে ১৬ শতাংশ লোকেহিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে। নামনি অসমত শর্মাৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে । ২০১৬ চনত CSDS-Loknitiয়ে কৰা সমীক্ষাত নামনিৰ মাত্ৰ ৩ শতাংশ লোকেহে অসমৰ শাসনৰ ভাৰ শৰ্মাই লোৱাটো বিচাৰিছিল।

উজনি অসমত সোণোৱালৰ জনপ্ৰিয়তা সৰ্বাধিক। উজনিত ২৮ শতাংশ লোকে সোণোৱাল মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে। তাৰ বিপৰীতে মাথো ৬ শতাংশ লোকহে হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত। ২০১৬ চনত অৱশ্যে সমীক্ষাত অংশগ্ৰহণ কৰা লোকৰ ৩৩ শতাংশ লোক সোণোৱালৰ পক্ষত আছিল ।

বৰাক উপত্যকাটো সোণোৱালৰ গ্ৰহণযোগ্যতা হিমন্ত বিশ্ব শর্মাতকৈ অধিক। সেই অঞ্চলত সোণোৱালক বিচাৰে ২২ শতাংশ লোকে আৰু শৰ্মাক বিচাৰে ৯ শতাংশ লোকে ।

উল্লেখযোগ্য যে, সমীক্ষাত প্ৰকাশ পোৱা মতে ৩৮ শতাংশ বাঙালী হিন্দুয়ে সোণোৱাল পুনৰ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে। ৩২শতাংশ অসমীয়া হিন্দুয়ে সোণোৱালক বিচাৰে। অনা বড়ো জনজাতীয় লোক সকলৰ ৪১ শতাংশই সোণোৱাল পুনৰ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে ।
Published by:Himangshu Bhuyan
First published: