মুখ্যপৃষ্ঠা »খবৰ »অসম »Nalbari News: ইশ্বৰৰ দূত : নলবাৰীৰ শান্তি নিবাস বৃদ্ধাশ্ৰম আৰু সাংবাদিক মজিবুৰ ৰহমান

Nalbari News: ইশ্বৰৰ দূত : নলবাৰীৰ শান্তি নিবাস বৃদ্ধাশ্ৰম আৰু সাংবাদিক মজিবুৰ ৰহমান

Santi Nibash Old Age Home run by Majibur Rahman

Santi Nibash Old Age Home run by Majibur Rahman

ৰাসৰ সময়ত মজিবুৰ ৰহমানে তেওঁলোকক ৰাস দেখুৱাবলৈ নিয়ে । পূজাৰ সময়ত পূজা দেখুওৱাবলৈ নিয়ে । নিজ পুত্ৰৰ দৰে তেওঁলোকৰ বাবে মজিবুৰ ।আপুনি যদি কেতিয়াবা এই আশ্ৰমলৈ আহে তেন্তে আপুনিও দেখি ক'ব "চেলুট মজিবুৰ ৰহমান"।

  • Share this:
ৰাজেশ বৈশ্য, নলবাৰী: নলবাৰী জিলাৰ পকোৱা গাঁৱৰ এজন উচ্চশিক্ষিত লোক তথা জেষ্ঠ সাংবাদিক মজিবুৰ ৰহমান । ২০০৮চনত সাংবাদিকতাৰ ক্ষেত্ৰখনত খোজ পেলোৱা নলবাৰী চহৰৰ বিজুলী নগৰত মজিবুৰ ৰহমানে গঢ়ি তুলিছে এখন অনাথ আশ্ৰম । সমাজখনক মজিবুৰ ৰহমানে দেখুৱাই আহিছে মানৱতাৰ নিদৰ্শন । স্কুলীয়া দিনতে তেওঁ দেখিছিল কেইবাটাও সকৰুণ কাহিনী ।

নিজৰ গাঁৱৰে এগৰাকী মহিলাই ঠেলাগাড়ী এখনত নিজৰ স্বামীক লৈ ভিক্ষা মাগি থকা কৰুণ দৃশ্য । ভালদৰে চলিব ফুৰিব নোৱৰা স্বামীৰ এদিনাখন মৃত্যু হ'ল । মৃত্যুৰ পিছতেই নিঃসন্তান পত্নীগৰাকীক স্বামীৰ পৰিয়ালে খেদি পঠিয়ালে ৷ দোকানৰ বাৰাণ্ডা, গছৰ তলতেই দিন কটাইছিল মহিলাগৰাকীয়ে ।এইধৰণৰ কৰুণ কাহিনীয়ে অন্তৰত বৰ সাংঘাতিক ধৰণে ৰেখাপাত কৰি গ'ল মজিবুৰ ৰহমানৰ ।

একেদৰে সৰ্থেবাৰী অঞ্চলৰ এগৰাকী ৮৫বছৰীয়া বৃদ্ধাৰ কৰুণ কাহিনীয়ে তেওঁৰ চকু সেমেকাই তুলিছিল । এই মহিলা দুগৰাকীৰ কৰুণ কাহিনীয়েই যেন তেওঁক মানৱসেৱাত ব্ৰতী হ'বলৈ নিৰ্দেশ দিলে ৷ তেতিয়াই অসম চৰকাৰৰ এটা পৰিত্যক্ত গৃহ চাফ চিকুণ কৰি আৰম্ভ কৰিলে মানৱ সেৱা । সমাজৰ উপেক্ষিত নিৰ্যাতিত সকলৰ বাবে মজিবুৰ ৰহমান হৈ পৰিল ইশ্বৰৰ দূতস্বৰূপ ।

২০০৮ চনৰ পৰা সুদীৰ্ঘ ১৫টা বছৰে মজিবুৰ ৰহমানৰ শান্তি নিবাস বৃদ্ধাশ্ৰমত চলিয়েই আছে মানৱতাৰ পূজা । শান্তি নিবাসখনৰ বাবে অশেষ ত্যাগ-কষ্ট স্বীকাৰ কৰি আহিছে সাংবাদিক মজিবুৰ ৰহমানে । ১৫ টা বছৰে নিতৌ পুৱা ৬ বজাতেই শান্তি নিবাসত উপস্থিত হৈ দৈনিক প্ৰত্যাহিক কাম কাজবোৰ সম্পন্ন কৰি আহাৰ ৰান্ধি আবাসীসকলক খুৱাই ধুৱাই ৯ বজাত নিজৰ ছোৱালী দুজনীক বিদ্যালয়লৈ থবলৈ যায় ।

