আজি সৰস্বতী পূজা, বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজাক লৈ স্কুল–কলেজসমূহত উখল–মাখল পৰিৱেশ

News18 Assam | News18-Assam
Updated:January 30, 2020, 8:35 AM IST
আজি সৰস্বতী পূজা, বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজাক লৈ স্কুল–কলেজসমূহত উখল–মাখল পৰিৱেশ
এইবাৰ দুদিনীয়াকৈ পালন কৰা হৈছে সৰস্বতী পূজা। একাংশ বিদ্যালয়–মহাবিদ্যালয়ত বুধবাৰেই পালন কৰা হয় সৰস্বতী পূজা।

এইবাৰ দুদিনীয়াকৈ পালন কৰা হৈছে সৰস্বতী পূজা। একাংশ বিদ্যালয়–মহাবিদ্যালয়ত বুধবাৰেই পালন কৰা হয় সৰস্বতী পূজা।

  • Share this:
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। বাগদেৱীৰ বন্দনাত মুখৰ হৈ পৰিব ৰাজ্যৰ স্কুল–কলেজ–বিশ্ববিদ্যালয়সমূহ। প্ৰতিখন স্কুল–কলেজতে পুৱাৰে পৰা দেখা গৈছে উখল–মাখল পৰিৱেশ। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ শ্ৰীচৰণত সেৱা লৈ নিজৰ শিক্ষা জীৱনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাব শিক্ষাৰ্থীসকলে।

সৰস্বতী পূজা উপলক্ষে সজাই–পৰাই তোলা হৈছে বিদ্যালয়–মহাবিদ্যালয়সমূহৰ চৌহদ। বিদ্যালয় তথা মহাবিদ্যালয়সমূহৰ চৌহদত সুন্দৰকৈ মণ্ডপ সজাই বাগদেবীৰ মূৰ্তি স্থাপন কৰি পূজাৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো দেখা গৈছে উখল–মাখল পৰিৱেশ।

সৰস্বতী পূজা বুলি ক’লে গুৱাহাটী মহানগৰীত দেখা যায় এক জাক–জমক পৰিৱেশ। নিজকে সুন্দৰকৈ সজাই তোলাৰ বাবে দুদিন পূৰ্বৰে পৰা মহানগৰীৰ বিউটী পাৰ্লাৰসমূহত দেখা যায় যুৱতীসকলৰ ব্যাপক ভিৰ। লগতে কাপোৰৰ দোকান, গহণাৰ দোকানতো ভিৰ কৰে যুৱতীসকলে। সৰস্বতী পূজাৰ দিনটোত সুন্দৰকৈ সজাবলৈ বিচাৰে প্ৰতিগৰাকী ছাত্ৰীয়ে। একপ্ৰকাৰ যুৱতীসকলৰ মাজত চলে এক অঘোষিত সৌন্দৰ্য প্ৰতিযোগিতা।

এইবাৰ দুদিনীয়াকৈ পালন কৰা হৈছে সৰস্বতী পূজা। একাংশ বিদ্যালয়–মহাবিদ্যালয়ত বুধবাৰেই পালন কৰা হয় সৰস্বতী পূজা। আনহাতে, আন একাংশ স্কুল–কলেজত আজি আয়োজন কৰা হৈছে পূজাৰ।

গীতা মিছনৰ মতে, ভাৰতীয় সনাতনী বৈদিক পৰম্পৰা অনুসৰি মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথিত বসন্ত পঞ্চমী বা সৰস্বতী পূজাৰ দিন পালন কৰা হয়। এই বৰ্ষত এই তিথি আৰম্ভ হৈছে ২৯ জানুৱাৰীৰ দিনা দিনৰ ১০.৪৫ বজাত আৰু অন্ত পৰিছে ৩০ জানুৱাৰীৰ দিনৰ ১.২০ বজাত। অসমত প্ৰচলিত পৰম্পৰা অনুসৰি সূৰ্য উদয়ৰ সময়ত যি তিথি আৰম্ভ হয়, সেই দিনাখনহে সেই তিথিৰ পৰ্ব পালন কৰা হয়। ২৯ জানুৱাৰীৰ সূৰ্যোদয়ৰ সময়ত পঞ্চমী তিথি আৰম্ভ হোৱা নাই। ৩০ জানুৱাৰী অৰ্থাৎ আজি সূৰ্যোদয়ৰ সময়তহে পঞ্চমী তিথি আছে। গতিকে অসমত প্ৰচলিত পৰম্পৰা অনুসৰি ৩০ জানুৱাৰী অৰ্থাৎ আজিহে সৰস্বতী পূজা অনুষ্ঠিত কৰাটো বিধিসন্মত হ’ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি