• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবে লগ্ন চাই মনোনয়ন দাখিল সৰ্বানন্দ সোণোৱালৰ, কোন হ'ব মাজুলীত সোণোৱালৰ উত্তৰসূৰী?

ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবে লগ্ন চাই মনোনয়ন দাখিল সৰ্বানন্দ সোণোৱালৰ, কোন হ'ব মাজুলীত সোণোৱালৰ উত্তৰসূৰী?

১০বাজি ৫৮মিনিটত মনোনয়ন দাখিল কৰি অসম তথা মাজুলীৰ ৰাইজৰ বিচাৰিলে আশীৰ্বাদ 

১০বাজি ৫৮মিনিটত মনোনয়ন দাখিল কৰি অসম তথা মাজুলীৰ ৰাইজৰ বিচাৰিলে আশীৰ্বাদ 

১০বাজি ৫৮মিনিটত মনোনয়ন দাখিল কৰি অসম তথা মাজুলীৰ ৰাইজৰ বিচাৰিলে আশীৰ্বাদ 

  • Share this:

ৰাজ্যসভাৰ উপ-নিৰ্বাচন ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেবিনেট মন্ত্ৰী হিচাপে শপত লোৱা সৰ্বানন্দ সোণোৱালে বৰ্তমানৰ বিধানসভাৰ অধ্যক্ষ প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ ঠাইত যাব ৰাজ্যসভালৈ৷ ৰাজ্যসভাৰ উপনিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে মঙলবাৰে মনোনয়ন পত্ৰ দাখিল কৰিলে সৰ্বানন্দ সোণোৱালে ৷ সৰ্বানন্দ সোণোৱালৰ মনোনয়ন পত্ৰ দাখিলত সংগ দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷


সংগ দিলে বিজেপি মিত্ৰজোঁটৰ মন্ত্ৰী, বিধায়ক সাংসদে ৷ ৪ অক্টোবৰত অসমকে ধৰি ছখন ৰাজ্যত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ উপ-নিৰ্বাচন ৷ অসমৰ লগতে পশ্চিমবঙ্গ, তামিলনাডু, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশ,পুডিছেৰীত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন ৷ মঙলবাৰে সেয়ে নিৰ্দ্ধাৰিত সময়সূচীত মনোনয়ন দাখিল কৰিবলৈ আহিল কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷


১০ বাজি ঠিক ৫৮ মিনিটত সৰ্বানন্দ সোণোৱালে দাখিল কৰিলে মনোনয়ন পত্ৰ৷ ৪ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ ৷ অসমত যোৱা ১০মে'ত বিশ্বজিৎ দৈমাৰীয়ে ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ কৰাত খালী হৈ আছিল সাংসদৰ পদটি ৷ মাজুলীৰ বিধায়ক তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঠাইত কেন্দ্ৰীয় নেতৃত্বই ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মানীয় কেবিনেটত স্থান লাভ কৰিলে সোণোৱালে ৷


অংকৰ হিচাপত বিজেপি মিত্ৰজোঁটৰ বৰ্তমানৰ যি শক্তি তাৰ ভিত্তিত ৪ অক্টোবৰ মাথোঁ সোণোৱালৰ বাবে আনুষ্ঠানিকতাহে ৷ সৰ্বানন্দ সোণোৱালক মনোনয়ন দাখিলত সংগ দি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ক'লে, বিৰোধীয়ে প্ৰাৰ্থী নিদি আমাক জয়ত সহায় কৰাত ধন্যবাদ জনাইছোঁ ৷


মনোনয়ন দাখিল কৰি সৰ্বানন্দ সোণোৱালে আশীৰ্বাদ বিচাৰিলে মাজুলীৰ ৰাইজৰ, আশীৰ্বাদ বিচাৰিলে অসমবাসীৰ ৷ কৃতজ্ঞতা জনালে বিজেপিৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতৃত্বক৷ "বিজেপি আৰু মিত্ৰদলৰ বিধায়কসকলৰ সহযোগত মনোনয়ন পত্ৰ দাখিল কৰা হ'ল ৷ নৰেন্দ্ৰ মোদী, জে পি নাড্ডা, অমিত শ্বাহ, বি এল সন্তোষ ডাঙৰীয়াক ধন্যবাদ ৷ অসমৰ মুখ্যমন্ত্ৰী, ৰাজ্যিক বিজেপিৰ সভাপতি, বিধায়ক-সাংসদক ধন্যবাদ ৷ অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ ৷ অসমৰ সেৱা কৰাৰ বাবে ৰাষ্ট্ৰীয় নেতৃত্বই ৰাজ্যসভাৰ বাবে নাম প্ৰস্তাৱ কৰিছে ৷ মাজুলীৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ ৷ সময়ত দলে সিদ্ধান্ত ল'ব মাজুলী সম্পৰ্কত ৷ যি পৰ্যায়ত নাথাকিলেও মাজুলী, অসমবাসী, ভাৰতবাসীৰ প্ৰতি সেৱা আগবঢ়াই যাম ৷ মাজুলীৰ বিধায়ক পদ ত্যাগৰ ক্ষেত্ৰত সময় আছে, আজি মনোনয়ন দাখিল হৈছেহে ৷" –সৰ্বানন্দ সোণোৱাল


সৰ্বানন্দ সোণোৱাল ৰাজ্যসভাৰ সাংসদ হ'ব, যাক লৈ এতিয়া বাকী মাথোঁ আনুষ্ঠানিকতাৰহে৷ কিন্তু কি হ'ব মাজুলীত? কোন হ'ব মাজুলীত সোণোৱালৰ উত্তৰসূৰী? বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ক'লে, "মাজুলীৰ লগতে আন সমষ্টিসমূহৰ বাবে প্ৰাৰ্থী সাজু আছে ৷ ভুবন গাম পুৰণি কাৰ্যকৰ্তা, মাজুলীৰ পৰা টিকট বিচাৰিছে, হেমচন্দ্ৰ দলৈয়েও টিকট বিচাৰিছে ৷ কেন্দ্ৰীয় সমিতিয়ে প্ৰাৰ্থী বাছনি কৰিব ৷"


ঠিক একেদৰে ভৱেশ কলিতাই ক'লে এইদৰে—‌"সৰ্বানন্দ সোণোৱালে মনোনয়ন দাখিল কৰিলে ৷ বিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ পাছত খালী হৈ থকা আসনৰ বাবে এই মনোনয়ন দাখিল৷ ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ ১৫ দিনৰ ভিতৰত বিধায়ক পদ ত্যাগ কৰিব ৷ কেইবাজনেও মাজুলীৰ বাবে আবেদন কৰিছে, নিৰ্বাচন কমিটিৰ বৈঠক হোৱা নাই ৷ কাইলৈৰ পৰা হ'বলগীয়া কাৰ্যনিৰ্বাহকত এই বিষয়সমূহ আলোচনা হ'ব ৷ তামুলপুৰত UPPL নিশ্চিত, গোসাঁইগাঁৱত বিজেপি নে UPPLঅৱতীৰ্ণ হয় নিশ্চিত নহয় ৷"

Published by:Gautam Barman
First published: