মুখ্যপৃষ্ঠা »খবৰ »অসম »Nagaon News : সংস্কৃত পণ্ডিত, শিক্ষাবিদ সত্ৰাধিকাৰ ঘনমোহন গোস্বামীৰ মহাপ্ৰয়াণ

Nagaon News : সংস্কৃত পণ্ডিত, শিক্ষাবিদ সত্ৰাধিকাৰ ঘনমোহন গোস্বামীৰ মহাপ্ৰয়াণ

সাহিত্য সভা, সত্ৰ মহাসভা আদি বিভিন্ন অনুষ্ঠানৰে জড়িত গোস্বামী এগৰাকী শিক্ষাবিদৰ সমান্তৰালভাৱে সংস্কৃতৰ পণ্ডিত ৰূপে জনপ্ৰিয় আছিল।

  • Share this:
নগাঁও জিলাৰ জনপ্ৰিয় ব্যক্তিত্ব, সংস্কৃত পণ্ডিত, শিক্ষাবিদ সত্ৰধিকাৰ ঘনমোহন গোস্বামীৰ দেওবাৰে পৰলোকপ্ৰাপ্তি হয়। ৮২ বছৰ বয়সত ইহলীলা সম্বৰণ কৰা গোস্বামী নগাঁও জিলাৰ হাতীচোং মৌজাৰ চকলাঘাটৰ খাটোৱাল গাঁৱৰ নিৱাসী আছিল।

খাটোৱাল গাঁৱৰ শ্ৰীশ্ৰী কছাৰীযোৱা সত্ৰত জন্মগ্ৰহণ কৰা ঘনমোহন গোস্বামীয়ে বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষকতা কৰাৰ পিছত চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰূপে অৱসৰ গ্ৰহণ কৰিছিল।

সাহিত্য সভা, সত্ৰ মহাসভা আদি বিভিন্ন অনুষ্ঠানৰে জড়িত গোস্বামী এগৰাকী শিক্ষাবিদৰ সমান্তৰালভাৱে সংস্কৃতৰ পণ্ডিত ৰূপে জনপ্ৰিয় আছিল। নাট্য সাহিত্য, কলাৰ প্ৰতি অনুৰাগী গোস্বামী আছিল এগৰাকী সুবক্তা তথা অভিনেতাও।

তেওঁৰ মৃত্যু নগাঁও তথা অসমীয়া সমাজ জীৱনৰ বাবে ডাঙৰ ক্ষতি বুলি নগাঁৱৰ বিশিষ্ট নাগৰিকসকলে মত ব্যক্ত কৰে। মৃত্যুৰ সময়ত গোস্বামীয়ে পত্নী, পুত্ৰ–বোৱাৰী, জীয়াৰী–জোঁৱাইকে ধৰি অসংখ্য গুণমুগ্ধক এৰি থৈ যায়।

শেহতীয়া বাতৰি