হাজাৰ হাজাৰ লোকে বিমান বন্দৰৰ পৰা ৰাজ্যিক বিজেপি (Assam BJP)ৰ কাৰ্যালয়লৈ আদৰিলে সৰ্বানন্দ সোণোৱাল (Sarbananda Sonwal)ক ৷
হাজাৰ হাজাৰ লোকে বিমান বন্দৰৰ পৰা ৰাজ্যিক বিজেপি (Assam BJP)ৰ কাৰ্যালয়লৈ আদৰিলে সৰ্বানন্দ সোণোৱাল (Sarbananda Sonwal)ক ৷
অসমৰ জাতি জনগোষ্ঠী, সত্ৰীয় নৃত্য সংস্কৃতিৰে বৰঝাৰ বিমান বন্দৰত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আদৰণি জনালে ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাই ৷ বিমান বন্দৰত সোণোৱালক উষ্ম আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেবিনেটৰ অন্যতম মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসম আগমনক লৈ স্বাভাবিকতে উৎফল্লিত অসম ৰাজ্যিক বিজেপি ৷ একপ্ৰকাৰ উদূলি মুদূলি বিমান বন্দৰ চৌহদ ৷ দলীয় নেতা কৰ্মীৰ শুভেচ্ছা সম্বোধনা লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কনভয় আগবাঢ়ে আজাৰা সভা গৃহলৈ ৷ য'ত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কাৰ্য্যকৰ্তাৰ সৈতে মিলিত হয় সৰ্বানন্দ সোণোৱাল ৷
তাৰপাছতে কেন্দ্ৰীয় মন্ত্ৰীৰ নতুন দায়িত্ব লৈ অসমলৈ অহা মন্ত্ৰীগৰাকীয়ে আশীস ললে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৷ ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ সমাধিস্থলীত পুষ্প মাল্য অৰ্পণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে কেবিনেট মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ পাছতে উপস্থিত হয় ক্ৰমে শক্তিপীঠ মা কামাখ্যাধাম আৰু বীৰ লাচিতৰ প্ৰতিমূৰ্তি স্থলীত ৷ নৌকা বিহাৰ কৰি পুষ্প মাল্য অৰ্পণ কৰে লাচিতৰ প্ৰতিমূৰ্তিত ৷
অনুষ্ঠানতে ৰাজ্য চৰকাৰৰ ১০০ দিনক লৈ শুভেচ্ছা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ৷ হিমন্ত বিশ্বৰ ওপৰত বিশ্বাস আছে আগুৱাই নিব পাৰিব ৷ একেসময়তে ৰাজ্যৰ উপনিৰ্বাচনকলৈ সাংবাদিকে কৰা এক প্ৰশ্ন সোণোৱালৰ উত্তৰ আগন্তুক উপনিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত ৷ আটাইকেইখন আসনত বিজেপিয়ে জয়লাভ কৰিব ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|