• Home
  • »
  • News
  • »
  • assam
  • »
  • বৃদ্ধি কৰা হৈছে এইসকলৰ পাৰিশ্ৰমিক, পূৰ্ণাংগ জিলা ঘোষণা বজালীক-কেবিনেট বৈঠকৰ ৮টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বৃদ্ধি কৰা হৈছে এইসকলৰ পাৰিশ্ৰমিক, পূৰ্ণাংগ জিলা ঘোষণা বজালীক-কেবিনেট বৈঠকৰ ৮টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

সোমবাৰে খানাপাৰাত থকা অসম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত আবেলি দুই বজাত অনুষ্ঠিত হয় সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ এক গুৰুত্বপূৰ্ণ বৈঠক ৷

সোমবাৰে খানাপাৰাত থকা অসম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত আবেলি দুই বজাত অনুষ্ঠিত হয় সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ এক গুৰুত্বপূৰ্ণ বৈঠক ৷

সোমবাৰে খানাপাৰাত থকা অসম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত আবেলি দুই বজাত অনুষ্ঠিত হয় সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ এক গুৰুত্বপূৰ্ণ বৈঠক ৷

  • Share this:
সোমবাৰে খানাপাৰাত থকা অসম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত আবেলি দুই বজাত অনুষ্ঠিত হয় সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ এক গুৰুত্বপূৰ্ণ বৈঠক ৷ এই বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ কথা জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদমাধ্যমৰ আগত জনায় ৷ ইয়াৰ ভিতৰত আঠটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল ক্ৰমে-

  •  যিসকল অনাৰেৰী লাইব্ৰেৰীয়ান আছে, তেওঁলোকৰ পাৰিশ্ৰমিক বৃদ্ধিৰ সিদ্ধান্ত হয় সোমবাৰৰ মন্ত্ৰীসভাৰ বৈঠকত ৷ এই হিচাপত লাইব্ৰেৰীয়ানে পাই থকা ৯০০ টকাৰ পৰা বাৰ হাজাৰ টকালৈ পাৰিশ্ৰমিক বৃদ্ধি কৰা হয় ৷ একেদৰে লাইব্ৰেৰীয়ানৰ সহায়ক সকলে পোৱা ৫৫০টকাৰ পাৰিশ্ৰমিক ৯৫০০ টকা লৈ বৃদ্ধি ৷

  • বেচৰকাৰী স্কুলৰ মাছুল নিৰ্ধাৰণৰ বাবে কমিটী গঠনৰ সিদ্ধান্ত হয় ৷ কমিটীয়ে নিৰূপণ কৰিব মাছুল ৷

  • নটিফিকেশ্যন হৈছে VAT Returnৰ ৷ Assam VAT act মতে VAT ৰিটাৰ্ণৰ সময় বৃদ্ধি কৰা হৈছে ৷

  • পদপথৰ ব্যৱসায়ী আইনৰ মতে, চাৰ্ভে কৰি ব্যৱসায় কৰাৰ স্থান নিৰূপণ কৰি দিব ৷ তাৰ বাবে জৰীপ কৰাৰ সিদ্ধান্ত ৷

  • বাহিৰৰ পৰা অনা গৰু-মহ উন্নত প্ৰজাতি কৰাৰ বাবে ক্ৰছ বিৰ্ডিং কৰাৰ সিদ্ধান্ত ৷

  • বজালী মহকুমাক পূৰ্ণাংগ জিলাৰ অনুমোদন ৷ নতুনকৈ ১০জন বিষয়া নতুন জিলাত দিয়া হৈছে লগতে ৮৫ পদ সৃষ্টি কৰা হৈছে বজালীত ৷

  • ৰাজ্যত নতুনকৈ ৬৮৮খন বাছ চলোৱাৰ সিদ্ধান্ত লোৱা হয় সোমবাৰৰ মন্ত্ৰীসভাৰ বৈঠকত ৷ ইয়াৰে ৰাজ্যিক ৰাজধানী অঞ্চলত ২৩৩খন, কম দূৰত্বৰ বাবে ১৪৭খন, ৫০খন অন্যান্য চহৰৰ বাবে আৰু দীৰ্ঘ দূৰত্বৰ বাবে ২৩৮খন  বাছ দিয়া হ'ব ৷ ASTCৰ অধীনত এই বাছসমূহ ব্যক্তিগতখণ্ডত চলিব পাঁচবছৰৰ বাবে ৷

  • ৰাজ্যৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি SDRFৰ আন দুটা নতুন বেটেলিয়ন সৃষ্টিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

Published by:Himangshu Bhuyan
First published: