মুখ্যপৃষ্ঠা »খবৰ »অসম »NEWS18ৰ সাংবাদিক কৃপাঞ্জল ৰাজবংশীক সৰ্বানন্দ শইকীয়া স্মৃতি যুৱ সাংবাদিকতা বঁটা

NEWS18ৰ সাংবাদিক কৃপাঞ্জল ৰাজবংশীক সৰ্বানন্দ শইকীয়া স্মৃতি যুৱ সাংবাদিকতা বঁটা

আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন (আপকু)ৰ শোণিতপুৰ জিলা সমিতিৰ ২০২১-২২ বৰ্ষৰ সাংবাদিকতা বঁটাসমূহ ঘোষণা 

আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন (আপকু)ৰ শোণিতপুৰ জিলা সমিতিৰ ২০২১-২২ বৰ্ষৰ সাংবাদিকতা বঁটাসমূহ ঘোষণা 

আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন (আপকু)ৰ শোণিতপুৰ জিলা সমিতিৰ ২০২১-২২ বৰ্ষৰ সাংবাদিকতা বঁটাসমূহ ঘোষণা 

  • Share this:

ৰাজ্যৰ মফচলীয় সংবাদকৰ্মীসকলৰ উমৈহতীয়া সংগঠন আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন (আপকু)ৰ শোণিতপুৰ জিলা সমিতিৰ ২০২১-২২ বৰ্ষৰ সাংবাদিকতা বঁটাসমূহ আজি ঘোষণা কৰা হৈছে। আপকুৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি নাৰায়ণ ফয়েলৰ নেতৃত্বত গঠিত বাছনি সমিতিয়ে আজি ২০২১-২২ বৰ্ষৰ সাংবাদিকতা বঁটা প্ৰাপকসকলৰ নামসমূহ ঘোষণা কৰে।


উল্লেখ্য যে আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন (আপকু)ৰ শোণিতপুৰ জিলা সমিতিয়ে সাংবাদিকসকলক উৎসাহিত কৰিবলৈ ২০১৩ বৰ্ষৰ পৰা সাংবাদিকতা বঁটা প্ৰদান কৰি আহিছে ৷ আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন (আপকু)ৰ প্ৰতিষ্ঠাপক সদস্য প্ৰয়াত সাংবাদিক কিশোৰ কিৰাটৰ স্মৃতিত প্ৰতিবছৰে প্ৰদান কৰি অহা  সাংবাদিকতা বঁটা ২০২১ বৰ্ষৰ বাবে “অসমীয়া খবৰ”ৰ জ্যেষ্ঠ সাংবাদিক অৰুণিমা কলিতাক আগবঢ়োৱা হৈছে ৷


ইপিনে প্ৰতি দুবছৰৰ মূৰে মূৰে প্ৰদান কৰি অহা সৰ্বানন্দ শইকীয়া স্মৃতি যুৱ সাংবাদিকতা বঁটা ২০২১-২২ বৰ্ষৰ বাবে NEWS18ৰ সাংবাদিক কৃপাঞ্জল ৰাজবংশীক আগবঢ়োৱা হৈছে ৷ অহা বছৰৰ ফেব্ৰুৱাৰীত সাংবাদিকতা বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰি দুয়োগৰাকী সাংবাদিকক আপকুৰ শোণিতপুৰ জিলা সমিতিয়ে এই বঁটাসমূহ প্ৰদান কৰিব বুলি জিলা আপকুৰ সম্পাদক হৰেণ ভূমিজে এক বিবৃতিযোগে জনাইছে ৷

শেহতীয়া বাতৰি