পুণৰ ঘৰুৱা কাম সমাপন কৰি উপস্থিত হয় আশ্ৰমত ।দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰি খুৱাই বুৱাই বিচনাত শুৱাই থৈ ওভতে নিজৰ কৰ্মক্ষেত্ৰলৈ । সন্ধিয়া ৬ বজাত পুনৰ আশ্ৰমলৈ গৈ নিশাৰ সাজৰ ব্যৱস্থা কৰি সকলোকে আলপৈচান ধৰি ওভতে নিজৰ গৃহলৈ । সাংবাদিকৰ দৈনিক দিনলিপিৰ মাজে মাজে প্ৰতিনিয়ত তেওঁ আশ্ৰমৰ আবাসীসকলৰ চিন্তাত থাকে । কৰ্মৰ মাজে মাজে কোনোধৰণৰ অসুবিধা নোহোৱাকৈ মজিবুৰ ৰহমানে চলাই গৈছে বৃদ্ধাশ্ৰমখন ।

অসমৰ অন্য প্ৰান্ততো আছে বিভিন্ন বৃদ্ধাশ্ৰম বা অনাথ আশ্ৰম ৷ কিন্তু নলবাৰীৰ বিজুলী নগৰৰ শান্তি নিবাস অনাথ আশ্ৰমখনৰ ওৱান মেন আৰ্মী মজিবুৰ ৰহমান । আশ্ৰমখনত থকা নিৰাশ্ৰয়সকলৰ বাবে কি কৰা নাই তেওঁ ।খোৱা লোৱা যোগান ধৰাৰ উপৰিও কাপোৰ কানি পৰিস্কাৰকৈ ধোৱা, চুলি ডাঢ়ি কাটি দিয়া, বিচনাৰ শৌচ প্ৰস্ৰাৱ চাফ চিকুণ কৰা সকলো কাম নিজেই কৰে মজিবুৰ ৰহমানে ।

নলবাৰীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত উপেক্ষিত বৃদ্ধ মাতৃ পিতৃক আশ্ৰয় দিছে মজিবুৰ ৰহমানে । শান্তি নিবাসত বিভিন্ন আবাসীৰ তিক্ত অভিজ্ঞতাই আপোনাৰো চকু সেমেকাই তুলিব । নিজ পিতৃ মাতৃক অৱজ্ঞা কৰা বহু ভদ্ৰলোকৰ পিতৃ-মাতৃক আপুনি সাক্ষাৎ কৰিব পাৰিব । কিন্তু মজিবুৰ ৰহমানে তেওঁলোকক লৈ আহি এক সুন্দৰ জীৱন যাপনৰ সুবিধা দিছে । ইয়াৰ উপৰিও সাংবাদিকতাৰ বৃত্তিৰেই তেওঁ অনাথসকলৰ উপৰিও সমাজৰ ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰীক পঢ়া শুনাৰ ক্ষেত্ৰতো আগবঢ়াই নিছে ।

মজিবুৰ ৰহমানৰ পত্নী স্থানীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী যদিও তেওঁৰ দৰমহাৰ টকাও সমৰ্পিত হয় মানৱ সেৱাত । নলবাৰীৰ মজিবুৰ ৰহমানৰ পৰিয়াল সঁচাকৈয়ে অদ্বিতীয় । মানৱতাই যে শ্ৰেষ্ঠ ধৰ্ম সেয়াই প্ৰমাণ কৰিছে তেওঁৰ পৰিয়ালে । কোনো ব্যক্তিৰ বাবে শেষ ঠিকনা নহওঁক বৃদ্ধাশ্ৰমখন তাৰেই কামনা কৰে মজিবুৰ ৰহমানে । ইতিমধ্যে তেওঁৰ আশ্ৰমতে জীৱন সামৰা এজন দুজন নহয়,সৰ্বমুঠ ৮৬ জনৰ হিন্দু ধৰ্মৰ ৰীতি নীতি অনুসৰিয়েই মুখাগ্নি সম্পন্ন কৰিছে তেওঁ ।

বৃদ্ধাশ্ৰমখনৰ আবাসীসকলেও শেষকৃত্য সম্পন্ন কৰাৰ দায়িত্বভাৰ অৰ্পন কৰে তেওঁক । নিজ পুত্ৰ বোৱাৰীৰ পৰা উপেক্ষিত হলেও জীৱন নাটৰ বিয়লি বেলাত মজিবুৰ ৰহমানেই হৈ পৰে তেওঁলোকৰ শেষ ভৰষা । প্ৰায়ে জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে বিভিন্নজনে নলবাৰীৰ বিজুলী নগৰৰ শান্তি নিৱাস অনাথ আশ্ৰমখনৰ ককা আইতাৰ খবৰ লবলৈ আহে । বিভিন্নজনে আশ্ৰমখনতেই পালন কৰে নিজৰ জন্মদিন । ককা,আইতাসকলেও মানুহ আহিলে ভাল পায় । নলবাৰীৰ ৰাসৰ সময়ত মজিবুৰ ৰহমানে তেওঁলোকক ৰাস দেখুৱাবলৈ নিয়ে ।

পূজাৰ সময়ত পূজা দেখুওৱাবলৈ নিয়ে । মজিবুৰ নিজ পুত্ৰৰ দৰে তেওঁলোকৰ বাবে । আপুনি যদি কেতিয়াবা এই আশ্ৰমলৈ আহে তেন্তে আপুনিও দেখি ক'ব "চেলুট মজিবুৰ ৰহমান"।

শেহতীয়া বাতৰি