উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয়, সামাজিক, সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁওস্থিত মুখ্য কাৰ্যালয়ত বুধবাৰে এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।
সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে, ডিব্ৰুগড়ত ২০২১ৰ ফেব্ৰুৱাৰীৰ ৪,৫,৬ আৰু ৭ তাৰিখে অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯০ সংখ্যক কেন্দ্ৰীয় অধিবেশন বাতিল কৰা হৈছে। তদুপৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাথমিক, আঞ্চলিক আৰু জিলা শাখাৰ অধিৱেশন সমূহো বাতিল কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
অৱশ্যে সংঘৰ সংবিধান অনুযায়ী কাৰ্যনিৰ্বাহক গঠনৰ বিষয়ববীয়া বাছনি প্ৰক্ৰিয়া অব্যাহত থাকিব। ইপিনে, কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত নহয় যদিও প্ৰতিনিধি সভা বা বিশেষ প্ৰতিনিধি সভা আয়োজন কৰি নতুন সমিতিক কাৰ্যকাল হস্তান্তৰ কৰা হ’ব। একে প্ৰক্ৰিয়া প্ৰাথমিক, আঞ্চলিক, জিলা শাখাৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব।
প্ৰধান সম্পাদক বাবুল বৰাই লগতে কয় যে, ‘কৰোণা ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে সামাজিক ৰীতি-নীতি অনুসৰি গুৰু জয়ন্তীৰ বাদে সকলো কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই অনুসৰি সীমিত সংখ্যক ভকত বৈষ্ণৱৰ উপস্থিতত ২৬ ছেপ্তেম্বৰত সংঘৰ মূল, জিলা, আঞ্চলিক আৰু প্ৰাথমিক শাখাই গুৰু জয়ন্তী উৎসৱ পালন কৰিব। অবশ্যে সংঘৰ সেৱা বাহিনীৰ প্ৰতিষ্ঠা দিৱস ৮ অক্টোবৰত অনলাইন যোগে উদযাপন কৰা হ'ব।’
আজিৰ কাৰ্যনিৰ্বাহক সভাখনত সংঘৰ সকলো কাৰ্যনিৰ্বাহক, বিষয় ববীয়াৰ লগতে প্ৰায় অৰ্ধ শতাধিক জিলাৰ প্ৰতিনিধি উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|