১৯৮৭ চনৰ ১৬ মাৰ্চত সংগ্ৰহালয় সঞ্চালকালয়ৰ অধীনত প্ৰতিষ্ঠা কৰা ডিব্ৰুগড় জিলা সংগ্ৰহালয়ৰ নৱ নিৰ্মিত ভৱনটো বুধবাৰে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উদ্বোধন কৰে। গুৱাহাটীৰ পিছতে অসমৰ দ্বিতীয় বৃহত সংগ্ৰহালয়টো ৩৪৩.৪১ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে। ডিব্ৰুগড় জিলা সংগ্ৰহালয়ৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এই সংগ্ৰহালয়টোৱে পৰ্যটকৰ লগতে ছাত্ৰ ছাত্ৰী, গৱেষকসকলক যথেষ্ট সহায় কৰিব বুলি মন্তব্য কৰে।
উল্লেখযোগ্য যে, ডিব্ৰুগড় জিলা সংগ্ৰহালয়টো প্ৰথমে ১৯৮৭ চনত ডিব্ৰুগড় মিলন নগৰৰ এফ গলিৰ এটা ভাড়াঘৰত অস্থায়ী ভাৱে স্থাপন কৰা হৈছিল। পিছত ডিব্ৰুগড় জিলা পুথিভঁৰালৰ এটা মহলাত স্থাপন কৰা হয় সংগ্ৰহালয়টো। বিভিন্ন সময়ত সংগ্ৰহালয়টো স্থায়ীকৈ বিজ্ঞানসন্মত ভাৱে নিৰ্মাণৰ দাবী উত্থাপন কৰি আহিছিল ৰাইজে। অৱশেষত বুধবাৰে সম্পূৰ্ণ হৈ উঠে এই সপোন।
প্ৰণিধানযোগ্য যে, জিলা সংগ্ৰহালয়টোত শতাধিক জনজাতীয় নৃতাত্বিক সমল, ঐতিহাসিক আৰু সাংস্কৃতিক প্ৰমূল্যৰ সামগ্ৰী যেনে প্ৰস্তৰ মূৰ্ত , পোৰামাটিৰ টুকুৰা, তুলাপাত , সাঁঁচিপাতৰ পুথি, ঐতিহাসিক মুদ্ৰা, মুখা, বিভিন্ন জাতি জনগোষ্ঠীৰ বস্ত্ৰ, অস্ত্ৰ শস্ত্ৰ , বৌদ্ধ ধৰ্মীয় সামগ্ৰী, কাঠত খোদিত পৌৰাণিক শিল্পজাত সামগ্ৰী আদি সংগৃহীত হৈ আছে। উদ্বোধনী অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে, বিধায়ক প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱাকে আদি কৰিবহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|