জি২০ বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ (SFWG) বৈঠকৰ প্ৰথম দিনাৰ কাৰ্যসূচী আজি সফলতাৰে সমাপ্ত হৈছে। আজিৰ বৈঠক উদ্বোধন কৰি কেন্দ্ৰীয় আয়ুষ আৰু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Union Minister Sarbananda Sonowal) জি-২০ বৈঠকত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিনিধিসকলক আদৰণি জনায়।
বৈঠক উদ্বোধন কৰি প্ৰদান কৰা ভাষণত মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ বিবিধ জাতি আৰু সংস্কৃতিৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে গুৱাহাটীত সংস্কৃতি আৰু ঐতিহ্য আৰু প্ৰকৃতি সংৰক্ষণৰ মনোভাৱ ভাৰতৰ ধৰা-অনুকূল আৰু জনমুখী দৃষ্টিভংগীৰ প্ৰতিফলন।
এক বহনক্ষম ভৱিষ্যতত পৰম্পৰাগত ঔষধৰ ভূমিকা ব্যাখ্যা কৰি মন্ত্ৰীগৰাকীয়ে কয়, "আমাৰ লক্ষ্য হৈছে ভাৰতৰ সুপ্ৰাচীন জ্ঞান আৰু পৰম্পৰাগত জ্ঞানক প্ৰয়োগ কৰা আৰু এক বহনক্ষম ভৱিষ্যতৰ পথ প্ৰশস্ত কৰিবৰ বাবে ইয়াক মূলধন কৰি তোলা।"
অনুষ্ঠানত উপস্থিত থাকি এছএফডব্লিউজি (Sustainable Financial Working Group) আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপাধ্যক্ষ লেৰী মেকডনাল্ডে (Mr Larry McDonald) মন্ত্ৰীগৰাকীৰ প্ৰতি কৃতজ্ঞতা ব্যক্ত কৰাৰ লগতে তেওঁক প্ৰশংসা কৰি কয় যে সেউজ আৰু বহনক্ষম জাহাজ প্ৰণালীৰ প্ৰচাৰ আৰু স্বাস্থ্য আৰু কল্যাণকামী বিষয়বোৰৰ প্ৰচাৰৰ দৰে দিশবোৰৰ প্ৰতি তেওঁৰ দায়বদ্ধতা এছএফডব্লিউজিৰ কাম, লক্ষ্য আৰু আকাংক্ষাৰ সৈতে সংমিশ্ৰণ কৰাটো অতি প্ৰাসংগিক।
ভোকেল ফৰ লোকেল বিষয়বস্তুৰ প্ৰসাৰৰ দিশটো ত্বৰান্বিত কৰি অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে অসমৰ চাহৰ সোৱাদ লয় আৰু বাঁহেৰে প্ৰস্তুত কৰা বিভিন্ন হস্তশিল্প, থলুৱা ৰেচম সামগ্ৰী আদি এক প্ৰদৰ্শনীতো উপস্থিত থাকে।
উল্লেখ্য যে প্ৰথম বহনক্ষম বিত্ত কাৰ্যকৰী গোটৰ বৈঠকত জি২০ সদস্য দেশ, ১০খন আমন্ত্ৰিত দেশ আৰু ১৪টা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ ৯৫গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি ভালেমান আন্তৰ্জাতিক সংগঠনে সভাখনত ভাৰ্চুৱেলী যোগদান কৰে।
জি-২০ বহনক্ষম বিত্ত কাৰ্যকৰী গোটৰ লক্ষ্য হৈছে বিশ্বব্যাপী বিকাশ আৰু স্থিৰতা নিশ্চিত কৰাত সহায় কৰিবলৈ আৰু সেউজ, অধিক স্থিতিস্থাপক আৰু সামগ্ৰিক সমাজ আৰু অৰ্থনীতিৰ দিশত পৰিৱৰ্তনৰ প্ৰচাৰ কৰিবলৈ বহনক্ষম বিত্তীয় সাহায্য সংগঠিত কৰা।
গুৱাহাটীৰ জি-২০ বহনক্ষম বিত্ত কাৰ্যকৰী গোটে জলবায়ু পৰিৱৰ্তনৰ মোকাবিলাৰ বাবে কেনেদৰে বিত্তীয় সাহায্য সংগঠিত কৰিব পাৰি, নতুনকৈ বিকশিত নিম্ন কাৰ্বন প্ৰযুক্তিৰ বাবে কেনেদৰে পুঁজি যোগান ধৰিব লাগে, প্ৰকৃতি আৰু জৈৱ বৈচিত্ৰ্যকে ধৰি বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহৰ বাবে বিত্তীয় সঁজুলি চিনাক্ত কৰাৰ লগতে বহনক্ষম বিত্ত বুজিবলৈ আৰু সংগঠিত কৰাৰ বাবে দেশসমূহৰ ক্ষমতা বৃদ্ধিৰ উপায়ৰ বিষয়ে আলোচনা কৰিব।
জি২০ বৈঠকত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিনিধিসকলে ক্ৰুজযোগে ব্ৰহ্মপুত্ৰ (Brahmaputra) পৰিদৰ্শন কৰাৰ পিছতে আজিৰ প্ৰথম দিনটোৰ কাৰ্যসূচীৰ সামৰণি পৰে। ব্ৰহ্মপুত্ৰ পৰিদৰ্শন কালত উপস্থিত হোৱা দলটোৰ বাবে নৈৰ পাৰত অসমৰ সমৃদ্ধ সংস্কৃতি আৰু ঐতিহ্যৰ অনবদ্য প্ৰদৰ্শনৰ আয়োজন কৰা হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|