মুখ্যমন্ত্ৰী সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্বসহ অসমৰ ৫০শতাংশৰো অধিক বিধায়ক কোটিপতি, জানক সকলোতকৈ ধনী কোন?

News18 Assam | News18-Assam
Updated:January 27, 2021, 2:20 PM IST
মুখ্যমন্ত্ৰী সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্বসহ অসমৰ ৫০শতাংশৰো অধিক বিধায়ক কোটিপতি, জানক সকলোতকৈ ধনী কোন?
ফাইল ফটো

এই ধাৰা অধ্যয়ন কৰি ADR-AEW–এ কৈছে যে ২০০৬চনৰ মাত্ৰ ১২ শতাংশৰ পৰা ২০১১ চনত ৩৭শতাংশলৈ বাঢ়িছিল কোটিপতি বিধায়কৰ সংখ্যা। উল্লেখ্য যে, ২০১৬ চনৰ নিৰ্বাচনৰ সময়ত দাখিল কৰা প্ৰাৰ্থীৰ শপতনামা অনুসৰি এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে।

  • Share this:
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাসহ  অসমৰ ৫৬ শতাংশ বিধায়কৰ ওচৰত কোটি টকাৰ অধিক সম্পত্তি আছে। The Association for Democratic Reforms (ADR) আৰু Assam Election Watch (AEW)ৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। অসমৰ ১২৬জন বিধায়কৰ ১১৯জনৰ সম্পত্তি বিশ্লেষণ কৰি পোৱা গৈছে যে মুঠ ৬৭জন বিধায়ক কোটিপটি।

এই প্ৰতিবেদন অনুসৰি অসম গণ পৰিষদৰ (AGP) বিধায়ক নৰেণ সোণোৱাল হৈছে সদনৰ আটাইতকৈ ধনী সদস্য। নৰেণ সোণোৱালৰ স্থাৱৰ সম্পত্তিৰ মূল্য ৩৪ কোটি টকা। আনহাতে এআইইউডিএফৰ বিধায়ক চাহাব উদ্দিন আহমেদ হৈছে আটাইতকৈ দুখীয়া বিধায়ক আৰু তেওঁৰ সম্পত্তিৰ মূল্য হৈছে ১.৮২লাখ টকা।

এই প্ৰতিবেদন অনুসৰি অন্যান্য ধনী বিধায়কসকল হৈছে, বিজেপিৰ নাৰায়ণ ডেকা (১৭.২৩ কোটি টকা), AIUDFৰ বিধায়ক আব্দুৰ ৰহিম আজমল (১৩.১১ কোটি টকা), আনহাতে দুখীয়া বিধায়কৰ ভিতৰত AIUDF'ৰ মামুন ইমদাদুল হক চৌধুৰী (৬.৩৫লাখ টকা) বিজেপিৰ তেৰছ গোৱালা (৮.৯১ লাখ টকা)

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰত মুঠ ১.৮৫কোটি টকাৰ সম্পত্তি আছে। আনহাতে জ্যেষ্ঠ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত মুঠ ৬.৩৮কোটি টকাৰ স্থাৱৰ সম্পত্তি আছে।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি ৰঞ্জিত কুমাৰ দাসৰ ওচৰত আছে মুঠ ২.৩২ কোটি টকাৰ সম্পত্তি। আনহাতে বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪.৫৫কোটি টকা। ADR-AEWৰ প্ৰতিবেদন মতে বিজেপিৰ মুঠ ৫৮ শতাংশ বিধায়ক কোটিপতি আনহাতে কংগ্ৰেছৰ ৫৫শতাংশ বিধায়কৰ হাতত এক কোটি বা ততোধিক টকাৰ সম্পত্তি আছে।

অসম গণ পৰিষদ দলৰ কোটিপতি বিধায়কৰ সংখ্যা সৰ্বাধিক। ৭৭শতাংশ অগপৰ বিধায়ক কোটিপতি, বিপিএফৰ ৫৮শতাংশ আৰু এআইইউডিএফৰ ৩৬ শতাংশ বিধায়ক কোটিপতি। প্ৰতিবেদন অনুসৰি অসমৰ বিধায়কৰ গড় সম্পত্তি ২.৪৭ কোটি টকা।

এই ধাৰা অধ্যয়ন কৰি ADR-AEW–এ কৈছে যে ২০০৬চনৰ মাত্ৰ ১২ শতাংশৰ পৰা ২০১১ চনত ৩৭শতাংশলৈ বাঢ়িছিল কোটিপতি বিধায়কৰ সংখ্যা। উল্লেখ্য যে, ২০১৬ চনৰ নিৰ্বাচনৰ সময়ত দাখিল কৰা প্ৰাৰ্থীৰ শপতনামা অনুসৰি এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে।

"ইলেকচন কমিচনৰ ৱেবছাইটত অস্পষ্ট এফিডেভিট থকাৰ কাৰণে বিজেপিৰ বিধায়ক মানছিং ৰংপীৰ সম্পত্তিৰ বিশ্লেষণ কৰিব পৰা নগ’ল।" ADR-AEW–এ কয়।
First published: January 27, 2021, 11:18 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি