
কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে শান্তিয়াজ কুজুৰে। অল ইণ্ডিয়া কংগ্ৰেছ কমিটীলৈ প্ৰেৰণ কৰিলে পত্ৰ
কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে শান্তিয়াজ কুজুৰে। অল ইণ্ডিয়া কংগ্ৰেছ কমিটীলৈ প্ৰেৰণ কৰিলে পত্ৰ
কংগ্ৰেছ দলত আন এক মোক্ষম আঘাত। ৰাষ্ট্ৰীয় দলটোত অব্যাহত আছে খহনীয়া। ইজনৰ পিছত সিজনকৈ নেতাই এতিয়া এৰি কংগ্ৰেছ দল। এইবাৰ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে শান্তিয়াজ কুজুৰে। অল ইণ্ডিয়া কংগ্ৰেছ কমিটীলৈ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াজ কুজুৰে প্ৰেৰণ কৰে পদত্যাগ পত্ৰ। আৰু দেওবাৰে বিজেপিত যোগদান কৰিব প্ৰাক্তন সাংসদগৰাকীয়ে। গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত শান্তিয়াজ কুজুৰে যোগদান কৰিব দলটোত। উল্লেখ্য যে অব্যাহত আছে কংগ্ৰেছ দল এৰি বিজেপিত যোগদান পৰ্ব। শুকুৰবাৰে কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰে ভুৱনেশ্বৰ কলিতায়ো।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|