বটদ্ৰৱা কাণ্ডই জোঁকাৰি গৈছে সমগ্ৰ ৰাজ্য। আৰক্ষীৰ জিম্মাত এজন যুৱকৰ মৃত্যুৰ পিছতে একাংশ উন্মত্ত লোকে আৰক্ষীক মাৰপিট কৰাৰ লগতে জ্বলাই দিছিল বটদ্ৰৱা থানা। পেট্ৰ’ল ঢালি জ্বলাই দিয়া হৈছিল থানাখন। ইতিমধ্যে এই ঘটনাত জড়িতৰ অভিযোগত কেইবাজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
ভিডিঅ’ ফুটেজত দেখা গৈছে এগৰাকী কিশোৰীয়ে থানাত থকা বাইকত পেট্ৰ’ল ঢালিছিল আৰু আন এগৰাকী মহিলাই জুইশলা মাৰি অগ্নিসংযোগ কৰিছিল। তাৰ পিছতে চাৰখাৰ হৈ গৈছিল থানাখন।
ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে থানা জ্বলোৱা মহিলাগৰাকীৰ লগতে আন কেইবাগৰাকীকো। কিন্তু থানা জ্বলাবলৈ উচতনি দিছিল বটদ্ৰৱাত? আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কিশোৰীগৰাকীয়ে ইতিমধ্যে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে যে তেওঁক পেট্ৰ’ল ঢালিবলৈ কোৱা হৈছিল, সেইবাবেই ঢালিছিল। কোনে ঢালিব দিছিল সেয়া নাজানে।
কিন্তু আন এটা ভিডিঅ’ পোহৰলৈ অহাৰ পিছত থানা জ্বলোৱাত উচতনি দিয়াৰ সমগ্ৰ ঘটনা এতিয়া স্পষ্ট হৈ পৰিছে। শেহতীয়াকৈ পোহৰলৈ অহা এটা ভিডিঅ’ত থানা চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ থকাৰ সময়তে হাতে হাতে পেট্ৰ’লৰ বটল লৈ থকা দেখা গৈছে। ইয়াৰ মাজতে এজন যুৱকে থানা জ্বলাই দিবলৈ উচতনি দিছিল। এগৰাকী মহিলাক থানা জ্বলাই দিবলৈ নিৰ্দেশ দিছিল এই যুৱকজনে। তাৰ পিছতে মহিলাগৰাকীৰ লগতে পেট্ৰ’ল ঢলা কিশোৰীগৰাকী আগবাঢ়ি গৈছিল থানা জ্বলাবলৈ।
আৰক্ষীয়ে ইতিমধ্যে এছ আই টি গঠন কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। দেওবাৰে ডিজিপি ভাস্কৰজ্যোতি মহন্তয়ো ঘটনাৰ বুজ লৈ উচিত তদন্তৰ আশ্বাস প্ৰদান কৰে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 23, 2022, 14:09 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|