কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱালে (Sarbananda Sonowal) ১৪ জানুৱাৰী, ২০২২ তাৰিখে মকৰ সংক্ৰান্তিৰ (Makar Sankranti on January 14) পৱিত্ৰ ক্ষণত সমূহ দেশবাসীক সূর্য নমস্কাৰ কৰিবলৈ আহ্বান জনাইছে। আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত আয়ােজিত দিনজোৰা ভাৰ্চুৱেল অনুষ্ঠানটো পুৱা ৭ বজাত আৰম্ভ হ'ব, এক ভাৰ্চুৱেল সংবাদমেল সম্বােধন কৰি কেন্দ্রীয় মন্ত্রীজনে এই কথা ব্যক্ত কৰে।
ভাৰ্চুৱেল কাৰ্যসূচীটোত মােৰাৰজী দেশাইৰ ৰাষ্ট্ৰীয় যােগ প্রতিষ্ঠানৰ পৰা অনুষ্ঠান লাইভ প্রদর্শন কৰা হ'ব আৰু ইয়াত সমগ্র বিশ্বৰ যােগ অনুশীলনকাৰীসকলে অংশগ্রহণ কৰিব বুলি আশা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী (Union Minister of Ports, Shipping and Waterways) সৰ্বানন্দ সোণোৱালে ৷ অংশগ্রহণকাৰীসকলে সূর্য নমস্কাৰৰ ১৩টা ৰাউণ্ড প্রদর্শন কৰিব য'ত প্ৰতিটো ৰাউণ্ডত ১২টা আসন থাকিব। এই ১২টা আসন হৈছে নমস্কাৰণ, হস্তত্তনাসন, পদ্মাহস্তাসন, অশ্ব সঞ্চলনাসন, পর্বতাসন, অষ্টঙ্গ নমস্কাৰ, ভুজঙ্গাসন, পর্বতাসন ( বিপৰীত), অশ্ব সঞ্চালনাসন (ওলােটা), পদাস্থান (ওলােটা)।
সূর্য নমস্কাৰ (Surya Namaskar) হৈছে এক বৈজ্ঞানিকভাৱে প্রমাণিত স্বাস্থ্যকৰ অনুশীলন যিয়ে শৰীৰ আৰু মনৰ উৎকর্ষ সাধন কৰে। ভাৰ্চুৱেল সংবাদমেলত ভাষণ দি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে কয়, "মকৰ সংক্রান্তি এটি অতি গুৰুত্বপূর্ণ দিন। এই দিনটোতে দেশবাসীৰ স্বাস্থ্য আৰু মনৰ উৎকর্ষ সাধনৰ লক্ষ্যৰে সূর্য নমস্কাৰৰ জীৱনীশক্তি সম্পর্কত সজাগতা বৃদ্ধিৰ এটি বিশেষ কার্যসূচী (a special programme to raise awareness) হাতত লােৱা হৈছে। এই অনুষ্ঠানটোৰ সন্দৰ্ভত যােগউদ্যমশীল ব্যক্তিসকলৰপৰা আমি ইতিমধ্যে উৎসাহজনক সঁহাৰি লাভ কৰিছোঁ। আমি নিশ্চিত যে, এই অনুষ্ঠানটোৱে ভাৰতৰ সমৃদ্ধ আৰু স্বাস্থ্যকৰ অনুশীলনৰ বিষয়ে বিশ্ববাসীকঅধিক প্ৰভাৱিত কৰিব।"
ভাৰ্চুৱেল সংবাদমেলখনত কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ড° মহেন্দ্র মুঞ্জপাৰা, আয়ুষ মন্ত্রালয়ৰ সচিব ড° ৰাজেশ কোটেচাৰ লগতে মন্ত্ৰালয়ৰ অন্যান্য বিষয়াসকলাে উপস্থিত আছিল।ভাৰ্চুৱেল ইভেণ্টত লগ ইন কৰিবলৈ yoga.ayush.gov.in/suryanamaskarWebsite: 75suryanamaskar.com লিংকটোত ক্লিক কৰিবলৈ আহ্বান জনাইছে সৰ্বানন্দ সোণোৱালে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|