ভাৰতৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীসকলৰ তালিকাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

News18 Assam | News18-Assam
Updated:June 3, 2020, 8:00 PM IST
ভাৰতৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীসকলৰ তালিকাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
সমগ্ৰ দেশৰ ভিতৰতে জিলিকি উঠিছে অসমৰ নাম। প্ৰত্যাহ্বান নেওচি আগুৱাই যোৱাৰ অন্য এক নাম যেন সৰ্বানন্দ সোণোৱাল।

সমগ্ৰ দেশৰ ভিতৰতে জিলিকি উঠিছে অসমৰ নাম। প্ৰত্যাহ্বান নেওচি আগুৱাই যোৱাৰ অন্য এক নাম যেন সৰ্বানন্দ সোণোৱাল।

  • Share this:
জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোকে সামৰি অসমক সকলো দিশতে আগুৱাই নিয়াৰ ক্ষেত্ৰত দূৰদৰ্শিতাৰ পৰিচয়  দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। একে সময়তে তেওঁ সন্মুখৰ পৰা কেইবাটাও দুৰ্যোগৰ মোকাবিলা কৰি অসম আৰু অসমবাসীৰ সুৰক্ষা নিশ্চিত কৰাৰ চেষ্টা কৰিছে। তেওঁক যিমানেই সমালোচনা কৰিছে, সিমানেই তেওঁ সবল হৈ উঠিছে আৰু ইয়াৰ প্ৰত্যুত্তৰ দিছে কামৰ জৰিয়তে।

সমগ্ৰ দেশৰ ভিতৰতে জিলিকি উঠিছে অসমৰ নাম। প্ৰত্যাহ্বান নেওচি আগুৱাই যোৱাৰ অন্য এক নাম যেন সৰ্বানন্দ সোণোৱাল। জনজাতীয় ভূমিপুত্ৰগৰাকীয়ে কামেৰেই দেখুৱাই দিছে যে- শান্ত, সমাহিত হৈ কঠোৰ পৰিশ্ৰম আৰু সততা–নিষ্ঠাৰে কেনেকৈ মানুহৰ মন জয় কৰিব পাৰি আৰু ৰাজ্যখনক সৰ্বাংগীন উন্নয়নৰ দিশত আগুৱাই নিব পাৰি৷

C-VOTERৰ এক সমীক্ষা অনুযায়ী দেশৰ ভিতৰত জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত নৱম স্থানত আছে সৰ্বানন্দ সোণোৱাল৷ জনপ্ৰিয়তাৰ শিখৰত আছে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক৷

First published: June 3, 2020, 7:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading